--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই সিদ্ধান্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণতান্ত্রিক ব্যৱস্থাক অধিক অন্তর্ভুক্তিমূলক, ন্যায়সঙ্গত আৰু প্ৰতিনিধিত্বমূলক কৰাৰ দিশে এক ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হয়।‌

ডিজিটেল ডেস্ক : গুৱাহাটী বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে এবিভিপিৰ দাবীত স্নাতক আৰু বি. টেক.ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ভোটাধিকাৰ। অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ (ABVP) গুৱাহাটী বিশ্ববিদ্যালয় গোটে পাঁচ বছৰীয়া স্নাতক, বি. টেগ. পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ নির্বাচনত ভোটাধিকাৰ প্ৰদানৰ প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে।


এই দাবী পূৰণৰ বাবে এবিভিপি গোটে ১৩ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক স্মাৰকপত্ৰ দাখিল কৰিছিল। ইয়াৰ পাছত ২ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈকে বিশ্ববিদ্যালয়ত বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰসকলে পত্রিকা বিতৰণ আৰু স্বাক্ষৰ অভিযান চলাইছিল। ৫ ছেপ্টেম্বৰত সংগৃহীত সহস্রাধিক স্বাক্ষৰসহ পুনৰ এক স্মাৰকপত্ৰ উপাচাৰ্য্যক দাখিল কৰা হয়।


এবিভিপিৰ ৰ এই নিৰবচ্ছিন্ন প্রচেষ্টা আৰু দৃঢ় দাবীৰ ফলস্বৰূপে অৱশেষত ১৫ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে বিশ্ববিদ্যালয়ৰ প্ৰশাসনে পাঁচ বছৰীয়া স্নাতক পাঠ্যক্ৰম (FYIMP), I.Com আৰু B.Tech ছাত্র-ছাত্রীসকলক ভোটদান আৰু প্ৰতিদ্বন্দ্বিতাৰ পূৰ্ণ অধিকাৰ প্ৰদানৰ যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰে।


এই সিদ্ধান্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণতান্ত্রিক ব্যৱস্থাক অধিক অন্তর্ভুক্তিমূলক, ন্যায়সঙ্গত আৰু প্ৰতিনিধিত্বমূলক কৰাৰ দিশে এক ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হয়।‌


এবিভিপি গুৱাহাটী বিশ্ববিদ্যালয় গোটে বিশ্ববিদ্যালয় প্রশাসনক ধন্যবাদ জনাই নতুনকৈ ভোটাধিকাৰ লাভ কৰা সকলো ছাত্র-ছাত্রীক আগন্তুক ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু