--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ড° উদয় শইকীয়াই এতিয়ালৈকে ১৩খন ভিন্ন দেশক প্ৰতিনিধিত্ব কৰা ২৭ জন পি এইচ ডি গৱেষকক তত্বাৱধান কৰিছে, যি বিশ্বব্যাপী গৱেষণাৰ সহযোগিতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ত বৰ্তমান অধ্যাপক হিচাবে কাম কৰি থকা ড° উদয় শইকীয়াক বিশ্ববিদ্যালয়খনে ২০২৫ চনৰ উচ্চ ডিগ্ৰী গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ তত্বাৱধায়কৰ বঁটা লাভ কৰা বুলি ঘোষণা কৰিছে। মূলতঃ অসমৰ যোৰহাটৰ, লণ্ডন স্কুল অৱ ইকনমিক্সৰ স্নাতক অধ্যাপক শইকীয়াই জনসংখ্যা অধ্যয়ন, মানৱ উন্নয়ন, আৰু বহনক্ষম উন্নয়নৰ সম্পৰ্কীয় গৱেষণাত ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে।


ড° উদয় শইকীয়াই এতিয়ালৈকে ১৩খন ভিন্ন দেশক প্ৰতিনিধিত্ব কৰা ২৭ জন পি এইচ ডি গৱেষকক তত্বাৱধান কৰিছে, যি বিশ্বব্যাপী গৱেষণাৰ সহযোগিতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কলিন ষ্টাৰলিঙে (Colin Stirling) ডঃ উদয় শইকীয়াক অভিনন্দন জনাই কয় যে তেওঁৰ নিষ্ঠাই ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ গৱেষণা শিক্ষাৰ উৎকৃষ্টতা, অন্তৰ্ভুক্তি আৰু প্ৰভাৱৰ মূল্যবোধক আৰু অধিক শক্তিশালী কৰি তুলিছে । এই সন্মান বিশেষভাৱে উল্লেখযোগ্য কাৰণ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ প্ৰায় ৫০০ৰো অধিক পি এইচ ডি তত্বাৱধায়ক আছে।


উল্লেখযোগ্য যে ড° শইকীয়াই ২০১১ চনত বিশ্ববিদ্যালয় শ্ৰেষ্ঠ শিক্ষকৰ বঁটা আৰু ২০১২ চনত অষ্ট্ৰেলিয়ান চৰকাৰৰ শিক্ষক বঁটা আৰু ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ গৱেষকৰ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰি নিজৰ গৃহ ৰাজ্য অসমলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। ড° শইকীয়াৰ পিতৃ উত্তৰ-পূব ভাৰতৰ কৃষি-অৰ্থনৈতিক গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক তথা অৰ্থনীতিবিদ প্ৰয়াত ড° পদ্মধৰ শইকীয়া । অসমৰ যোৰহাটত জন্ম হোৱা ড°শইকীয়াই বিগত ২৪ বছৰে অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি আহিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু