--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তদন্তৰ বাবে গভীৰ নিশা আন্ধেৰীৰ শ্বেফালীৰ ঘৰত উপস্থিত হয় মুম্বাই আৰক্ষী

ডিজিটেল ডেস্কঃ শুকুৰবাৰে গভীৰ নিশা হঠাৎ মৃত্যু হয় অভিনেত্ৰী তথা মডেল শ্বেফালী জাৰিৱালাৰ। প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন অনুসৰি শ্বেফালিৰ হৃদযন্ত্ৰ বন্ধ হৈ পৰে, তাৰ পিছতে তেওঁৰ স্বামী পৰাগ ত্যাগীয়ে লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে অভিনেত্ৰীগৰাকীৰ জীৱন ৰক্ষা কৰিব নোৱাৰি মৃত ঘোষণা কৰে। তেওঁৰ মৃত্যুৰ খবৰে মনোৰঞ্জন জগত আৰু অনুৰাগীৰ মাজত শোকৰ ছাঁ কঢ়িয়াই আনিলে।


নিশা প্ৰায় ১২:৩০ বজাত অভিনেত্ৰীগৰাকীৰ মৃতদেহ আন্ধেৰীৰ কুপাৰ হাস্পতাললৈ অনাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। কুপাৰ হাস্পতালৰ এ এম অ’ (সহকাৰী চিকিৎসা বিষয়া)ৰ মতে, মৃতদেহটো আন এখন চিকিৎসালয়ৰ পৰা অনা হৈছে, গতিকে মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে জানিব পৰা যাব।


ইফালে, তদন্তৰ বাবে গভীৰ নিশা আন্ধেৰীৰ শ্বেফালীৰ ঘৰত উপস্থিত হয় মুম্বাই আৰক্ষী। ফৰেনছিক দলটোও থিতাতে উপস্থিত হৈ ঘৰটোত পুংখানুপুংখভাৱে তালাচী চলায়। যদিও, শ্বেফালীৰ মৃত্যু সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই, কিন্তু আৰক্ষী আৰু ফৰেনছিক দলে যিদৰে তদন্ত কৰি আছে, সেই গোচৰটোক সন্দেহজনক বুলি গণ্য কৰা হৈছে।


সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৭ জুনৰ নিশা তেওঁৰ হৃদযন্ত্ৰ বন্ধ হৈ পৰে, যাৰ ফলত তেওঁৰ মৃত্যু হয়।


এতিয়া এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে। ফৰেনছিক দলটোৱে শ্বেফালী জাৰিৱালাৰ ঘৰত উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰি আছে। একে সময়তে আম্বলি থানাত ঘৰৰ বনকৰা মানুহ আৰু ৰান্ধনীক জেৰা কৰা হৈছে। পৰিয়ালৰ সদস্যৰ বক্তব্যও লোৱা হৈছে।


সূত্ৰৰ পৰা জানিব পৰা মতে,চিকিৎসালয়ৰ অভ্যৰ্থনা কৰ্মচাৰীয়ে নিশ্চিত কৰিছে যে শেফালী জাৰিৱালাক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছে। তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কুপাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে, য’ত তেওঁৰ পৰিয়ালৰ সদস্য, ঘনিষ্ঠ বন্ধু আৰু ফিটনেছ প্ৰশিক্ষকও উপস্থিত হৈছে।


প্ৰশিক্ষকে কয় যে শ্বেফালীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় গুৰুত্ব আৰোপ কৰে। কঠোৰ খাদ্যাভ্যাস মানি চলিছিল আৰু দৈনিক ব্যায়াম কৰিছিল। তেওঁ আৰু কয় যে তেওঁ মাত্ৰ দুদিন আগতে শ্বেফালীক লগ পাইছিল। শ্বেফালিৰ মৃগীৰোগ আছিল, নিয়ন্ত্ৰণত ৰাখিবলৈ তেওঁ ঠাণ্ডা বস্তু আৰু পানীয় গ্ৰহণ কৰা নাছিল ।


১৯ বছৰ বয়সতে শ্বেফালী জাৰিৱালাই ‘কান্তা লাগা’ মিউজিক ভিডিঅ’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, যিয়ে তেওঁক নিশাটোৰ ভিতৰতে তাৰকা হিচাপে গঢ়ি তুলিছিল। এই গীতটোত তেওঁৰ সাহসী শৈলী আৰু নৃত্য শৈলীয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল।


ইয়াৰ পিছত আৰু কিছুমান সংগীত এলবাম আৰু ছবিত কাম কৰিছিল অভিনেত্ৰী গৰাকীয়ে। ২০০৪ চনত তেওঁ ছলমান খান আৰু অক্ষয় কুমাৰৰ ছবি ‘মুঝছে ছাদি কৰোগী’তো অভিনয় কৰিছিল। ইয়াৰ উপৰিও কানাড়া ছবি হুডুগাৰুতো তেওঁক দেখা গৈছিল। শ্বেফালীয়ে বহু নৃত্যৰ ৰিয়েলিটি শ্ব’ত অংশ লৈছিল। একে সময়তে নাচ বালিয়েত তেওঁক স্বামী পৰাগ ত্যাগীৰ সৈতে দেখা গৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
১ নৱেম্বৰৰ পৰা দশম শ্ৰেণীৰ শিক্ষার্থীলৈ 'প্ৰেৰণা', মাহে ৩০০ টকাকৈ ছমাহ লাভ কৰিব ধন
গুৱাহাটী বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে এবিভিপিৰ দাবীত স্নাতক আৰু বি. টেক.ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ভোটাধিকাৰ
বানৰ কবলত গহপুৰ, বিশ্বনাথ, চাৰিদুৱাৰ, ব্ৰহ্মাজান, ছত্ৰং নৈৰ মথাউৰি ছিগি বিস্তীর্ণ অঞ্চল প্লাৱিত
আগষ্টত আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ মহম্মদ ছিৰাজ
চিতাত মুখাগ্নি কৰাৰ পূৰ্বে জী উঠিল মহিলা! পৰিয়ালৰ মাজত হাহাকাৰ
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ; আজি ফাইনেলত যুঁজিব নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি