--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আহান পাণ্ডে অভিনিত ছাইয়াৰাই মাত্ৰ ১০ দিনত ২৪৮
  • ৪৩ কোটি টকা উপাৰ্জন কৰিছে আৰু সপ্তাহৰ শেষলৈকে ৩০০ কোটি অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক :অভিলেখ ভংগকাৰী প্ৰথম ছবি ছাইয়াৰাৰ জৰিয়তে বলীউডত নিজকে প্ৰতিষ্ঠা কৰা অনীত পদ্দা পৰৱৰ্তী অ'টি টি লৈ যাব। শেহতীয়া কৈ অনুৰাগীৰ মাজত বিশেষ ভাৱে চৰ্চিত হৈ পৰা ছবি হ'ল ছাইয়াৰা। বৰ্তমান চিনেমা গৃহত দৰ্শকে ভিৰ কৰিছে ছাইয়াৰাৰ বাবে ।


বিশেষকৈ ছবিগৃহত লাভ কৰা বিপুল সফলতাৰ পিছত অনীতৰ একাংশ অনুৰাগীয়ে হতাশ হৈ পৰিছে যদিও উদ্যোগটোৰ ভিতৰৰ লোকসকলে আশ্বাস দিছে যে এই প্ৰকল্পটোৱে তেওঁৰ “ডাঙৰ পৰ্দাৰ নায়িকা” হিচাপে বৃদ্ধি পোৱা উচ্চতাত কোনো প্ৰভাৱ পেলোৱা নাই।


আহান পাণ্ডে অভিনিত ছাইয়াৰাই মাত্ৰ ১০ দিনত ২৪৮.৪৩ কোটি টকা উপাৰ্জন কৰিছে আৰু সপ্তাহৰ শেষলৈকে ৩০০ কোটি অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।


নিত্যা মেহৰাৰ দ্বাৰা পৰিচালিত আৰু কৰণ কাপাদিয়াৰ সৈতে প্ৰযোজনা কৰা ন্যায়া হৈছে বাস্তৱ পৰিঘটনাৰ আধাৰত নিৰ্মিত কাল্পনিক ধাৰাবাহিক। বাস্তৱ জীৱনৰ ঘটনাৰ আধাৰত নিৰ্মিত ধাৰাবাহিক ন্যায়াত ফাতিমা ছানা শ্বেইখ আৰু অৰ্জুন মাথুৰৰ সৈতে অভিনয় কৰিব অনীতে।


এক প্ৰতিবেদন অনুসৰি যোৱা বছৰ এই ৱেব ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল আৰু অতি সোনকালে ইয়াৰ প্ৰিমিয়াৰ হ’ব অ’টিটিৰ এটা ডাঙৰ প্লেটফৰ্মত।

বিশ্বাস আৰু আইনৰ জটিলতাৰ বিষয়ে ই এক আকৰ্ষণীয় কাহিনী হ’ব বুলি প্ৰতিশ্ৰুতি দিছে।


 প্ৰতিবেদনত কোৱা হৈছে যে ফাতিমাই ন্যায়ত এগৰাকী দৃঢ়প্ৰতিজ্ঞ আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে অনীতে এজন শক্তিশালী আধ্যাত্মিক নেতাৰ যৌন নিৰ্যাতনৰ পিছত ন্যায়ৰ বাবে যুঁজি থকা এগৰাকী ১৭ বছৰীয়া ছোৱালীৰ ভূমিকা গ্ৰহণ কৰিছে।


অৱশ্যে যশ ৰাজ ফিল্মছৰ ছাইয়াৰাক চুক্তিবদ্ধ কৰাৰ পূৰ্বেই ন্যায়া ৰ শ্বুটিং সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে।



অনুৰাগীসকলৰ আনন্দৰ বিষয় যে চলচ্চিত্ৰ উদ্যোগৰ সূত্ৰই অনীত পদ্দাক “ডাঙৰ পৰ্দাৰ নায়িকা” বুলি অভিহিত কৰিছে আৰু কয় যে তেওঁৰ অ’টিটি প্ৰজেক্টে তেওঁৰ কেৰিয়াৰৰ গতিপথৰ ওপৰত কোনো প্ৰভাৱ নেপেলাই ।


ছাইয়াৰা ৪০০ কোটি টকাৰ উপাৰ্জনৰ দিশে গতি কৰাৰ বাবে ৱাই আৰ এফে অনীতক বলীউডৰ নতুন প্ৰজন্মৰ তাৰকাৰ মুখ হিচাপে স্থান দিয়াৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ