--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৫ বর্ষ অন্ত পৰোঁ পৰোঁ হোৱাৰ সময়তে মর্নিং কনছাল্টে ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰৰ ভিতৰত সংগ্ৰহ কৰা ৰাজহুৱা মতে বিশ্বৰ বিভিন্ন নেতাৰ জনপ্ৰিয়তাৰ উত্থান-পতনৰ কথা প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক: বিশ্বত অব্যাহত থকা ভূ-ৰাজনৈতিক আৰু অর্থনৈতিক অনিশ্চয়তাৰ মাজত বিশ্বৰ নেতাসকলৰ বিষয়ে জনসাধাৰণৰ মতামত জনাৰ বাবে চলোৱা এক সমীক্ষাত জনপ্রিয়তাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ ভিতৰত শীর্ষস্থান লাভ কৰিছে।


২০২৫ বর্ষ অন্ত পৰোঁ পৰোঁ হোৱাৰ সময়তে মর্নিং কনছাল্টে ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰৰ ভিতৰত সংগ্ৰহ কৰা ৰাজহুৱা মতে বিশ্বৰ বিভিন্ন নেতাৰ জনপ্ৰিয়তাৰ উত্থান-পতনৰ কথা প্রকাশ কৰিছে। এই জনপ্ৰিয়তাৰ তালিকাৰ শীৰ্ষত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (পছন্দৰ হাৰ ৭১ শতাংশ)। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি (৬১ শতাংশ) দ্বিতীয় স্থানলৈ উন্নীত হৈছে। তেওঁৰ পাছতে তৃতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে-মিয়ং (৫৬ শতাংশ)।


আনহাতে, পূর্বে দ্বিতীয় স্থানত থকা আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়েৰ মিলেইৰ জনপ্রিয়তা চতুর্থ স্থানলৈ (৫৫ শতাংশ) আৰু পূর্বে তৃতীয় স্থানত থকা ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰিন কেলাৰ-ছুটাৰৰ জনপ্রিয়তা অষ্টম স্থানলৈ (৪৩ শতাংশ) অৱনমিত হৈছে। ইউৰোপীয় নেতাসকলৰ জনপ্রিয়তাও হ্রাস পাইছে। ফ্ৰান্সৰ ইমানুৱেল মেক্ৰন আছে অন্তিম স্থানত। তেওঁৰ ৰাজহুৱা পচন্দৰ হাৰ আটাইতকৈ কম আৰু অপচন্দৰ হাৰ প্রায় ৮০ শতাংশ। ব্রিটেইনৰ (ইউ কে) প্রধানমন্ত্রী কীয়েৰ ষ্টাৰমাৰ, জার্মানিৰ চেন্সেলৰ ফ্ৰিডৰিক মাৰ্জ আৰু কেইবাজনো নর্ডিক নেতাৰো পচন্দৰ হাৰ ৩০ শতাংশ বা তাতকৈ কম। এই তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ বিশ্বৰ ভিতৰত সৰ্বাধিক জনপ্রিয় নেতাৰ স্থানতে থাকিল। ৭১ শতাংশ পচন্দৰ হাৰেৰে মোদী বিশ্বৰ আন আন নেতাৰ পৰা যথেষ্ট আগত থাকিল।


অৱশ্যে, জানুৱাৰীত তেওঁ লাভ কৰা ৭৫ শতাংশ পচন্দৰ হাৰৰ পৰা তেওঁৰ জনপ্রিয়তা কিছু হ্রাস পালে। মোদীৰ অপচন্দৰ হাৰ হৈছে ২২ শতাংশ। পুনৰ নিৰ্বাচিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ জনপ্রিয়তা জানুৱাৰীৰ পঞ্চম স্থানৰ পৰা ডিচেম্বৰত নৱম স্থানলৈ (৪৩ শতাংশ) অৱনমিত হ'ল। ইফালে, ইটালিৰ প্ৰধানমন্ত্ৰীৰ জর্জিয়া মেলনীৰ জনপ্রিয়তা দহটা স্থানৰ পৰা অৱনমিত হৈ একাদশ স্থানলৈ আহিল। এই তালিকাৰ পঞ্চম স্থানত আছে কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কার্নী (৪৮ শতাংশ), ষষ্ঠ স্থান অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনী এলবেনিজ (৪৭ শতাংশ) আৰু সপ্তম স্থানত আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাউম (৪৫ শতাংশ)। দশম স্থানত আছে ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ' লুলা ডা ছিলভা (৪২ শতাংশ)।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু