--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় বায়ু সেনাই আয়োজন কৰা জুনিয়ৰ ছোৱালীৰ ঐতিহাসিক প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত ফাইনেলত অসম জননীৰ কন্যাই বিপক্ষ বংগৰ দলটোক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে৷

ডিজিটেল ডেস্কঃ অসমৰ ক্ৰীড়া ইতিহাসত গৌৰৱৰ সোণালী সাফল্য লিপিবদ্ধ কৰি গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলে ৬৪ সংখ্যক সুব্ৰত কাপ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে৷


ভাৰতীয় বায়ু সেনাই আয়োজন কৰা জুনিয়ৰ ছোৱালীৰ ঐতিহাসিক প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত ফাইনেলত অসম জননীৰ কন্যাই বিপক্ষ বংগৰ দলটোক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে৷


উল্লেখ্য যে এয়া অসমৰ ছোৱালী দলৰ পোনপ্ৰথমবাৰৰ বাবে ঐতিহাসিক সুব্ৰত কাপ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়ৰ সফলতা৷ ইয়াৰপূৰ্বে ২০১৪ চনত অসমে পোনপ্ৰথমবাৰৰ বাবে ফাইনেল খেলিছিল যদিও ৰানাৰ্ছআপ হৈছিল৷ কিন্তু গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলে প্ৰথমবাৰৰ বাবে ফাইনেল খেলিয়েই চেম্পিয়ন ট্ৰফী জয় কৰি ইতিহাস গঢ়িবলৈ সক্ষম হ’ল৷


নতুন দিল্লীৰ ড॰ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত ১৭ বছৰ অনূধ্বৰ্ৰ প্ৰতিযোগিতাখনৰ ৬০ মিনিটৰ অসমৰ নিয়ন্ত্ৰণত থকা ফাইনেল মেচখনত চাৰিওটা গলে প্ৰথমাৰ্ধৰ ৩০ মিনিটত হয়৷ মেচত প্ৰথমে অগ্ৰগতি লয় বেতকুছি হাইস্কুলে৷ খেলৰ ১২ মিনিটত ছায়াশ্ৰীয়ে প্ৰথমটো গল কৰি অসমক অগ্ৰগতি দিয়ে৷ কিন্তু বংগক প্ৰতিনিধিত্ব কৰা নন্দঝাৰ আদিবাসী টাপাচিলি হাইস্কুলে ২১ মিনিটত নেহাৰ গলেৰে মেচত সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷


২৪ মিনিটত অসমৰ মিলিনা ব্ৰহ্মই দ্বিতীয়টো গল কৰি পুনৰ অগ্ৰগতি লয়৷ আনহাতে, ২৯ মিনিটত মেৰী মেচে গল কৰি বিৰতিলৈ বেতকুছিক দৃঢ় স্থিতিত ৰাখে৷ দ্বিতীয়াৰ্ধত বংগই গল কৰাৰ চেষ্টা কৰে যদিও অসমৰ ৰক্ষণ বিভাগৰ দৃঢ়তাপূৰ্ণ খেলৰ বাবে সকলো চেষ্টা ব্যৰ্থ হয়৷ ইতিহাস গঢ়ে অসমে৷


উল্লেখ্য যে প্ৰতিযোগিতাত অসমে ছখন মেচত মুঠ ৩১ টা গল কৰি আন এক অভিলেখ গঢ়িছে৷ বেতকুছি হাইস্কুলৰ ছাত্ৰীৰ দলটোৱে ছেমিফাইনেলত কেৰেলাক চ্ছ্ৰ-ৰ গলৰ ব্যৱধানত বিধ্বস্ত কৰি খিতাপৰ মহাৰণলৈ অগ্ৰসৰ হৈছিল৷ আনহাতে, কোৱাৰ্টাৰ ফাইনেলত ৬-ঙ্ম গলৰ ব্যৱধানত পৰাস্ত কৰিছিল গোৱাৰ ছেইণ্ট জেভিয়াৰ্ছ হায়াৰছেকেণ্ডাৰী স্কুলক৷ গ্ৰুপ মেচত অসমৰ কন্যাৰ দলে শ্ৰীলংকা ফুটবল ফেডাৰেছনৰ জুনিয়ৰ ছোৱালী দলটোক ৬-ঙ্ম গলৰ ব্যৱধানত হৰুৱাই সকলোকে চমক দিয়াৰ পূৰ্বে লাক্ষাদ্বীপক ১১-ঙ্ম ত বিধ্বস্ত কৰিছিল তথা চত্তিছগঢ়ৰ লগত ২-২ ত ড্ৰ খেলিছিল৷


অসমৰ মেৰী মেচে প্ৰতিযোগিতাত দুখন মেচত হেট্ৰিক অৰ্জন কৰে৷ যোৱা চাৰিখন মেচত মেৰীয়ে নটা গল কৰিছে৷ বেতকুছিৰ মিলিনা ব্ৰহ্ময়ো এটা হেট্ৰিক কৰিবলৈ সক্ষম হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ