--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজি অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ এখন ৰোমাঞ্চকৰ মেচত বড়োলেণ্ড এফ চি এগলত পিছ পৰি থকাৰ পাছতো দৃঢ়তাৰে প্ৰত্যাৱৰ্তন কৰি তিনি পইণ্ট অৰ্জন কৰে

ডিজিটেল ডেস্কঃ বড়োলেণ্ড এফ চিয়ে অসমৰে আন এটা ক্লাব কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ২-১ গলত পৰাস্ত কৰি চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত প্ৰত্যাশিতভাবে অভিযান আৰম্ভ কৰিছে৷


কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজি অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ এখন ৰোমাঞ্চকৰ মেচত বড়োলেণ্ড এফ চি এগলত পিছ পৰি থকাৰ পাছতো দৃঢ়তাৰে প্ৰত্যাৱৰ্তন কৰি তিনি পইণ্ট অৰ্জন কৰে৷


ঘৰুৱা অনুৰাগীৰ সমৰ্থন লাভ কৰা বড়োলেণ্ড এফ চিয়ে খেলৰ আৰম্ভনিতে গল কৰাৰ সুযোগ পাইছিল৷ কিন্তু ৰবিনছনে দলক প্ৰথমে অগ্ৰগতি দিয়াত ব্যৰ্থ হয়৷ বিপৰীতে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ বিদেশী ষ্ট্ৰাইকাৰ যোছেফে খেলৰ ২৫ মিনিটত পেনাল্টি ব’ক্সৰ সামান্য বাহিৰৰ পৰাই তীব্ৰ শ্বটৰে বল বিপক্ষৰ দুৰ্গত সোমাই দি দলক ১-০ ৰ অগ্ৰগতি দিয়ে৷ কিন্তু মৰ্ণিং ষ্টাৰে অগ্ৰগতি ধৰি ৰাখিব নোৱাৰিলে৷


খেলৰ ৩৭ মিনিটত মিডফিল্ডৰ পৰা পোৱা এটা দীঘলীয়া শ্বটৰ বল দৰ্শনীয়ৰূপত নিয়ন্ত্ৰণ কৰি বড়োলেণ্ড এফ চিৰ যুৱ তাৰকা গগনছাৰ গয়াৰীয়ে যাদুকৰী শ্বটৰে গল কৰে আৰু মেচত সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷ বিৰতিলৈ খেলৰ ফলাফল আছিল ১-১৷


দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত উভয় দলে আক্ৰমণৰ ৰণনীতি লয়৷ কিন্তু মৰ্ণিং ষ্টাৰে দুবাৰকৈ গল কৰাৰ সুযোগ নষ্ট কৰাৰ বিপৰীতে সফলতা লাভ কৰে বড়োলেণ্ড এফ চিয়ে৷ ৬০ মিনিটত ৰবিনছনে লাভ কৰা দ্বিতীয় সুযোগৰ সুন্দৰ ব্যৱহাৰ কৰি অনবদ্য গলৰে দলক ২-১ ৰ অগ্ৰগতি দিয়ে৷ ইফালে, ৭৫ মিনিটত খেলপথাৰলৈ এজাক মৌ-মাখি অহাত খেল কিছুসময়ৰ বাবে বন্ধ হয়৷


উল্লেখ্য যে আজিৰ মেচখন মৰ্ণিং ষ্টাৰৰ বাবে মৰণপণ আছিল৷ ক্ৰমাগত দ্বিতীয় পৰাজয়ে দলৰ নকআউট ৰাউণ্ডলৈ যোগ্যতাৰ সুযোগ সমাপ্ত কৰিলে৷ ইয়াৰপূৰ্বে প্ৰথম মেচত আই টি বি পি ফুটবল দলে ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰিছিল দহজনৰে খেলা মৰ্ণিং ষ্টাৰ এফ চিক৷


ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ কাইলৈ হ’বলগা দুখন মেচৰ প্ৰথমখনত ভাৰতীয় নৌ সেনাৰ ফুটবল দলে ৰিয়েল কাশ্মীৰ এফ চিৰ মুখামুখি হ’ব৷ গ্ৰুপ ‘এফ’ৰ এই মেচখন দিনৰ চাৰি বজাত ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷


আনহাতে, দ্বিতীয় মেচখনত ডাইমণ্ড হাৰবাৰ এফ চিয়ে বি এছ এফ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত নিশা সাত বজাত গ্ৰুপ ‘বি’ৰ এই মেচখন অনুষ্ঠিত হ’ব৷ ফুটবলপ্ৰেমীয়ে প্ৰতিযোগিতাৰ মেচ ছ’নী টিভিত উপভোগ কৰিব পাৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement