--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • পেংগং হ্ৰদৰ পাৰত চীনৰ কুচক্ৰান্তৰ আশংকা পূৰ্বৰে পৰা কৰি অহা হৈছিল। শেহতীয়াকৈ কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটোৰ পৰা এই কথা নিশ্চিত কৰা হৈছে।

ডিজিটেল ডেস্ক : চীনে তিব্বতীয় অঞ্চলত পেংগং হ্ৰদৰ পূব পাৰত এটা নতুন প্ৰতিৰক্ষা প্রকল্প নিৰ্মাণ কৰিছে। এই প্রকল্পটো নিৰ্মাণৰ কাম প্রায় সম্পূর্ণ হৈছে। 


উল্লেখযোগ্য যে পেংগং হ্ৰদৰ পাৰত চীনৰ কুচক্ৰান্তৰ আশংকা পূৰ্বৰে পৰা কৰি অহা হৈছিল। শেহতীয়াকৈ কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটোৰ পৰা এই কথা নিশ্চিত কৰা হৈছে। 


কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্যত প্ৰকাশ পোৱা মতে, চীনে হৃদটোৰ পূৰ পাৰত নিৰ্মাণ কৰা 'এয়াৰ ডিফেন্স কমপ্লেক্স'ত সকলো ধৰণৰ সা-সুবিধা আছে। ইয়াত বায়ু সেনাৰ কমাণ্ড আৰু নিয়ন্ত্ৰণ ভৱনৰ লগতে বেৰেক, সামৰিক বাহন ৰখাৰ স্থান তথা অস্ত্র-শস্ত্ৰৰ ভাণ্ডাৰো নিৰ্মাণ কৰিছে। ইয়াৰ উপৰি আকাশ আৰু স্থলভাগৰ পৰা নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰে সজ্জিত বাহন গোপনে মোতায়েন কৰাৰো ব্যৱস্থা কৰা হৈছে। 


ইণ্ডিয়া টুডেত প্রকাশ পোৱা এই বাতৰিটোত কোৱা হৈছে যে চীনে হ্ৰদটোৰ পূব পাৰত এই সামৰিক প্ৰকল্পৰ নিৰ্মাণকাৰ্য দ্রুত গতিত চলাই আছে আৰু অচিৰেই ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে। ইয়াত আনকি শক্তিশালী ৰাডাৰ স্থাপনৰো সুবিধা ৰখা হৈছে। উক্ত বাতৰিটোত উল্লেখ কৰা মতে, কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্যত এই বুলি প্রকাশ পাইছে যে বায়ু সেনাৰ এই বিশাল প্রকল্পটো গলৱান উপত্যকাৰ পৰা মাত্র ১১০ কিল'মিটাৰ আঁতৰত নিৰ্মাণ কৰি থকা হৈছে। 


উল্লেখযোগ্য যে গলৱান উপত্যকাত ২০২০ চনৰ জুনত চীন আৰু ভাৰতৰ সৈনিকৰ মাজত হোৱা সংঘৰ্ষত কেইবাজনো জোৱান হতাহত হৈছিল। বাতৰিটোত উল্লেখ কৰা মতে এই প্রকল্পটোত সম্পূৰ্ণৰূপে ঢাকি ৰখা ক্ষেপণাস্ত্র উৎক্ষেপণ কৰিব পৰা স্থানো (মিছাইল লান্স পজিশ্যন) নির্মাণ কৰা হৈছে আৰু ইয়াত সম্ভৱতঃ সহজে খুলিব পৰা ছালি (শ্লাইডিং ৰুফ) লগোৱা হৈছে যাতে ট্রেন্সপৰ্টাৰ ইৰেক্টৰ লান্সাৰ (টিই এল) বাহন মোতায়েন কৰিব পাৰি, চালি আঁতৰাই ক্ষেপণাস্ত্র ওপৰলৈ উঠাব পাৰি আৰু নিক্ষেপ কৰিব পাৰি। 


প্ৰতিৰক্ষা বিশেষজ্ঞসকলে প্রকাশ কৰা মতে এই বায়ু সেনাৰ প্ৰকল্পটোত চীনৰ দীৰ্ঘ দূৰত্বৰ স্থলভাগৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা এইচ কিউ-৯ ক্ষেপণাস্ত্র প্রণালী আনৰ চকুত নপৰাকৈ ৰাখিব পৰাকৈ নির্মাণকার্য চলাই থকা হৈছে। এনে ধৰণৰ প্ৰকল্পৰ ডিজাইন প্রথমে চিনাক্ত কৰিছিল আমেৰিকাৰ ভু-চোৰাংচোৱা কোম্পানী অলছ'র্চ এনলাইছিছৰ গৱেষকসকলে। 


তেওঁলোকৰ মতে এনেধৰণৰ প্ৰকল্প গাৰ কাউন্টিতো আছে। এই অঞ্চলটো প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা প্রায় ৬৫ কিল'মিটাৰ আঁতৰত। এই অঞ্চলটো ভাৰতে অলপতে উন্নীত কৰা নিউমা এয়াৰফিল্ডৰ একেবাৰে সন্মুখত। 


এই প্রতিবেদনখন প্রস্তুত কৰা হৈছে আমেৰিকাৰ ভাণ্টৰ নামৰ কোম্পানীৰ কৃত্ৰিম উপগ্ৰহ দিয়া তথ্যৰ ভিত্তিত। ক্ষেপণাস্ত্র নিক্ষেপ কৰিব পৰা নিৰ্মাণ কৰা স্থানত শ্লাইডিং ৰুফ ব্যৱহাৰৰ কৰা তথ্য এই কোম্পানীটোৰ কৃত্রিম উপগ্রহই দিয়ে। ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ সুবিধা থকা স্থানো যথেষ্ট আহল-বহল আৰু ইয়াত দুখন বাহন সহজে ৰাখিব পৰা যায়। 


যোৱা ২৯ ছেপ্টেম্বৰত কৃত্রিম উপগ্রহই তোলা ফটোত দেখা পোৱা মতে, গাৰ কাউন্টিৰ কমেও এটা ক্ষেপণাস্ত্র উৎক্ষেপণস্থলীৰ ওপৰৰ চালি খোলা আছিল। প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত প্ৰথমবাৰৰ বাবে এনে ধৰণৰ উৎক্ষেপণ স্থান প্ৰথমবাৰৰ দেখা পোৱা গৈছে। অৱশ্যে দক্ষিণ চীন সাগৰৰ বিবদমান এলেকাত চীনে ইতিমধ্যে এনে ধৰণৰ ক্ষেপণাস্ত্র উৎক্ষেপণস্থলী নিৰ্মাণ কৰিছে



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement