--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৩ ছেপ্তেম্বৰত যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে অৰুণ নাথক প্ৰদান কৰিব এই বঁটা৷

ডিজিটেল ডেস্কঃ অসমৰ বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা।  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবছৰে প্ৰদান কৰি অহা ভবেন বৰুৱা বঁটা এই বৰ্ষত প্ৰদান কৰা হ'ব অৰুণ নাথক৷


৩ ছেপ্তেম্বৰত যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰদান কৰিব এই বঁটা৷


যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অহা ১ ছেপ্তেম্বৰৰ পৰা চাৰি দিনীয়াকৈ নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হ'বলগীয়া সপ্তদশ বাৰ্ষিক সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি ৩ ছেপ্তেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথক এই বঁটা প্ৰদান কৰা হ'ব৷


উল্লেখ্য যে ২৮ মে' ১৯৫২ত তেজপুৰত অৰুণ নাথৰ জন্ম হৈছিল। ১৯৭৩ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লয়। সৰুৰে পৰা তেওঁ অভিনয়ত জড়িত হৈ পৰিছিল। প্ৰথমে মঞ্চাভিনয়ৰ লগত জড়িত নাথে 'বহাগৰ দুপৰীয়া' ছবিখনৰ যোগেদি চিনেমা জগতত ভূমুকি মাৰে। পঞ্চাশখনৰো অধিক অসমীয়া ছবিত তেওঁ অভিনয় কৰে। 


বহাগৰ দুপৰীয়া, কোলাহল, সাৰথি, অথেলো , অগ্নিস্নান আদি তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবি। তেওঁ বহুকেইখন টেলিফিল্ম, দূৰদৰ্শনৰ ধাৰাবাহিকৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে। অভিনয় জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ভবেন বৰুৱা বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত লোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু