--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশখনৰ তথ্য মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে এই কথা জনায়। কুনাৰ নদীত বান্ধ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে তালিবানৰ শীর্ষ নেতা মাৱলাৱী হিবাতুল্লা আখুন্দজাদাই

ডিজিটেল ডেস্ক : পাকিস্তানলৈ বৈ যোৱা নদীৰ সোঁত নিয়ন্ত্ৰণ কৰাৰ তথা উক্ত নদীত বান্ধ নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথা তালিবান শাসিত আফগানিস্তানে ঘোষণা কৰিছে। 


দেশখনৰ তথ্য মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে এই কথা জনায়। কুনাৰ নদীত বান্ধ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে তালিবানৰ শীর্ষ নেতা মাৱলাৱী হিবাতুল্লা আখুন্দজাদাই। 


মন্ত্ৰ্যালয়ৰ মতে, আখুন্দজাদাই জল আৰু শক্তি ম্যালয়ক উক্ত প্ৰকল্পৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰিবলৈ তথা দেশীয় কোম্পানীক কামৰ ঠিকা দিবলৈ নির্দেশ দিছে। উপ-তথ্য মন্ত্ৰী মুহাজেৰ ফাৰাহীয়ে সামাজিক মাধ্যম এক্সৰ প'ষ্টত কয়, 'বিদেশী কোম্পানীলৈ অপেক্ষা কৰি থকাতকৈ আফগান কোম্পানীক চুক্তিবদ্ধ কৰাবলৈ শীর্ষ নেতাজনে নির্দেশ দিছে।' 


উল্লেখযোগ্য যে ভাৰতৰ পহলগামত যোৱা ২২ এপ্রিলত পাকিস্তানস্থিত সন্ত্রাসবাদীয়ে ২৬ অসামৰিক লোকক হত্যা কৰাৰ পাছত ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্তৰ প্ৰতিধ্বনি ঘটিছে আফগানিস্তানৰ সিদ্ধান্তত। 


সিন্ধু জল চুক্তিৰ অধীনত পাকিস্তানে সিন্ধু, ঝিলাম আৰু চেনাব নদীৰ পানী পাই আছিল। ৪৮০ কিল'মিটাৰ দৈৰ্ঘ্যৰ কুনাৰ নদীখন ওলাইছে পাকিস্তান সীমান্তৰ সমীপৰ ব্ৰুঘিল পাছৰ ওচৰৰ হিন্দুকুশ পৰ্বতৰ পৰা। আফগানিস্তানৰ কুনাৰ আৰু নাংগাৰহাৰ প্রদেশেৰে দক্ষিণলৈ বৈ গৈ পাছত পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত ই প্ৰৱেশ কৰিছে। তাত ই জালালাবাদৰ সমীপত কাবুল নদীত লগ হৈছে। এই কাবুল নদীখন পাছত এতোকত সিন্ধু নদীৰ সৈতে লগ হৈছে। সেয়ে কুনাৰৰ পানী হ্রাস পালে পাকিস্তানত সিন্ধু নদীতো পানী হ্রাস পাব। এনে কাৰ্যই দেশখনৰ খাই বাৰ পাখতুনখোৱা আৰু পঞ্জাব প্রদেশত জলসিঞ্চন আৰু পানী যোগানত প্ৰভাৱ পেলাব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ