--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমৰ কংগ্ৰেছ প্রার্থীসকলক বাছনি কৰিবলৈ প্রিয়ংকা গান্ধীৰ নেতৃত্বত গঠিত কমিটীত সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছে সপ্তগিৰি শংকৰ উলকা, ইমৰান মাছুদ, ড° শ্রীভেলা প্রসাদক।

ডিজিটেল ডেস্ক: আহি থকা অসম বিধানসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতাত নামিবলগীয়া কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিত আগভাগ ল'ব দলটোৰ নেত্রী প্ৰিয়ংকা গান্ধীয়ে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্য কেৰালা, তামিলনাডু, পডুচেৰী, পশ্চিম বংগ আৰু অসমৰ বাবে পৃথক পৃথককৈ স্ক্রীনিং কমিটীসমূহ গঠন কৰিছে। 


অসমৰ কংগ্ৰেছ প্রার্থীসকলক বাছনি কৰিবলৈ প্রিয়ংকা গান্ধীৰ নেতৃত্বত গঠিত কমিটীত সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছে সপ্তগিৰি শংকৰ উলকা, ইমৰান মাছুদ, ড° শ্রীভেলা প্রসাদক। তেওঁলোকৰ লগতে স্ক্রীনিং কমিটীত থাকিব অসমৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক, প্রদেশ কংগ্ৰেছৰ সভাপতি, কংগ্রেছ বিধায়িনী দলৰ দলপতি আৰু অসমৰ সাংগঠিক দায়িত্বত থকা এ আই চি চিৰ সম্পাদকসকল। 


উল্লেখযোগ্য যে কংগ্ৰেছে প্রার্থিত্বপ্ৰয়াসীসকলৰ পৰা আৱেদন মাচুল ধার্য কৰি আৱেদন গ্রহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্রার্থিত্ব প্রয়াসীসকলৰ আৱেদনৰ ভিত্তিত কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীৰ অধ্যক্ষতাত গঠিত স্ক্রীনিং কমিটীয়ে অসম বিধানসভাৰ নিৰ্বাচনত প্রার্থিত্ব কোনে কোনে লাভ কৰিব সেই কথা থিৰাং কৰিব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু