--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কৰণ জোহৰ আৰু আদৰ পুনাৱালাই প্রযোজনা কৰা চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ঈশান খট্টৰ, বিশাল জেঠৱা আৰু জাহ্নৱী কাপুৰে।

ডিজিটেল ডেস্ক: গ্ৰাম্য ভাৰতৰ দুজন বন্ধু আৰু তেওঁলোকৰ উচ্চাকাংক্ষাৰ বিষয়ৰ উচ্চ প্রশংসিত চলচ্চিত্র, নীৰজ ঘায়ৱানৰ 'হ'মবাউণ্ড' অস্কাৰ বঁটাৰ বাবে প্রতিযোগিতাত 'বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ ফিল্ম' (শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী চলচ্চিত্র) শিতানত আন ১৪খন চলচ্চিত্ৰৰ সৈতে 'শ্বর্ট লিষ্ট'ত (সংক্ষিপ্ত তালিকা) স্থান লাভ কৰিছে।


যোৱা মে' মাহত কাঁ চলচ্চিত্র মহোৎসৱত আন চাৰটেইন ৰিগাৰ্ড শিতানত প্রথম প্রিমিয়াৰ হোৱা 'হ'মবাউণ্ড'-এ এতিয়া অস্কাৰৰ বাছনি শিতানৰ বাবে আর্জেন্টিনাৰ 'বেলেন', ব্রাজিলৰ 'দ্য ছিক্রেট এজেন্ট', ফ্ৰান্সৰ 'ইট ৱাজ জাষ্ট এন এক্সিডেন্ট', জার্মানিৰ 'ছাউণ্ড অব্ ফলিং' আৰু ইৰাকৰ 'দ্য প্ৰেছিডেন্টছ কে'ক'ৰ সৈতে প্রতিদ্বন্দ্বিতা কৰিব লাগিব।


এইটো শিতানত শ্বর্ট লিষ্টত স্থান লাভ কৰা আন চলচ্চিত্ৰসমূহ হৈছে জাপানৰ 'কোকুহো, জর্ডানৰ 'অল দেছ লেফ্ট অব্ ইউ', নৰৱে'ৰ 'ছেন্টিমেন্টেল ভেলু', পেলেষ্টাইনৰ 'পেলেষ্টাইন ৩৬', দক্ষিণ কোৰিয়াৰ 'ন' আদাৰ চয়চ', স্পেইনৰ 'ছিৰাট', ছুইজাৰলেণ্ডৰ 'লে'ট শ্বিফ্ট', টাইৱানৰ 'লেফ্ট হেণ্ডেড গার্ল' আৰু টিউনিছিয়াৰ 'দ্য ভয়চ অব্ হিন্দ ৰাজাব।' কৰণ জোহৰ আৰু আদৰ পুনাৱালাই প্রযোজনা কৰা চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ঈশান খট্টৰ, বিশাল জেঠৱা আৰু জাহ্নৱী কাপুৰে।


উল্লেখযোগ্য যে শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী চলচ্চিত্র (পূর্বে শ্রেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ) শিতানত অস্কাৰৰ শ্বৰ্টলিষ্টত স্থান লাভ কৰা 'হ'মবাউণ্ড' হৈছে ভাৰতৰ প্ৰথমখন চলচ্চিত্র। আশুতোষ গোৱাৰিকাৰৰ 'লগান'-এ ২০০২ চনত 'শ্রেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্র' শিতানৰ মনোনয়ন লাভকৰিছিল, তেতিয়া অস্কাৰৰ শ্বৰ্টলিষ্ট নাছিল। ২০১৮ চনতহে শ্বর্টলিষ্টৰ ব্যৱস্থা আৰম্ভ হয়। শ্রেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্র শিতানত মনোনয়ন লাভ কৰা আন দুখন ভাৰতীয় চলচ্চিত্ৰ হৈছে মেহবুব খানৰ 'মাদাৰ ইণ্ডিয়া' (১৯৫৭ চন) আৰু মীৰা নায়াৰৰ 'চালাম বোম্বে' (১৯৮৮ চন)।


মঙলবাৰে আন ১১টা শিতানৰো শ্বৰ্ট লিষ্ট ঘোষণা কৰা হয়। ৯৮ সংখ্যক একাডেমি এৱাৰ্ড বা অস্কাৰ বঁটাৰ বাবে মনোনয়নপ্রাপ্ত চলচ্চিত্ৰৰ নাম ঘোষণা কৰা হ'ব ২০২৬ চনৰ ২২ জানুৱাৰীত। ২০২৬ চনৰ ১৫ মাৰ্চত অৱেশ্যন হলিউডৰ ডলবি থিয়েটাৰত ৯৮ সংখ্যক অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। কাশ্মীৰী সাংবাদিক, লেখক, চিত্রনাট্যকাৰ বশ্বৰত পীৰৰ 'নিউয়র্ক টাইম'ত প্রকাশ পোৱা প্ৰবন্ধ 'টেকিং অমৃত হ'ম: এ ফ্রে'ণ্ডশ্বিপ, এ পেনডেমিক এণ্ড এ ডেথ বিছাই দ্য হাইৱে'ৰ অনুপ্ৰেৰণাৰে নিৰ্মাণ কৰা হৈছে 'হ'মবাউণ্ড'। এজন মুচলমান আৰু এজন দলিতৰ শৈশৱৰে পৰা থকা বন্ধুত্বৰ কাহিনীৰ চলচ্চিত্ৰখনৰ কাৰ্যবাহী প্রযোজক হৈছে হলিউডৰ কিংবদন্তি মার্টিন স্ক'ৰছেজে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ