--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজি অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ এখন ৰোমাঞ্চকৰ মেচত বড়োলেণ্ড এফ চি এগলত পিছ পৰি থকাৰ পাছতো দৃঢ়তাৰে প্ৰত্যাৱৰ্তন কৰি তিনি পইণ্ট অৰ্জন কৰে

ডিজিটেল ডেস্কঃ বড়োলেণ্ড এফ চিয়ে অসমৰে আন এটা ক্লাব কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ২-১ গলত পৰাস্ত কৰি চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত প্ৰত্যাশিতভাবে অভিযান আৰম্ভ কৰিছে৷


কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজি অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ এখন ৰোমাঞ্চকৰ মেচত বড়োলেণ্ড এফ চি এগলত পিছ পৰি থকাৰ পাছতো দৃঢ়তাৰে প্ৰত্যাৱৰ্তন কৰি তিনি পইণ্ট অৰ্জন কৰে৷


ঘৰুৱা অনুৰাগীৰ সমৰ্থন লাভ কৰা বড়োলেণ্ড এফ চিয়ে খেলৰ আৰম্ভনিতে গল কৰাৰ সুযোগ পাইছিল৷ কিন্তু ৰবিনছনে দলক প্ৰথমে অগ্ৰগতি দিয়াত ব্যৰ্থ হয়৷ বিপৰীতে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ বিদেশী ষ্ট্ৰাইকাৰ যোছেফে খেলৰ ২৫ মিনিটত পেনাল্টি ব’ক্সৰ সামান্য বাহিৰৰ পৰাই তীব্ৰ শ্বটৰে বল বিপক্ষৰ দুৰ্গত সোমাই দি দলক ১-০ ৰ অগ্ৰগতি দিয়ে৷ কিন্তু মৰ্ণিং ষ্টাৰে অগ্ৰগতি ধৰি ৰাখিব নোৱাৰিলে৷


খেলৰ ৩৭ মিনিটত মিডফিল্ডৰ পৰা পোৱা এটা দীঘলীয়া শ্বটৰ বল দৰ্শনীয়ৰূপত নিয়ন্ত্ৰণ কৰি বড়োলেণ্ড এফ চিৰ যুৱ তাৰকা গগনছাৰ গয়াৰীয়ে যাদুকৰী শ্বটৰে গল কৰে আৰু মেচত সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷ বিৰতিলৈ খেলৰ ফলাফল আছিল ১-১৷


দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত উভয় দলে আক্ৰমণৰ ৰণনীতি লয়৷ কিন্তু মৰ্ণিং ষ্টাৰে দুবাৰকৈ গল কৰাৰ সুযোগ নষ্ট কৰাৰ বিপৰীতে সফলতা লাভ কৰে বড়োলেণ্ড এফ চিয়ে৷ ৬০ মিনিটত ৰবিনছনে লাভ কৰা দ্বিতীয় সুযোগৰ সুন্দৰ ব্যৱহাৰ কৰি অনবদ্য গলৰে দলক ২-১ ৰ অগ্ৰগতি দিয়ে৷ ইফালে, ৭৫ মিনিটত খেলপথাৰলৈ এজাক মৌ-মাখি অহাত খেল কিছুসময়ৰ বাবে বন্ধ হয়৷


উল্লেখ্য যে আজিৰ মেচখন মৰ্ণিং ষ্টাৰৰ বাবে মৰণপণ আছিল৷ ক্ৰমাগত দ্বিতীয় পৰাজয়ে দলৰ নকআউট ৰাউণ্ডলৈ যোগ্যতাৰ সুযোগ সমাপ্ত কৰিলে৷ ইয়াৰপূৰ্বে প্ৰথম মেচত আই টি বি পি ফুটবল দলে ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰিছিল দহজনৰে খেলা মৰ্ণিং ষ্টাৰ এফ চিক৷


ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ কাইলৈ হ’বলগা দুখন মেচৰ প্ৰথমখনত ভাৰতীয় নৌ সেনাৰ ফুটবল দলে ৰিয়েল কাশ্মীৰ এফ চিৰ মুখামুখি হ’ব৷ গ্ৰুপ ‘এফ’ৰ এই মেচখন দিনৰ চাৰি বজাত ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷


আনহাতে, দ্বিতীয় মেচখনত ডাইমণ্ড হাৰবাৰ এফ চিয়ে বি এছ এফ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত নিশা সাত বজাত গ্ৰুপ ‘বি’ৰ এই মেচখন অনুষ্ঠিত হ’ব৷ ফুটবলপ্ৰেমীয়ে প্ৰতিযোগিতাৰ মেচ ছ’নী টিভিত উপভোগ কৰিব পাৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু