--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমৰ কংগ্ৰেছ প্রার্থীসকলক বাছনি কৰিবলৈ প্রিয়ংকা গান্ধীৰ নেতৃত্বত গঠিত কমিটীত সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছে সপ্তগিৰি শংকৰ উলকা, ইমৰান মাছুদ, ড° শ্রীভেলা প্রসাদক।

ডিজিটেল ডেস্ক: আহি থকা অসম বিধানসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতাত নামিবলগীয়া কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিত আগভাগ ল'ব দলটোৰ নেত্রী প্ৰিয়ংকা গান্ধীয়ে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্য কেৰালা, তামিলনাডু, পডুচেৰী, পশ্চিম বংগ আৰু অসমৰ বাবে পৃথক পৃথককৈ স্ক্রীনিং কমিটীসমূহ গঠন কৰিছে। 


অসমৰ কংগ্ৰেছ প্রার্থীসকলক বাছনি কৰিবলৈ প্রিয়ংকা গান্ধীৰ নেতৃত্বত গঠিত কমিটীত সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছে সপ্তগিৰি শংকৰ উলকা, ইমৰান মাছুদ, ড° শ্রীভেলা প্রসাদক। তেওঁলোকৰ লগতে স্ক্রীনিং কমিটীত থাকিব অসমৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক, প্রদেশ কংগ্ৰেছৰ সভাপতি, কংগ্রেছ বিধায়িনী দলৰ দলপতি আৰু অসমৰ সাংগঠিক দায়িত্বত থকা এ আই চি চিৰ সম্পাদকসকল। 


উল্লেখযোগ্য যে কংগ্ৰেছে প্রার্থিত্বপ্ৰয়াসীসকলৰ পৰা আৱেদন মাচুল ধার্য কৰি আৱেদন গ্রহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্রার্থিত্ব প্রয়াসীসকলৰ আৱেদনৰ ভিত্তিত কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীৰ অধ্যক্ষতাত গঠিত স্ক্রীনিং কমিটীয়ে অসম বিধানসভাৰ নিৰ্বাচনত প্রার্থিত্ব কোনে কোনে লাভ কৰিব সেই কথা থিৰাং কৰিব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ