--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ব'ম্বে নেছাৰেল হিছটৰি ছচাইটি (বি এন এইচ এছ) কয় যে এতিয়ালৈকে তেওঁলোকে ভাৰতৰ বিভিন্ন সংৰক্ষণমূলক লালন-পালন কেন্দ্রত ৮ শতাধিক শগুন ডাঙৰ-দীঘল কৰিছে।

ডিজিটেল ডেস্ক: মুম্বাইস্থিত এটা অগ্রণী বন্যপ্রাণী গৱেষণা সংগঠনে সংৰক্ষণমূলক লালন-পালন আঁচনিৰ অংশৰূপে অসমত হেৰাই যাবলৈ ধৰা শগুন মেলি দিয়াৰ পৰিকল্পনা কৰিছে। 


ব'ম্বে নেছাৰেল হিছটৰি ছচাইটি (বি এন এইচ এছ) কয় যে এতিয়ালৈকে তেওঁলোকে ভাৰতৰ বিভিন্ন সংৰক্ষণমূলক লালন-পালন কেন্দ্রত ৮ শতাধিক শগুন ডাঙৰ-দীঘল কৰিছে। 


১৪২ বছৰীয়া গৱেষণা সংগঠনটোৱে অসমত শগুন মেলাৰ ইয়াৰ পৰিকল্পনাৰ চূড়ান্ত পৰ্যায়ত আছে বুলি জানিবলৈ দিয়ে। বি এন এইচ এছে বৃহস্পতিবাৰে জাৰি কৰা এখন বিজ্ঞপ্তিত কয় যে এই মেলি দিয়া শগুনে অসমত সাধাৰণ পশুপালক, খেতিয়ক আৰু জনসাধাৰণলৈ সেৱা আগবঢ়াব। বি এন এইচ এছৰ বিজ্ঞানীয়ে বিজ্ঞপ্তিত কয় যে তেওঁলোকে অহা মাহত অসমত স্লেণ্ডাৰ-বিল্ড আৰু হোৱাইট-ৰেম্পড নামৰ দুটা প্ৰজাতিৰ শগুন অসমত মেলি দিব। 


ৰয়েল ছচাইটি ফৰ প্রটেকশান অব বাৰ্ছ (আৰ এছ পি বি) আৰু অসমৰ বন বিভাগৰ সহযোগত উক্ত সংগঠনৰ এটা দলে শগুন মেলাৰ বাবে একেৰাহে কাম কৰি আছে। 


উক্ত আঁচনিৰ অংশৰূপে বি এন এইচ এছৰ কেইবাটাও দলে গাঁও পৰ্যায়ৰ সভা অনুষ্ঠিত কৰিছে তথা শগুন আৰু শগুনৰ গুৰুত্বৰ বিষয়ে গাঁওবাসীক শিক্ষিত কৰিছে বুলি বিজ্ঞপ্তিখনত কোৱা হৈছে। জ্যেষ্ঠ বিজ্ঞানী তথা বি এন এইচ এছৰ উপ সঞ্চালক শচীন ৰাণাডেয়ে কয় যে শগুনবোৰ 'ছফ্ট ৰিলীজ মেথড' নামৰ বৈজ্ঞানিক ধৰণে মেলি দিয়া হ'ব। 


ৰাণাডেয়ে আৰু কয় যে বি এন এইচ এছৰ অসমভিত্তিক পৰিকল্পনা শগুন সংৰক্ষণত এক গুৰুত্বপূৰ্ণ প্রকল্প হ'ব। ৰাণাডেয়ে কয় যে বর্তমান সময়ত ভাৰতৰ ভিতৰত অসমেই শগুনৰ স্লেণ্ডাৰ-বিল্ড প্ৰজাতিৰ ঘাটি। এই প্রজাতিক ৰক্ষা কৰাটো সংৰক্ষণ আৰু বিশ্বত উক্ত প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ