--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ড° উদয় শইকীয়াই এতিয়ালৈকে ১৩খন ভিন্ন দেশক প্ৰতিনিধিত্ব কৰা ২৭ জন পি এইচ ডি গৱেষকক তত্বাৱধান কৰিছে, যি বিশ্বব্যাপী গৱেষণাৰ সহযোগিতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ত বৰ্তমান অধ্যাপক হিচাবে কাম কৰি থকা ড° উদয় শইকীয়াক বিশ্ববিদ্যালয়খনে ২০২৫ চনৰ উচ্চ ডিগ্ৰী গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ তত্বাৱধায়কৰ বঁটা লাভ কৰা বুলি ঘোষণা কৰিছে। মূলতঃ অসমৰ যোৰহাটৰ, লণ্ডন স্কুল অৱ ইকনমিক্সৰ স্নাতক অধ্যাপক শইকীয়াই জনসংখ্যা অধ্যয়ন, মানৱ উন্নয়ন, আৰু বহনক্ষম উন্নয়নৰ সম্পৰ্কীয় গৱেষণাত ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে।


ড° উদয় শইকীয়াই এতিয়ালৈকে ১৩খন ভিন্ন দেশক প্ৰতিনিধিত্ব কৰা ২৭ জন পি এইচ ডি গৱেষকক তত্বাৱধান কৰিছে, যি বিশ্বব্যাপী গৱেষণাৰ সহযোগিতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কলিন ষ্টাৰলিঙে (Colin Stirling) ডঃ উদয় শইকীয়াক অভিনন্দন জনাই কয় যে তেওঁৰ নিষ্ঠাই ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ গৱেষণা শিক্ষাৰ উৎকৃষ্টতা, অন্তৰ্ভুক্তি আৰু প্ৰভাৱৰ মূল্যবোধক আৰু অধিক শক্তিশালী কৰি তুলিছে । এই সন্মান বিশেষভাৱে উল্লেখযোগ্য কাৰণ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ প্ৰায় ৫০০ৰো অধিক পি এইচ ডি তত্বাৱধায়ক আছে।


উল্লেখযোগ্য যে ড° শইকীয়াই ২০১১ চনত বিশ্ববিদ্যালয় শ্ৰেষ্ঠ শিক্ষকৰ বঁটা আৰু ২০১২ চনত অষ্ট্ৰেলিয়ান চৰকাৰৰ শিক্ষক বঁটা আৰু ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ গৱেষকৰ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰি নিজৰ গৃহ ৰাজ্য অসমলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। ড° শইকীয়াৰ পিতৃ উত্তৰ-পূব ভাৰতৰ কৃষি-অৰ্থনৈতিক গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক তথা অৰ্থনীতিবিদ প্ৰয়াত ড° পদ্মধৰ শইকীয়া । অসমৰ যোৰহাটত জন্ম হোৱা ড°শইকীয়াই বিগত ২৪ বছৰে অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি আহিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ