--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ব'ম্বে নেছাৰেল হিছটৰি ছচাইটি (বি এন এইচ এছ) কয় যে এতিয়ালৈকে তেওঁলোকে ভাৰতৰ বিভিন্ন সংৰক্ষণমূলক লালন-পালন কেন্দ্রত ৮ শতাধিক শগুন ডাঙৰ-দীঘল কৰিছে।

ডিজিটেল ডেস্ক: মুম্বাইস্থিত এটা অগ্রণী বন্যপ্রাণী গৱেষণা সংগঠনে সংৰক্ষণমূলক লালন-পালন আঁচনিৰ অংশৰূপে অসমত হেৰাই যাবলৈ ধৰা শগুন মেলি দিয়াৰ পৰিকল্পনা কৰিছে। 


ব'ম্বে নেছাৰেল হিছটৰি ছচাইটি (বি এন এইচ এছ) কয় যে এতিয়ালৈকে তেওঁলোকে ভাৰতৰ বিভিন্ন সংৰক্ষণমূলক লালন-পালন কেন্দ্রত ৮ শতাধিক শগুন ডাঙৰ-দীঘল কৰিছে। 


১৪২ বছৰীয়া গৱেষণা সংগঠনটোৱে অসমত শগুন মেলাৰ ইয়াৰ পৰিকল্পনাৰ চূড়ান্ত পৰ্যায়ত আছে বুলি জানিবলৈ দিয়ে। বি এন এইচ এছে বৃহস্পতিবাৰে জাৰি কৰা এখন বিজ্ঞপ্তিত কয় যে এই মেলি দিয়া শগুনে অসমত সাধাৰণ পশুপালক, খেতিয়ক আৰু জনসাধাৰণলৈ সেৱা আগবঢ়াব। বি এন এইচ এছৰ বিজ্ঞানীয়ে বিজ্ঞপ্তিত কয় যে তেওঁলোকে অহা মাহত অসমত স্লেণ্ডাৰ-বিল্ড আৰু হোৱাইট-ৰেম্পড নামৰ দুটা প্ৰজাতিৰ শগুন অসমত মেলি দিব। 


ৰয়েল ছচাইটি ফৰ প্রটেকশান অব বাৰ্ছ (আৰ এছ পি বি) আৰু অসমৰ বন বিভাগৰ সহযোগত উক্ত সংগঠনৰ এটা দলে শগুন মেলাৰ বাবে একেৰাহে কাম কৰি আছে। 


উক্ত আঁচনিৰ অংশৰূপে বি এন এইচ এছৰ কেইবাটাও দলে গাঁও পৰ্যায়ৰ সভা অনুষ্ঠিত কৰিছে তথা শগুন আৰু শগুনৰ গুৰুত্বৰ বিষয়ে গাঁওবাসীক শিক্ষিত কৰিছে বুলি বিজ্ঞপ্তিখনত কোৱা হৈছে। জ্যেষ্ঠ বিজ্ঞানী তথা বি এন এইচ এছৰ উপ সঞ্চালক শচীন ৰাণাডেয়ে কয় যে শগুনবোৰ 'ছফ্ট ৰিলীজ মেথড' নামৰ বৈজ্ঞানিক ধৰণে মেলি দিয়া হ'ব। 


ৰাণাডেয়ে আৰু কয় যে বি এন এইচ এছৰ অসমভিত্তিক পৰিকল্পনা শগুন সংৰক্ষণত এক গুৰুত্বপূৰ্ণ প্রকল্প হ'ব। ৰাণাডেয়ে কয় যে বর্তমান সময়ত ভাৰতৰ ভিতৰত অসমেই শগুনৰ স্লেণ্ডাৰ-বিল্ড প্ৰজাতিৰ ঘাটি। এই প্রজাতিক ৰক্ষা কৰাটো সংৰক্ষণ আৰু বিশ্বত উক্ত প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু