--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ, ১০ ছেপ্টেম্বৰত ইউ এ ইৰ সৈতে ভাৰতৰ প্ৰথমখন খেল। ই

ডিজিটেল ডেস্কঃ এছিয়া কাপ ২০২৫ৰ পূৰ্বে হঠাতে ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক শুভমন গিলৰ স্বাস্থ্যৰ অৱনতি ঘটিল, তেওঁৰ ভাইৰেল জ্বৰ হৈছে।


৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ, ১০ ছেপ্টেম্বৰত ইউ এ ইৰ সৈতে ভাৰতৰ প্ৰথমখন খেল। ইয়াৰ পিছত ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ সৈতে ভাৰতৰ সংঘৰ্ষ হ’ব ।



দুলীপ ট্ৰফীৰ পৰা শুভমন গিল আউট


ভাইৰেল জ্বৰত আক্ৰান্ত হৈ দুলীপ ট্ৰফীৰ পৰা বাহিৰ হ’ল শুভমন গিল। উল্লেখ্য যে গিল দুলীপ ট্ৰফীত নৰ্থ জন দলৰ অধিনায়ক নিৰ্বাচিত হৈছিল। কিন্তু জ্বৰ হোৱাৰ পিছত তেওঁ প্ৰতিযোগিতা এৰিব লগা হয় আৰু এতিয়া তেওঁৰ ঠাইত অধিনায়ক হিচাপে অংকিত কুমাৰ আহিব।


এক প্ৰতিবেদন অনুসৰি গিল এতিয়া সুস্থ হৈ উঠিছে আৰু অতি সোনকালে অনুশীলন আৰম্ভ কৰিব। তেওঁৰ তেজৰ ৰিপৰ্টতো কোনো ডাঙৰ সমস্যা নাই। শীঘ্ৰে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে।


দুলীপ ট্ৰফীৰ পৰা শুভমন গিল বাহিৰ হোৱাৰ পিছত হাৰিয়ানাৰ অংকুত কুমাৰে নৰ্থ জ’ন দলৰ অধিনায়কৰ দায়িত্ব ল’ব, ইয়াৰ পূৰ্বে তেওঁ দলটোৰ উপ অধিনায়ক আছিল। আজিৰ পৰা আৰম্ভ হ’ব নৰ্থ জ’নৰ খেল ইষ্ট জ’নৰ বিৰুদ্ধে। দুলীপ ট্ৰফীৰ প্ৰথমখন মেচ খেলিব পাৰিব আৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণা, দুয়োজনেই এছিয়া কাপৰ দলতো অন্তৰ্ভুক্ত।


এছিয়া কাপৰ উপ অধিনায়ক শুভমন গিল


গিলে অতি সোনকালে সম্পূৰ্ণৰূপে সুস্থ হৈ অনুশীলন আৰম্ভ কৰিব, তেওঁক এছিয়া কাপত ভাৰতীয় দলৰ উপ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে। এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব আৰু ভৱিষ্যতে টি-২০ৰ অধিনায়কত্বও বিচিচিআইয়ে গিলক অৰ্পণ কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছে। বৰ্তমান সূৰ্যকুমাৰ যাদৱ দলটোৰ অধিনায়ক।


আঘাতৰ বাবে এছিয়া কাপত খেলিব পৰা নাই ঋষভ পন্ত। সঞ্জু চেমছনৰ সৈতে জিতেশ শৰ্মাক উইকেটকীপাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে। দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। এছিয়া কাপত ভাৰতক গ্ৰুপ এত অন্তৰ্ভুক্ত কৰা হৈছে, য’ত তেওঁলোকৰ সৈতে আছে পাকিস্তান, ইউ এ ই আৰু ওমান। দ্বিতীয়টো গোটত বাংলাদেশ, শ্ৰীলংকা, হংকং আৰু আফগানিস্তান আছে।


এছিয়া কাপৰ বাবে টিম ইণ্ডিয়াৰ দল


সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), যশপ্ৰীত বুমৰা, আৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, সঞ্জু চেমচন (উইকেটকীপাৰ), হৰ্ষিত ৰানা, ৰিংকু সিং।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ