--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তদন্তৰ বাবে গভীৰ নিশা আন্ধেৰীৰ শ্বেফালীৰ ঘৰত উপস্থিত হয় মুম্বাই আৰক্ষী

ডিজিটেল ডেস্কঃ শুকুৰবাৰে গভীৰ নিশা হঠাৎ মৃত্যু হয় অভিনেত্ৰী তথা মডেল শ্বেফালী জাৰিৱালাৰ। প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন অনুসৰি শ্বেফালিৰ হৃদযন্ত্ৰ বন্ধ হৈ পৰে, তাৰ পিছতে তেওঁৰ স্বামী পৰাগ ত্যাগীয়ে লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে অভিনেত্ৰীগৰাকীৰ জীৱন ৰক্ষা কৰিব নোৱাৰি মৃত ঘোষণা কৰে। তেওঁৰ মৃত্যুৰ খবৰে মনোৰঞ্জন জগত আৰু অনুৰাগীৰ মাজত শোকৰ ছাঁ কঢ়িয়াই আনিলে।


নিশা প্ৰায় ১২:৩০ বজাত অভিনেত্ৰীগৰাকীৰ মৃতদেহ আন্ধেৰীৰ কুপাৰ হাস্পতাললৈ অনাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। কুপাৰ হাস্পতালৰ এ এম অ’ (সহকাৰী চিকিৎসা বিষয়া)ৰ মতে, মৃতদেহটো আন এখন চিকিৎসালয়ৰ পৰা অনা হৈছে, গতিকে মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে জানিব পৰা যাব।


ইফালে, তদন্তৰ বাবে গভীৰ নিশা আন্ধেৰীৰ শ্বেফালীৰ ঘৰত উপস্থিত হয় মুম্বাই আৰক্ষী। ফৰেনছিক দলটোও থিতাতে উপস্থিত হৈ ঘৰটোত পুংখানুপুংখভাৱে তালাচী চলায়। যদিও, শ্বেফালীৰ মৃত্যু সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই, কিন্তু আৰক্ষী আৰু ফৰেনছিক দলে যিদৰে তদন্ত কৰি আছে, সেই গোচৰটোক সন্দেহজনক বুলি গণ্য কৰা হৈছে।


সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৭ জুনৰ নিশা তেওঁৰ হৃদযন্ত্ৰ বন্ধ হৈ পৰে, যাৰ ফলত তেওঁৰ মৃত্যু হয়।


এতিয়া এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে। ফৰেনছিক দলটোৱে শ্বেফালী জাৰিৱালাৰ ঘৰত উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰি আছে। একে সময়তে আম্বলি থানাত ঘৰৰ বনকৰা মানুহ আৰু ৰান্ধনীক জেৰা কৰা হৈছে। পৰিয়ালৰ সদস্যৰ বক্তব্যও লোৱা হৈছে।


সূত্ৰৰ পৰা জানিব পৰা মতে,চিকিৎসালয়ৰ অভ্যৰ্থনা কৰ্মচাৰীয়ে নিশ্চিত কৰিছে যে শেফালী জাৰিৱালাক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছে। তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কুপাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে, য’ত তেওঁৰ পৰিয়ালৰ সদস্য, ঘনিষ্ঠ বন্ধু আৰু ফিটনেছ প্ৰশিক্ষকও উপস্থিত হৈছে।


প্ৰশিক্ষকে কয় যে শ্বেফালীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় গুৰুত্ব আৰোপ কৰে। কঠোৰ খাদ্যাভ্যাস মানি চলিছিল আৰু দৈনিক ব্যায়াম কৰিছিল। তেওঁ আৰু কয় যে তেওঁ মাত্ৰ দুদিন আগতে শ্বেফালীক লগ পাইছিল। শ্বেফালিৰ মৃগীৰোগ আছিল, নিয়ন্ত্ৰণত ৰাখিবলৈ তেওঁ ঠাণ্ডা বস্তু আৰু পানীয় গ্ৰহণ কৰা নাছিল ।


১৯ বছৰ বয়সতে শ্বেফালী জাৰিৱালাই ‘কান্তা লাগা’ মিউজিক ভিডিঅ’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, যিয়ে তেওঁক নিশাটোৰ ভিতৰতে তাৰকা হিচাপে গঢ়ি তুলিছিল। এই গীতটোত তেওঁৰ সাহসী শৈলী আৰু নৃত্য শৈলীয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল।


ইয়াৰ পিছত আৰু কিছুমান সংগীত এলবাম আৰু ছবিত কাম কৰিছিল অভিনেত্ৰী গৰাকীয়ে। ২০০৪ চনত তেওঁ ছলমান খান আৰু অক্ষয় কুমাৰৰ ছবি ‘মুঝছে ছাদি কৰোগী’তো অভিনয় কৰিছিল। ইয়াৰ উপৰিও কানাড়া ছবি হুডুগাৰুতো তেওঁক দেখা গৈছিল। শ্বেফালীয়ে বহু নৃত্যৰ ৰিয়েলিটি শ্ব’ত অংশ লৈছিল। একে সময়তে নাচ বালিয়েত তেওঁক স্বামী পৰাগ ত্যাগীৰ সৈতে দেখা গৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ