--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • মুম্বাইত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রখ্যাত অভিনেতা চিবাচাদ্দাৰ হাতৰ পৰা তেওঁ এই বঁটা গ্রহণ কৰে।

ডিজিটেল ডেস্ক: অসম কন্যা অৰ্শিতা আগৰৱালাই আঁজুৰি আনিলে এক ৰাষ্ট্ৰীয় সম্মান। অসমীয়া ছবিজগতত খলকনিৰ সৃষ্টি কৰা ব্লক ব্লাষ্টাৰ ছবি 'ৰুদ্ৰ'ত ৰবি শৰ্মাৰ বিপৰীতে অভিনয় কৰা অৰ্শিতা আগৰৱালাক 'ডেছপাছ' চিনেমাখনত কৰা অভিনয়ৰ বাবে প্রদান কৰা হৈছে ২০২৫ৰ উদীয়মান মহিলা শাখাৰ ফিল্মফেয়াৰ অ'টি টি এৱাৰ্ড। 


মুম্বাইত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রখ্যাত অভিনেতা চিবাচাদ্দাৰ হাতৰ পৰা তেওঁ এই বঁটা গ্রহণ কৰে। ফিল্ম ফেয়াৰ অ'টিটি বঁটা লাভকৰা অৰ্শিতা আগৰৱালা অসম তথা উত্তৰ-পূবৰ ভিতৰত প্ৰথমগৰাকী অভিনেত্রী। উক্ত বঁটা প্রদান অনুষ্ঠানত চলচ্চিত্ৰ ক্ষেত্ৰখনৰ অগ্ৰণী বিক্রম মটৱানে, নিখিল আদানি, আলিয়া ভাট, ছ'নী মালহোট্টা, ফাতেমা চানাচে, বিকি কুশল, ৰিচ্ছা চাদ্দাৰ লগতে বহু প্রখ্যাত অভিনেতা-অভিনেত্রী উপস্থিত আছিল। 

অসমৰ পৰা ৰূপালী পর্দালৈ যাত্ৰা কৰা অসম কন্যা অৰ্শিতা আগৰৱালাৰ এই সফলতাক লৈ সকলো গৌৰৱান্বিত হৈছে।


উল্লেখযোগ্য যে, কাষ্টিং ডিজাইনত নিয়োজিত হৈ থকা আগৰৱালাই কম সময়ৰ ভিতৰতে অভিনয়ৰ ক্ষেত্ৰখনতো এক বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। ইতিমধ্যে চুটি ছবিৰ যোগেদি আত্মপ্রকাশ কৰা অর্শিতাই ৩০ খনতকৈ অধিক ডিজিটেল বিজ্ঞাপন আৰু জনপ্রিয় ছিৰিজ সত্যমেব জয়তেত অভিনয় কৰি এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতেই অৰ্শিতা আগৰৱালাই অসমীয়া চলচ্চিত্ৰ ৰুদ্ৰ, হিন্দী থ্রিলাৰ 'ডেছপাছ'ত অভিনয় কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। এই বঁটা লাভ কৰাৰ পিছতে অর্শিতাই এনে অসাধাৰণ প্ৰতিভাৰ মাজত স্বীকৃতি লাভ কৰি আনন্দিত বুলি উল্লেখ কৰি এনে সন্মানৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু অঞ্চলৰ কাহিনী ৰূপালী পৰ্দাত প্ৰদৰ্শন হোৱাৰ পথ প্রশস্ত হ'ব বুলি আশা প্রকাশ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু