--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় বায়ু সেনাই আয়োজন কৰা জুনিয়ৰ ছোৱালীৰ ঐতিহাসিক প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত ফাইনেলত অসম জননীৰ কন্যাই বিপক্ষ বংগৰ দলটোক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে৷

ডিজিটেল ডেস্কঃ অসমৰ ক্ৰীড়া ইতিহাসত গৌৰৱৰ সোণালী সাফল্য লিপিবদ্ধ কৰি গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলে ৬৪ সংখ্যক সুব্ৰত কাপ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে৷


ভাৰতীয় বায়ু সেনাই আয়োজন কৰা জুনিয়ৰ ছোৱালীৰ ঐতিহাসিক প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত ফাইনেলত অসম জননীৰ কন্যাই বিপক্ষ বংগৰ দলটোক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে৷


উল্লেখ্য যে এয়া অসমৰ ছোৱালী দলৰ পোনপ্ৰথমবাৰৰ বাবে ঐতিহাসিক সুব্ৰত কাপ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়ৰ সফলতা৷ ইয়াৰপূৰ্বে ২০১৪ চনত অসমে পোনপ্ৰথমবাৰৰ বাবে ফাইনেল খেলিছিল যদিও ৰানাৰ্ছআপ হৈছিল৷ কিন্তু গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলে প্ৰথমবাৰৰ বাবে ফাইনেল খেলিয়েই চেম্পিয়ন ট্ৰফী জয় কৰি ইতিহাস গঢ়িবলৈ সক্ষম হ’ল৷


নতুন দিল্লীৰ ড॰ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত ১৭ বছৰ অনূধ্বৰ্ৰ প্ৰতিযোগিতাখনৰ ৬০ মিনিটৰ অসমৰ নিয়ন্ত্ৰণত থকা ফাইনেল মেচখনত চাৰিওটা গলে প্ৰথমাৰ্ধৰ ৩০ মিনিটত হয়৷ মেচত প্ৰথমে অগ্ৰগতি লয় বেতকুছি হাইস্কুলে৷ খেলৰ ১২ মিনিটত ছায়াশ্ৰীয়ে প্ৰথমটো গল কৰি অসমক অগ্ৰগতি দিয়ে৷ কিন্তু বংগক প্ৰতিনিধিত্ব কৰা নন্দঝাৰ আদিবাসী টাপাচিলি হাইস্কুলে ২১ মিনিটত নেহাৰ গলেৰে মেচত সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷


২৪ মিনিটত অসমৰ মিলিনা ব্ৰহ্মই দ্বিতীয়টো গল কৰি পুনৰ অগ্ৰগতি লয়৷ আনহাতে, ২৯ মিনিটত মেৰী মেচে গল কৰি বিৰতিলৈ বেতকুছিক দৃঢ় স্থিতিত ৰাখে৷ দ্বিতীয়াৰ্ধত বংগই গল কৰাৰ চেষ্টা কৰে যদিও অসমৰ ৰক্ষণ বিভাগৰ দৃঢ়তাপূৰ্ণ খেলৰ বাবে সকলো চেষ্টা ব্যৰ্থ হয়৷ ইতিহাস গঢ়ে অসমে৷


উল্লেখ্য যে প্ৰতিযোগিতাত অসমে ছখন মেচত মুঠ ৩১ টা গল কৰি আন এক অভিলেখ গঢ়িছে৷ বেতকুছি হাইস্কুলৰ ছাত্ৰীৰ দলটোৱে ছেমিফাইনেলত কেৰেলাক চ্ছ্ৰ-ৰ গলৰ ব্যৱধানত বিধ্বস্ত কৰি খিতাপৰ মহাৰণলৈ অগ্ৰসৰ হৈছিল৷ আনহাতে, কোৱাৰ্টাৰ ফাইনেলত ৬-ঙ্ম গলৰ ব্যৱধানত পৰাস্ত কৰিছিল গোৱাৰ ছেইণ্ট জেভিয়াৰ্ছ হায়াৰছেকেণ্ডাৰী স্কুলক৷ গ্ৰুপ মেচত অসমৰ কন্যাৰ দলে শ্ৰীলংকা ফুটবল ফেডাৰেছনৰ জুনিয়ৰ ছোৱালী দলটোক ৬-ঙ্ম গলৰ ব্যৱধানত হৰুৱাই সকলোকে চমক দিয়াৰ পূৰ্বে লাক্ষাদ্বীপক ১১-ঙ্ম ত বিধ্বস্ত কৰিছিল তথা চত্তিছগঢ়ৰ লগত ২-২ ত ড্ৰ খেলিছিল৷


অসমৰ মেৰী মেচে প্ৰতিযোগিতাত দুখন মেচত হেট্ৰিক অৰ্জন কৰে৷ যোৱা চাৰিখন মেচত মেৰীয়ে নটা গল কৰিছে৷ বেতকুছিৰ মিলিনা ব্ৰহ্ময়ো এটা হেট্ৰিক কৰিবলৈ সক্ষম হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু