--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ, ১০ ছেপ্টেম্বৰত ইউ এ ইৰ সৈতে ভাৰতৰ প্ৰথমখন খেল। ই

ডিজিটেল ডেস্কঃ এছিয়া কাপ ২০২৫ৰ পূৰ্বে হঠাতে ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক শুভমন গিলৰ স্বাস্থ্যৰ অৱনতি ঘটিল, তেওঁৰ ভাইৰেল জ্বৰ হৈছে।


৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ, ১০ ছেপ্টেম্বৰত ইউ এ ইৰ সৈতে ভাৰতৰ প্ৰথমখন খেল। ইয়াৰ পিছত ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ সৈতে ভাৰতৰ সংঘৰ্ষ হ’ব ।



দুলীপ ট্ৰফীৰ পৰা শুভমন গিল আউট


ভাইৰেল জ্বৰত আক্ৰান্ত হৈ দুলীপ ট্ৰফীৰ পৰা বাহিৰ হ’ল শুভমন গিল। উল্লেখ্য যে গিল দুলীপ ট্ৰফীত নৰ্থ জন দলৰ অধিনায়ক নিৰ্বাচিত হৈছিল। কিন্তু জ্বৰ হোৱাৰ পিছত তেওঁ প্ৰতিযোগিতা এৰিব লগা হয় আৰু এতিয়া তেওঁৰ ঠাইত অধিনায়ক হিচাপে অংকিত কুমাৰ আহিব।


এক প্ৰতিবেদন অনুসৰি গিল এতিয়া সুস্থ হৈ উঠিছে আৰু অতি সোনকালে অনুশীলন আৰম্ভ কৰিব। তেওঁৰ তেজৰ ৰিপৰ্টতো কোনো ডাঙৰ সমস্যা নাই। শীঘ্ৰে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে।


দুলীপ ট্ৰফীৰ পৰা শুভমন গিল বাহিৰ হোৱাৰ পিছত হাৰিয়ানাৰ অংকুত কুমাৰে নৰ্থ জ’ন দলৰ অধিনায়কৰ দায়িত্ব ল’ব, ইয়াৰ পূৰ্বে তেওঁ দলটোৰ উপ অধিনায়ক আছিল। আজিৰ পৰা আৰম্ভ হ’ব নৰ্থ জ’নৰ খেল ইষ্ট জ’নৰ বিৰুদ্ধে। দুলীপ ট্ৰফীৰ প্ৰথমখন মেচ খেলিব পাৰিব আৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণা, দুয়োজনেই এছিয়া কাপৰ দলতো অন্তৰ্ভুক্ত।


এছিয়া কাপৰ উপ অধিনায়ক শুভমন গিল


গিলে অতি সোনকালে সম্পূৰ্ণৰূপে সুস্থ হৈ অনুশীলন আৰম্ভ কৰিব, তেওঁক এছিয়া কাপত ভাৰতীয় দলৰ উপ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে। এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব আৰু ভৱিষ্যতে টি-২০ৰ অধিনায়কত্বও বিচিচিআইয়ে গিলক অৰ্পণ কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছে। বৰ্তমান সূৰ্যকুমাৰ যাদৱ দলটোৰ অধিনায়ক।


আঘাতৰ বাবে এছিয়া কাপত খেলিব পৰা নাই ঋষভ পন্ত। সঞ্জু চেমছনৰ সৈতে জিতেশ শৰ্মাক উইকেটকীপাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে। দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। এছিয়া কাপত ভাৰতক গ্ৰুপ এত অন্তৰ্ভুক্ত কৰা হৈছে, য’ত তেওঁলোকৰ সৈতে আছে পাকিস্তান, ইউ এ ই আৰু ওমান। দ্বিতীয়টো গোটত বাংলাদেশ, শ্ৰীলংকা, হংকং আৰু আফগানিস্তান আছে।


এছিয়া কাপৰ বাবে টিম ইণ্ডিয়াৰ দল


সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), যশপ্ৰীত বুমৰা, আৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, সঞ্জু চেমচন (উইকেটকীপাৰ), হৰ্ষিত ৰানা, ৰিংকু সিং।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু