--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • মুম্বাইত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রখ্যাত অভিনেতা চিবাচাদ্দাৰ হাতৰ পৰা তেওঁ এই বঁটা গ্রহণ কৰে।

ডিজিটেল ডেস্ক: অসম কন্যা অৰ্শিতা আগৰৱালাই আঁজুৰি আনিলে এক ৰাষ্ট্ৰীয় সম্মান। অসমীয়া ছবিজগতত খলকনিৰ সৃষ্টি কৰা ব্লক ব্লাষ্টাৰ ছবি 'ৰুদ্ৰ'ত ৰবি শৰ্মাৰ বিপৰীতে অভিনয় কৰা অৰ্শিতা আগৰৱালাক 'ডেছপাছ' চিনেমাখনত কৰা অভিনয়ৰ বাবে প্রদান কৰা হৈছে ২০২৫ৰ উদীয়মান মহিলা শাখাৰ ফিল্মফেয়াৰ অ'টি টি এৱাৰ্ড। 


মুম্বাইত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রখ্যাত অভিনেতা চিবাচাদ্দাৰ হাতৰ পৰা তেওঁ এই বঁটা গ্রহণ কৰে। ফিল্ম ফেয়াৰ অ'টিটি বঁটা লাভকৰা অৰ্শিতা আগৰৱালা অসম তথা উত্তৰ-পূবৰ ভিতৰত প্ৰথমগৰাকী অভিনেত্রী। উক্ত বঁটা প্রদান অনুষ্ঠানত চলচ্চিত্ৰ ক্ষেত্ৰখনৰ অগ্ৰণী বিক্রম মটৱানে, নিখিল আদানি, আলিয়া ভাট, ছ'নী মালহোট্টা, ফাতেমা চানাচে, বিকি কুশল, ৰিচ্ছা চাদ্দাৰ লগতে বহু প্রখ্যাত অভিনেতা-অভিনেত্রী উপস্থিত আছিল। 

অসমৰ পৰা ৰূপালী পর্দালৈ যাত্ৰা কৰা অসম কন্যা অৰ্শিতা আগৰৱালাৰ এই সফলতাক লৈ সকলো গৌৰৱান্বিত হৈছে।


উল্লেখযোগ্য যে, কাষ্টিং ডিজাইনত নিয়োজিত হৈ থকা আগৰৱালাই কম সময়ৰ ভিতৰতে অভিনয়ৰ ক্ষেত্ৰখনতো এক বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। ইতিমধ্যে চুটি ছবিৰ যোগেদি আত্মপ্রকাশ কৰা অর্শিতাই ৩০ খনতকৈ অধিক ডিজিটেল বিজ্ঞাপন আৰু জনপ্রিয় ছিৰিজ সত্যমেব জয়তেত অভিনয় কৰি এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতেই অৰ্শিতা আগৰৱালাই অসমীয়া চলচ্চিত্ৰ ৰুদ্ৰ, হিন্দী থ্রিলাৰ 'ডেছপাছ'ত অভিনয় কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। এই বঁটা লাভ কৰাৰ পিছতে অর্শিতাই এনে অসাধাৰণ প্ৰতিভাৰ মাজত স্বীকৃতি লাভ কৰি আনন্দিত বুলি উল্লেখ কৰি এনে সন্মানৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু অঞ্চলৰ কাহিনী ৰূপালী পৰ্দাত প্ৰদৰ্শন হোৱাৰ পথ প্রশস্ত হ'ব বুলি আশা প্রকাশ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ