--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পেংগং হ্ৰদৰ পাৰত চীনৰ কুচক্ৰান্তৰ আশংকা পূৰ্বৰে পৰা কৰি অহা হৈছিল। শেহতীয়াকৈ কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটোৰ পৰা এই কথা নিশ্চিত কৰা হৈছে।

ডিজিটেল ডেস্ক : চীনে তিব্বতীয় অঞ্চলত পেংগং হ্ৰদৰ পূব পাৰত এটা নতুন প্ৰতিৰক্ষা প্রকল্প নিৰ্মাণ কৰিছে। এই প্রকল্পটো নিৰ্মাণৰ কাম প্রায় সম্পূর্ণ হৈছে। 


উল্লেখযোগ্য যে পেংগং হ্ৰদৰ পাৰত চীনৰ কুচক্ৰান্তৰ আশংকা পূৰ্বৰে পৰা কৰি অহা হৈছিল। শেহতীয়াকৈ কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটোৰ পৰা এই কথা নিশ্চিত কৰা হৈছে। 


কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্যত প্ৰকাশ পোৱা মতে, চীনে হৃদটোৰ পূৰ পাৰত নিৰ্মাণ কৰা 'এয়াৰ ডিফেন্স কমপ্লেক্স'ত সকলো ধৰণৰ সা-সুবিধা আছে। ইয়াত বায়ু সেনাৰ কমাণ্ড আৰু নিয়ন্ত্ৰণ ভৱনৰ লগতে বেৰেক, সামৰিক বাহন ৰখাৰ স্থান তথা অস্ত্র-শস্ত্ৰৰ ভাণ্ডাৰো নিৰ্মাণ কৰিছে। ইয়াৰ উপৰি আকাশ আৰু স্থলভাগৰ পৰা নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰে সজ্জিত বাহন গোপনে মোতায়েন কৰাৰো ব্যৱস্থা কৰা হৈছে। 


ইণ্ডিয়া টুডেত প্রকাশ পোৱা এই বাতৰিটোত কোৱা হৈছে যে চীনে হ্ৰদটোৰ পূব পাৰত এই সামৰিক প্ৰকল্পৰ নিৰ্মাণকাৰ্য দ্রুত গতিত চলাই আছে আৰু অচিৰেই ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে। ইয়াত আনকি শক্তিশালী ৰাডাৰ স্থাপনৰো সুবিধা ৰখা হৈছে। উক্ত বাতৰিটোত উল্লেখ কৰা মতে, কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্যত এই বুলি প্রকাশ পাইছে যে বায়ু সেনাৰ এই বিশাল প্রকল্পটো গলৱান উপত্যকাৰ পৰা মাত্র ১১০ কিল'মিটাৰ আঁতৰত নিৰ্মাণ কৰি থকা হৈছে। 


উল্লেখযোগ্য যে গলৱান উপত্যকাত ২০২০ চনৰ জুনত চীন আৰু ভাৰতৰ সৈনিকৰ মাজত হোৱা সংঘৰ্ষত কেইবাজনো জোৱান হতাহত হৈছিল। বাতৰিটোত উল্লেখ কৰা মতে এই প্রকল্পটোত সম্পূৰ্ণৰূপে ঢাকি ৰখা ক্ষেপণাস্ত্র উৎক্ষেপণ কৰিব পৰা স্থানো (মিছাইল লান্স পজিশ্যন) নির্মাণ কৰা হৈছে আৰু ইয়াত সম্ভৱতঃ সহজে খুলিব পৰা ছালি (শ্লাইডিং ৰুফ) লগোৱা হৈছে যাতে ট্রেন্সপৰ্টাৰ ইৰেক্টৰ লান্সাৰ (টিই এল) বাহন মোতায়েন কৰিব পাৰি, চালি আঁতৰাই ক্ষেপণাস্ত্র ওপৰলৈ উঠাব পাৰি আৰু নিক্ষেপ কৰিব পাৰি। 


প্ৰতিৰক্ষা বিশেষজ্ঞসকলে প্রকাশ কৰা মতে এই বায়ু সেনাৰ প্ৰকল্পটোত চীনৰ দীৰ্ঘ দূৰত্বৰ স্থলভাগৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা এইচ কিউ-৯ ক্ষেপণাস্ত্র প্রণালী আনৰ চকুত নপৰাকৈ ৰাখিব পৰাকৈ নির্মাণকার্য চলাই থকা হৈছে। এনে ধৰণৰ প্ৰকল্পৰ ডিজাইন প্রথমে চিনাক্ত কৰিছিল আমেৰিকাৰ ভু-চোৰাংচোৱা কোম্পানী অলছ'র্চ এনলাইছিছৰ গৱেষকসকলে। 


তেওঁলোকৰ মতে এনেধৰণৰ প্ৰকল্প গাৰ কাউন্টিতো আছে। এই অঞ্চলটো প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা প্রায় ৬৫ কিল'মিটাৰ আঁতৰত। এই অঞ্চলটো ভাৰতে অলপতে উন্নীত কৰা নিউমা এয়াৰফিল্ডৰ একেবাৰে সন্মুখত। 


এই প্রতিবেদনখন প্রস্তুত কৰা হৈছে আমেৰিকাৰ ভাণ্টৰ নামৰ কোম্পানীৰ কৃত্ৰিম উপগ্ৰহ দিয়া তথ্যৰ ভিত্তিত। ক্ষেপণাস্ত্র নিক্ষেপ কৰিব পৰা নিৰ্মাণ কৰা স্থানত শ্লাইডিং ৰুফ ব্যৱহাৰৰ কৰা তথ্য এই কোম্পানীটোৰ কৃত্রিম উপগ্রহই দিয়ে। ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ সুবিধা থকা স্থানো যথেষ্ট আহল-বহল আৰু ইয়াত দুখন বাহন সহজে ৰাখিব পৰা যায়। 


যোৱা ২৯ ছেপ্টেম্বৰত কৃত্রিম উপগ্রহই তোলা ফটোত দেখা পোৱা মতে, গাৰ কাউন্টিৰ কমেও এটা ক্ষেপণাস্ত্র উৎক্ষেপণস্থলীৰ ওপৰৰ চালি খোলা আছিল। প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত প্ৰথমবাৰৰ বাবে এনে ধৰণৰ উৎক্ষেপণ স্থান প্ৰথমবাৰৰ দেখা পোৱা গৈছে। অৱশ্যে দক্ষিণ চীন সাগৰৰ বিবদমান এলেকাত চীনে ইতিমধ্যে এনে ধৰণৰ ক্ষেপণাস্ত্র উৎক্ষেপণস্থলী নিৰ্মাণ কৰিছে



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু