--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেদব্রতে বৃহস্পতিবাৰে স্নেটছত ১৪৫ কিল'গ্ৰামৰ বিপৰীতে ক্লীন এণ্ড জার্কত ১৮১ কিল'গ্রামসহ সামগ্রিকভাৱে মুঠ ৩২৬ কিল'গ্রাম ওজন উত্তোলনেৰে প্রত্যাশিতভাৱে দেশ তথা ৰাজ্যবাসীলৈ স্বর্ণজয়ী গৌৰৱ কঢ়িয়াই আনিলে।

ডিজিটেল ডেস্ক : অভিনৱ গগৈয়ে গড়া অভিলেখৰ খলকনি নৌ মাৰ যাওঁতেই ডিব্ৰুগড় জিলাৰ বেদব্রত ভৰালীয়ে চমক সৃষ্টিৰে কমনৱেলথ ভাৰোত্তোলনৰ স্নেটছ, ক্লীন এণ্ড জাৰ্ক তথা সামগ্রিক ওজন উত্তোলনত তিনিটা নতুন অভিলেখ গঢ়ে।


দ্বিতীয়গৰাকী অসম সন্তান ৰূপে স্বর্ণপদকেৰে গৌৰৱৰ এক নতুন অধ্যায়ৰ সূচনা কৰিলে। আহমেদাবাদত অনুষ্ঠিত আন্তর্জাতিক প্রতিযোগিতাখনত ল'ৰাৰ জুনিয়ৰ শাখাৰ ৭৯ কিল'গ্রাম ওজনত খেলা বেদব্রতে বৃহস্পতিবাৰে স্নেটছত ১৪৫ কিল'গ্ৰামৰ বিপৰীতে ক্লীন এণ্ড জার্কত ১৮১ কিল'গ্রামসহ সামগ্রিকভাৱে মুঠ ৩২৬ কিল'গ্রাম ওজন উত্তোলনেৰে প্রত্যাশিতভাৱে দেশ তথা ৰাজ্যবাসীলৈ স্বর্ণজয়ী গৌৰৱ কঢ়িয়াই আনিলে।


ইয়াৰ পূৰ্বে বেদব্রতে দেশৰ প্ৰথমগৰাকী ভাৰোত্তোলক ৰূপে বিশ্ব যুৱ চেম্পিয়নশ্বিপত সোণ অৰ্জন কৰি ইতিহাস ৰচনা কৰি থৈছে। ভাৰতীয় ভাৰোত্তোলন সন্থাই আয়োজন কৰা আহমেদাবাদৰ বীৰ ছাভাৰকাৰ ক্ৰীড়া প্রকল্পত চলি থকা প্রতিযোগিতাত ৩২৬ কিল'গ্রাম ওজন উত্তোলনৰ জৰিয়তে তেওঁ তৃতীয়টো কমনৱেলথৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ব্রেদৱতৰ পূর্বে বুধবাৰে ল'ৰাৰ যুৱ শাখাৰ ৭১ কিল'গ্রামত অসম সন্তান অভিনর গগৈয়ে একেই অভিলেখ গঢ়ি সোণ লাভ কৰিছিল।


গৌৰৱৰ বিষয় এয়ে যে চলিত প্রতিযোগিতাখনত অসমৰ যি পাঁচগৰাকী ভাৰোত্তোলকে দেশক প্রতিনিধিত্ব কৰিছিল আটাইকেইগৰকীয়ে সোণ অৰ্জন কৰি আন এক নতুন অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে অসমৰ ধৰ্মজ্যোতি দেউঘৰিয়াই ল'ৰাৰ যুৱ শাখাৰ ৫৬ কিল'গ্ৰামত কমনৱেলথৰ নতুন অভিলেখ গঢ়ি সোণ লাভ কৰাৰ বিপৰীতে ছোৱালীৰ যুৱ শাখাৰ ৫৮ কিল'গ্রাম শাখাত ভাবনা গগৈয়ে সোণ অর্জন কৰিছিল। আনহাতে, ল'ৰাৰ জুনিয়ৰৰ ৭১ কিল'গ্রাম শাখাত অসমৰ হেমন্ত দৈমাৰীয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু