--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৩ ছেপ্তেম্বৰত যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে অৰুণ নাথক প্ৰদান কৰিব এই বঁটা৷

ডিজিটেল ডেস্কঃ অসমৰ বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা।  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবছৰে প্ৰদান কৰি অহা ভবেন বৰুৱা বঁটা এই বৰ্ষত প্ৰদান কৰা হ'ব অৰুণ নাথক৷


৩ ছেপ্তেম্বৰত যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰদান কৰিব এই বঁটা৷


যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অহা ১ ছেপ্তেম্বৰৰ পৰা চাৰি দিনীয়াকৈ নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হ'বলগীয়া সপ্তদশ বাৰ্ষিক সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি ৩ ছেপ্তেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথক এই বঁটা প্ৰদান কৰা হ'ব৷


উল্লেখ্য যে ২৮ মে' ১৯৫২ত তেজপুৰত অৰুণ নাথৰ জন্ম হৈছিল। ১৯৭৩ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লয়। সৰুৰে পৰা তেওঁ অভিনয়ত জড়িত হৈ পৰিছিল। প্ৰথমে মঞ্চাভিনয়ৰ লগত জড়িত নাথে 'বহাগৰ দুপৰীয়া' ছবিখনৰ যোগেদি চিনেমা জগতত ভূমুকি মাৰে। পঞ্চাশখনৰো অধিক অসমীয়া ছবিত তেওঁ অভিনয় কৰে। 


বহাগৰ দুপৰীয়া, কোলাহল, সাৰথি, অথেলো , অগ্নিস্নান আদি তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবি। তেওঁ বহুকেইখন টেলিফিল্ম, দূৰদৰ্শনৰ ধাৰাবাহিকৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে। অভিনয় জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ভবেন বৰুৱা বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত লোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ