--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশখনৰ তথ্য মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে এই কথা জনায়। কুনাৰ নদীত বান্ধ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে তালিবানৰ শীর্ষ নেতা মাৱলাৱী হিবাতুল্লা আখুন্দজাদাই

ডিজিটেল ডেস্ক : পাকিস্তানলৈ বৈ যোৱা নদীৰ সোঁত নিয়ন্ত্ৰণ কৰাৰ তথা উক্ত নদীত বান্ধ নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথা তালিবান শাসিত আফগানিস্তানে ঘোষণা কৰিছে। 


দেশখনৰ তথ্য মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে এই কথা জনায়। কুনাৰ নদীত বান্ধ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে তালিবানৰ শীর্ষ নেতা মাৱলাৱী হিবাতুল্লা আখুন্দজাদাই। 


মন্ত্ৰ্যালয়ৰ মতে, আখুন্দজাদাই জল আৰু শক্তি ম্যালয়ক উক্ত প্ৰকল্পৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰিবলৈ তথা দেশীয় কোম্পানীক কামৰ ঠিকা দিবলৈ নির্দেশ দিছে। উপ-তথ্য মন্ত্ৰী মুহাজেৰ ফাৰাহীয়ে সামাজিক মাধ্যম এক্সৰ প'ষ্টত কয়, 'বিদেশী কোম্পানীলৈ অপেক্ষা কৰি থকাতকৈ আফগান কোম্পানীক চুক্তিবদ্ধ কৰাবলৈ শীর্ষ নেতাজনে নির্দেশ দিছে।' 


উল্লেখযোগ্য যে ভাৰতৰ পহলগামত যোৱা ২২ এপ্রিলত পাকিস্তানস্থিত সন্ত্রাসবাদীয়ে ২৬ অসামৰিক লোকক হত্যা কৰাৰ পাছত ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্তৰ প্ৰতিধ্বনি ঘটিছে আফগানিস্তানৰ সিদ্ধান্তত। 


সিন্ধু জল চুক্তিৰ অধীনত পাকিস্তানে সিন্ধু, ঝিলাম আৰু চেনাব নদীৰ পানী পাই আছিল। ৪৮০ কিল'মিটাৰ দৈৰ্ঘ্যৰ কুনাৰ নদীখন ওলাইছে পাকিস্তান সীমান্তৰ সমীপৰ ব্ৰুঘিল পাছৰ ওচৰৰ হিন্দুকুশ পৰ্বতৰ পৰা। আফগানিস্তানৰ কুনাৰ আৰু নাংগাৰহাৰ প্রদেশেৰে দক্ষিণলৈ বৈ গৈ পাছত পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত ই প্ৰৱেশ কৰিছে। তাত ই জালালাবাদৰ সমীপত কাবুল নদীত লগ হৈছে। এই কাবুল নদীখন পাছত এতোকত সিন্ধু নদীৰ সৈতে লগ হৈছে। সেয়ে কুনাৰৰ পানী হ্রাস পালে পাকিস্তানত সিন্ধু নদীতো পানী হ্রাস পাব। এনে কাৰ্যই দেশখনৰ খাই বাৰ পাখতুনখোৱা আৰু পঞ্জাব প্রদেশত জলসিঞ্চন আৰু পানী যোগানত প্ৰভাৱ পেলাব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু