--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেদব্রতে বৃহস্পতিবাৰে স্নেটছত ১৪৫ কিল'গ্ৰামৰ বিপৰীতে ক্লীন এণ্ড জার্কত ১৮১ কিল'গ্রামসহ সামগ্রিকভাৱে মুঠ ৩২৬ কিল'গ্রাম ওজন উত্তোলনেৰে প্রত্যাশিতভাৱে দেশ তথা ৰাজ্যবাসীলৈ স্বর্ণজয়ী গৌৰৱ কঢ়িয়াই আনিলে।

ডিজিটেল ডেস্ক : অভিনৱ গগৈয়ে গড়া অভিলেখৰ খলকনি নৌ মাৰ যাওঁতেই ডিব্ৰুগড় জিলাৰ বেদব্রত ভৰালীয়ে চমক সৃষ্টিৰে কমনৱেলথ ভাৰোত্তোলনৰ স্নেটছ, ক্লীন এণ্ড জাৰ্ক তথা সামগ্রিক ওজন উত্তোলনত তিনিটা নতুন অভিলেখ গঢ়ে।


দ্বিতীয়গৰাকী অসম সন্তান ৰূপে স্বর্ণপদকেৰে গৌৰৱৰ এক নতুন অধ্যায়ৰ সূচনা কৰিলে। আহমেদাবাদত অনুষ্ঠিত আন্তর্জাতিক প্রতিযোগিতাখনত ল'ৰাৰ জুনিয়ৰ শাখাৰ ৭৯ কিল'গ্রাম ওজনত খেলা বেদব্রতে বৃহস্পতিবাৰে স্নেটছত ১৪৫ কিল'গ্ৰামৰ বিপৰীতে ক্লীন এণ্ড জার্কত ১৮১ কিল'গ্রামসহ সামগ্রিকভাৱে মুঠ ৩২৬ কিল'গ্রাম ওজন উত্তোলনেৰে প্রত্যাশিতভাৱে দেশ তথা ৰাজ্যবাসীলৈ স্বর্ণজয়ী গৌৰৱ কঢ়িয়াই আনিলে।


ইয়াৰ পূৰ্বে বেদব্রতে দেশৰ প্ৰথমগৰাকী ভাৰোত্তোলক ৰূপে বিশ্ব যুৱ চেম্পিয়নশ্বিপত সোণ অৰ্জন কৰি ইতিহাস ৰচনা কৰি থৈছে। ভাৰতীয় ভাৰোত্তোলন সন্থাই আয়োজন কৰা আহমেদাবাদৰ বীৰ ছাভাৰকাৰ ক্ৰীড়া প্রকল্পত চলি থকা প্রতিযোগিতাত ৩২৬ কিল'গ্রাম ওজন উত্তোলনৰ জৰিয়তে তেওঁ তৃতীয়টো কমনৱেলথৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ব্রেদৱতৰ পূর্বে বুধবাৰে ল'ৰাৰ যুৱ শাখাৰ ৭১ কিল'গ্রামত অসম সন্তান অভিনর গগৈয়ে একেই অভিলেখ গঢ়ি সোণ লাভ কৰিছিল।


গৌৰৱৰ বিষয় এয়ে যে চলিত প্রতিযোগিতাখনত অসমৰ যি পাঁচগৰাকী ভাৰোত্তোলকে দেশক প্রতিনিধিত্ব কৰিছিল আটাইকেইগৰকীয়ে সোণ অৰ্জন কৰি আন এক নতুন অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে অসমৰ ধৰ্মজ্যোতি দেউঘৰিয়াই ল'ৰাৰ যুৱ শাখাৰ ৫৬ কিল'গ্ৰামত কমনৱেলথৰ নতুন অভিলেখ গঢ়ি সোণ লাভ কৰাৰ বিপৰীতে ছোৱালীৰ যুৱ শাখাৰ ৫৮ কিল'গ্রাম শাখাত ভাবনা গগৈয়ে সোণ অর্জন কৰিছিল। আনহাতে, ল'ৰাৰ জুনিয়ৰৰ ৭১ কিল'গ্রাম শাখাত অসমৰ হেমন্ত দৈমাৰীয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ