--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৃহস্পতিবাৰে বাজপেয়ী ভৱনত আগন্তুক নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰাৰ সন্দর্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

ডিজিটেল ডেস্ক : বিধানসভাৰ নিৰ্বাচনলৈ টঙালি বান্ধিছে বিজেপিয়ে। বৃহস্পতিবাৰে বাজপেয়ী ভৱনত আগন্তুক নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰাৰ সন্দর্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। 


মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াসহ দলৰ শীর্ষ নেতাসকলৰ উপস্থিতত অনুষ্ঠিত এই বৈঠকত মিত্রতা, প্ৰচাৰ, প্ৰাৰ্থিত্ব প্রদান আদি বহুকেইটা বিষয়ত আলোচনা কৰা হয়। আনহাতে, অহা ১৭ জানুৱাৰীত অসমলৈ আহিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ২৯ জানুৱাৰীত আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সন্দর্ভতো বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়।


বৈঠকৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রার্থিত্ব প্রদানৰ সন্দৰ্ভত কয়, 'প্রতিজন বিধায়কে যে টিকট পাব তাৰ নিশ্চয়তা নাই। বিধায়কৰ পাৰদৰ্শিতা তথা জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি টিকট প্রদান কৰা হ'ব।' বিজেপিৰ এজনো বিধায়কক ৰাইজে বেয়া নাপায় বুলি জনাই তেওঁ লগতে কয় যে এইবাৰ বিজেপিৰ বিৰুদ্ধে কোনো প্রতিষ্ঠান বিৰোধী ঢৌ নাই। ক'তো বিজেপিৰ বিধায়কৰ বিৰুদ্ধে কোনেও এটা অভিযোগ দিয়া নাই। এনে পৰিস্থিতিত এইবাৰ আমাৰ বিধায়কৰ প্ৰাৰ্থিত্ব কর্তনত সমস্যা হ'ব। কিয়নো সকলো বিধায়কৰে পাৰদৰ্শিতা ভাল দেখা পাইছোঁ। 


আনহাতে, নতুনকৈ গঠন হোৱা ২২টা সমষ্টিত নতুন মুখে প্রার্থিত্ব পাব বুলি জনাই তেওঁ লগতে কয় যে কেনেবাকৈ দহজন বিধায়কৰ প্রাৰ্থিত্ব কৰ্তন হ'লে নতুন মুখৰ সংখ্যা ৩২লৈ বৃদ্ধি পাব। ইফালে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা পাঁচ জানুৱাৰীৰ পৰা বিজেপিয়ে ৰাজ্যজুৰি পদুম ফুলৰ চিহ্নটো দেৱালত অংকন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে একপ্ৰকাৰে বিজেপি নির্বাচনৰ বাবে সাজু হৈছে। আনহাতে, বড়োলেণ্ডত কাৰ সৈতে মিত্ৰতা কৰা হ'ব সেই সন্দৰ্ভত কালি দীঘলীয়াকৈ আলোচনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।


তেওঁ কয়, 'বি টি এ ডিত থকাসকলৰ সৈতেও আলোচনা চলি আছে। সকলোকে লগত লৈ চলাৰ এক ৰাস্তা বিচাৰি আছোঁ। একেদৰে বিজেপিৰ সৈতে অগপই মিত্ৰতাৰে নির্বাচন খেলিব বুলি জনাই তেওঁ কয় যে আমি সকলোৱে তেওঁলোকৰ দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে কথা পাতি আছোঁ। কোনোবা এদিন ঘোষণাটো কৰা হ'ব। কংগ্ৰেছৰ দৰে আমাৰ মাজত কোনো বৈঠক নহয়। একেবাৰে শেষত এদিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। তিনি মাহৰ পৰা কোনে কেইটা সমষ্টিত খেলিব তাৰ আলোচনা মন্ত্রী পর্যায়ত চলি আছে বুলি জনাই তেওঁ লগতে কয় যে অগপ এটা নিজা স্বতন্ত্র দল। তেওঁলোকৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই। তেওঁলোকে মিত্রতা নিবিচাৰিলে এশটা সমষ্টিতে প্রার্থিত্ব দিব পাৰিব। কিন্তু বিজেপিৰ সৈতে মিত্ৰতা কৰিলে কথাটো বেলেগ হ'ব। তেতিয়া আসনৰ বুজাবুজি হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ