--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই সিদ্ধান্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণতান্ত্রিক ব্যৱস্থাক অধিক অন্তর্ভুক্তিমূলক, ন্যায়সঙ্গত আৰু প্ৰতিনিধিত্বমূলক কৰাৰ দিশে এক ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হয়।‌

ডিজিটেল ডেস্ক : গুৱাহাটী বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে এবিভিপিৰ দাবীত স্নাতক আৰু বি. টেক.ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ভোটাধিকাৰ। অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ (ABVP) গুৱাহাটী বিশ্ববিদ্যালয় গোটে পাঁচ বছৰীয়া স্নাতক, বি. টেগ. পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ নির্বাচনত ভোটাধিকাৰ প্ৰদানৰ প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে।


এই দাবী পূৰণৰ বাবে এবিভিপি গোটে ১৩ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক স্মাৰকপত্ৰ দাখিল কৰিছিল। ইয়াৰ পাছত ২ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈকে বিশ্ববিদ্যালয়ত বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰসকলে পত্রিকা বিতৰণ আৰু স্বাক্ষৰ অভিযান চলাইছিল। ৫ ছেপ্টেম্বৰত সংগৃহীত সহস্রাধিক স্বাক্ষৰসহ পুনৰ এক স্মাৰকপত্ৰ উপাচাৰ্য্যক দাখিল কৰা হয়।


এবিভিপিৰ ৰ এই নিৰবচ্ছিন্ন প্রচেষ্টা আৰু দৃঢ় দাবীৰ ফলস্বৰূপে অৱশেষত ১৫ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে বিশ্ববিদ্যালয়ৰ প্ৰশাসনে পাঁচ বছৰীয়া স্নাতক পাঠ্যক্ৰম (FYIMP), I.Com আৰু B.Tech ছাত্র-ছাত্রীসকলক ভোটদান আৰু প্ৰতিদ্বন্দ্বিতাৰ পূৰ্ণ অধিকাৰ প্ৰদানৰ যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰে।


এই সিদ্ধান্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণতান্ত্রিক ব্যৱস্থাক অধিক অন্তর্ভুক্তিমূলক, ন্যায়সঙ্গত আৰু প্ৰতিনিধিত্বমূলক কৰাৰ দিশে এক ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হয়।‌


এবিভিপি গুৱাহাটী বিশ্ববিদ্যালয় গোটে বিশ্ববিদ্যালয় প্রশাসনক ধন্যবাদ জনাই নতুনকৈ ভোটাধিকাৰ লাভ কৰা সকলো ছাত্র-ছাত্রীক আগন্তুক ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ