--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰথমখন ছেমি ফাইনেলত ঝাৰখণ্ড ফুটবল দলে মহাৰাষ্ট্ৰ ফুটবল দলক একমাত্র গ'লত পৰাভূত কৰি চূড়ান্ত খেলত উপনীত হৈছে

ডিজিটেল ডেস্ক : সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত যোৰহাট জিলা ক্রীড়া সন্থাৰ তত্ত্বাৱধানত যোৰহাট ষ্টেডিয়ামত চলি থকা ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ শুকুৰবাৰে পুৱা অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত ঝাৰখণ্ড ফুটবল দলে মহাৰাষ্ট্ৰ ফুটবল দলক একমাত্র গ'লত পৰাভূত কৰি চূড়ান্ত খেলত উপনীত হৈছে। আক্রমণ প্রত্যাক্রমণেৰে ভৰপূৰ খেলখনত ঝাৰখণ্ড ফুটবল দলৰ হৈ গ'লটো দিয়ে নেনচি মুণ্ডাই।


আনহাতে, দ্বিতীয়খন ছেমি ফাইনেলত মণিপুৰ ফুটবল দলে বিহাৰ ফুটবল দলক টাইব্ৰেকাৰত সামগ্রিকভাৱে ৫-৪ গ'লত পৰাভূত কৰি চূড়ান্ত খেলত উপনীত হৈছে। নির্ধাৰিত সময়লৈকে ১-১ গ'লত ড্ৰ হৈ ৰয়। পুনৰ অতিৰিক্ত ৩০ মিনিটৰ খেলো ড্র হিচাপে সম্পন্ন হোৱাত টাইব্ৰেকাৰ পদ্ধতি অৱলম্বন কৰে। টাইব্ৰেকাৰত মণিপুৰ দলে চাৰিটা গ'ল কাৰ্যকৰী কৰা বিপৰীতে বিহাৰ দলে তিনিটা গ'ল দিবলৈ সক্ষম হয়।



মণিপুৰ ফুটবল দলৰ হৈ গ'লকেইটা কাৰ্যকৰী কৰিবলৈ সক্ষম হয় ক্রমে আশালতা দেৱী, নন্দিনী দেৱী, মংগলিবি ইৰ'ম আৰু ইৰ'ম দেৱীকা চানু। আনহাতে, বিহাৰ দলৰ হৈ গ'লকেইটা কাৰ্যকৰী কৰিবলৈ সক্ষম হয় পিংকী কুমাৰী, ঋতিকা কুমাৰী আৰু ৰিংকী কুমাৰী চৌহানে।



উল্লেখযোগ্য যে যোৰহাট ষ্টেডিয়ামখন এজাক বৰষুণত পানীৰে উপচি পৰাৰ ফলত দুয়োটা দলে অতিৰিক্ত পৰিশ্ৰম কৰিব লগা হ'ল। ৩০ আগষ্টত চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব মণিপুৰ ফুটবল দল বনাম ঝাৰখণ্ড ফুটবল দল। সময় : সন্ধিয়া ৬-৩০ বজাত।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ