--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰথমখন ছেমি ফাইনেলত ঝাৰখণ্ড ফুটবল দলে মহাৰাষ্ট্ৰ ফুটবল দলক একমাত্র গ'লত পৰাভূত কৰি চূড়ান্ত খেলত উপনীত হৈছে

ডিজিটেল ডেস্ক : সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত যোৰহাট জিলা ক্রীড়া সন্থাৰ তত্ত্বাৱধানত যোৰহাট ষ্টেডিয়ামত চলি থকা ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ শুকুৰবাৰে পুৱা অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত ঝাৰখণ্ড ফুটবল দলে মহাৰাষ্ট্ৰ ফুটবল দলক একমাত্র গ'লত পৰাভূত কৰি চূড়ান্ত খেলত উপনীত হৈছে। আক্রমণ প্রত্যাক্রমণেৰে ভৰপূৰ খেলখনত ঝাৰখণ্ড ফুটবল দলৰ হৈ গ'লটো দিয়ে নেনচি মুণ্ডাই।


আনহাতে, দ্বিতীয়খন ছেমি ফাইনেলত মণিপুৰ ফুটবল দলে বিহাৰ ফুটবল দলক টাইব্ৰেকাৰত সামগ্রিকভাৱে ৫-৪ গ'লত পৰাভূত কৰি চূড়ান্ত খেলত উপনীত হৈছে। নির্ধাৰিত সময়লৈকে ১-১ গ'লত ড্ৰ হৈ ৰয়। পুনৰ অতিৰিক্ত ৩০ মিনিটৰ খেলো ড্র হিচাপে সম্পন্ন হোৱাত টাইব্ৰেকাৰ পদ্ধতি অৱলম্বন কৰে। টাইব্ৰেকাৰত মণিপুৰ দলে চাৰিটা গ'ল কাৰ্যকৰী কৰা বিপৰীতে বিহাৰ দলে তিনিটা গ'ল দিবলৈ সক্ষম হয়।



মণিপুৰ ফুটবল দলৰ হৈ গ'লকেইটা কাৰ্যকৰী কৰিবলৈ সক্ষম হয় ক্রমে আশালতা দেৱী, নন্দিনী দেৱী, মংগলিবি ইৰ'ম আৰু ইৰ'ম দেৱীকা চানু। আনহাতে, বিহাৰ দলৰ হৈ গ'লকেইটা কাৰ্যকৰী কৰিবলৈ সক্ষম হয় পিংকী কুমাৰী, ঋতিকা কুমাৰী আৰু ৰিংকী কুমাৰী চৌহানে।



উল্লেখযোগ্য যে যোৰহাট ষ্টেডিয়ামখন এজাক বৰষুণত পানীৰে উপচি পৰাৰ ফলত দুয়োটা দলে অতিৰিক্ত পৰিশ্ৰম কৰিব লগা হ'ল। ৩০ আগষ্টত চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব মণিপুৰ ফুটবল দল বনাম ঝাৰখণ্ড ফুটবল দল। সময় : সন্ধিয়া ৬-৩০ বজাত।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু