--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৫ বর্ষ অন্ত পৰোঁ পৰোঁ হোৱাৰ সময়তে মর্নিং কনছাল্টে ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰৰ ভিতৰত সংগ্ৰহ কৰা ৰাজহুৱা মতে বিশ্বৰ বিভিন্ন নেতাৰ জনপ্ৰিয়তাৰ উত্থান-পতনৰ কথা প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক: বিশ্বত অব্যাহত থকা ভূ-ৰাজনৈতিক আৰু অর্থনৈতিক অনিশ্চয়তাৰ মাজত বিশ্বৰ নেতাসকলৰ বিষয়ে জনসাধাৰণৰ মতামত জনাৰ বাবে চলোৱা এক সমীক্ষাত জনপ্রিয়তাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ ভিতৰত শীর্ষস্থান লাভ কৰিছে।


২০২৫ বর্ষ অন্ত পৰোঁ পৰোঁ হোৱাৰ সময়তে মর্নিং কনছাল্টে ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰৰ ভিতৰত সংগ্ৰহ কৰা ৰাজহুৱা মতে বিশ্বৰ বিভিন্ন নেতাৰ জনপ্ৰিয়তাৰ উত্থান-পতনৰ কথা প্রকাশ কৰিছে। এই জনপ্ৰিয়তাৰ তালিকাৰ শীৰ্ষত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (পছন্দৰ হাৰ ৭১ শতাংশ)। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি (৬১ শতাংশ) দ্বিতীয় স্থানলৈ উন্নীত হৈছে। তেওঁৰ পাছতে তৃতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে-মিয়ং (৫৬ শতাংশ)।


আনহাতে, পূর্বে দ্বিতীয় স্থানত থকা আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়েৰ মিলেইৰ জনপ্রিয়তা চতুর্থ স্থানলৈ (৫৫ শতাংশ) আৰু পূর্বে তৃতীয় স্থানত থকা ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰিন কেলাৰ-ছুটাৰৰ জনপ্রিয়তা অষ্টম স্থানলৈ (৪৩ শতাংশ) অৱনমিত হৈছে। ইউৰোপীয় নেতাসকলৰ জনপ্রিয়তাও হ্রাস পাইছে। ফ্ৰান্সৰ ইমানুৱেল মেক্ৰন আছে অন্তিম স্থানত। তেওঁৰ ৰাজহুৱা পচন্দৰ হাৰ আটাইতকৈ কম আৰু অপচন্দৰ হাৰ প্রায় ৮০ শতাংশ। ব্রিটেইনৰ (ইউ কে) প্রধানমন্ত্রী কীয়েৰ ষ্টাৰমাৰ, জার্মানিৰ চেন্সেলৰ ফ্ৰিডৰিক মাৰ্জ আৰু কেইবাজনো নর্ডিক নেতাৰো পচন্দৰ হাৰ ৩০ শতাংশ বা তাতকৈ কম। এই তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ বিশ্বৰ ভিতৰত সৰ্বাধিক জনপ্রিয় নেতাৰ স্থানতে থাকিল। ৭১ শতাংশ পচন্দৰ হাৰেৰে মোদী বিশ্বৰ আন আন নেতাৰ পৰা যথেষ্ট আগত থাকিল।


অৱশ্যে, জানুৱাৰীত তেওঁ লাভ কৰা ৭৫ শতাংশ পচন্দৰ হাৰৰ পৰা তেওঁৰ জনপ্রিয়তা কিছু হ্রাস পালে। মোদীৰ অপচন্দৰ হাৰ হৈছে ২২ শতাংশ। পুনৰ নিৰ্বাচিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ জনপ্রিয়তা জানুৱাৰীৰ পঞ্চম স্থানৰ পৰা ডিচেম্বৰত নৱম স্থানলৈ (৪৩ শতাংশ) অৱনমিত হ'ল। ইফালে, ইটালিৰ প্ৰধানমন্ত্ৰীৰ জর্জিয়া মেলনীৰ জনপ্রিয়তা দহটা স্থানৰ পৰা অৱনমিত হৈ একাদশ স্থানলৈ আহিল। এই তালিকাৰ পঞ্চম স্থানত আছে কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কার্নী (৪৮ শতাংশ), ষষ্ঠ স্থান অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনী এলবেনিজ (৪৭ শতাংশ) আৰু সপ্তম স্থানত আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাউম (৪৫ শতাংশ)। দশম স্থানত আছে ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ' লুলা ডা ছিলভা (৪২ শতাংশ)।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ