--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জাপানৰ লৌহ মানৱীৰূপে খ্যাত টাকাইচিয়ে আজি দেশখনৰ ১০৪সংখ্যক প্রধানমন্ত্রীৰূপে শপত গ্রহণ কৰে।

ডিজিটেল ডেস্কঃ জাপানৰ শাসনত থকা লিবাৰেল ডেমক্রেটিক পার্টিৰ (এল ডি পি) নেত্রী ছানায়ে টাকাইচিক দেশখনৰ সংসদৰ নিম্ন সদনে প্রধানমন্ত্রীৰূপে নির্বাচিত কৰে। জাপানৰ প্ৰধানমন্ত্ৰীৰ পদ গ্রহণ কৰা টাকাইচি প্রথমগৰাকী মহিলা।


দেশখনৰ নিম্ন সদনে আজি তেওঁক ২৩৭-১৪৯টা ভোটৰ ব্যৱধানত প্রধানমন্ত্রী নিৰ্বাচিত কৰে। ইয়াৰ পাছত দেশখনৰ সংসদৰ উচ্চ সদনেও টাকাইচিক প্রধানমন্ত্রীৰূপে নির্বাচিত কৰে। উচ্চ সদনত তেওঁ প্রথম পৰ্যায়ত এটা ভোটৰ বাবে সংখ্যাগৰিষ্ঠতা পোৱা নাছিল, কিন্তু দ্বিতীয় পৰ্যায়ৰ ভোটত তেওঁ ১২৫-৩৭টা ভোটৰ ব্যৱধানত জয়ী হয়। তেওঁ এটা কম শক্তিশলী মর্চাক লগত লৈ প্রধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰে।


টাকাইচি দেশখনৰ প্ৰয়াত প্রধানমন্ত্রী শ্বিঞ্জো আবেইৰ সমৰ্থক। তেওঁ দেশত এক শক্তিশালী সেনা, শক্তিশালী প্রব্রজন নীতি আৰু জাপানৰ শান্তিবাদী সংবিধানৰ সংশোধনৰ সমৰ্থন কৰি আহিছে। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে তেওঁ এল ডি এফৰ নেত্ৰী নির্বাচিত কৰা হয়। টাকাইচিয়ে ২০২১ আৰু ২০২৪ চনতো প্রধানমন্ত্রী পদ গ্ৰহণৰ চেষ্টা কৰিছিল, কিন্তু দুয়োবাৰেই তেওঁ ইয়াৰ বাবে প্রয়োজন হোৱা সাংসদৰ সমৰ্থন গোটাব পৰা নাছিল। টাকাইচিয়ে শ্বিগেৰু ইশ্বিবাৰ স্থান ল'ব।


দেশখনত মূল্য বৃদ্ধিৰ বাবে ক্ষোভৰ সৃষ্টি হোৱা আৰু বিৰোধী পক্ষৰ প্ৰতি সমর্থন বৃদ্ধি পোৱাৰ সময়তে তেওঁ জাপানৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে। তেওঁ দেশখনত পুৰুষ ৰজাৰ সমর্থক আৰু ৰাণীয়ে পদ গ্রহণ কৰি দেশ শাসন কৰাৰ বিৰোধী। তেওঁ জাপান আৰু আমেৰিকাৰ মাজত আগষ্টত হোৱা বাণিজ্য চুক্তিৰ বিৰোধিতা কৰি কয় যে এই সম্পর্কত পুনৰ আলোচনা আৰম্ভ কৰা হ'ব। জাপানৰ লৌহ মানৱীৰূপে খ্যাত টাকাইচিয়ে আজি দেশখনৰ ১০৪সংখ্যক প্রধানমন্ত্রীৰূপে শপত গ্রহণ কৰে। উল্লেখযোগ্য যে টাকাইচি দেশখনৰ যোৱা পাঁচ বছৰত চতুৰ্থগৰাকী প্রধানমন্ত্রী।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ