--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বাম খেতিৰ লগতে বাৰীৰ বিভিন্ন গছ হেৰাই গৈছে বৰনৈত। আনকি বিগত বর্ষত গাঁওখনৰ ৰাইজে এই সমস্যাৰপৰা পৰিত্ৰাণ বিচাৰি দুদিনীয়া কাৰ্যসূচীৰে নদীৰ পাৰত ভাওনা সবাহৰো আয়োজন কৰিছিল।

ডিজিটেল ডেস্ক : শিৱসাগৰ জিলাৰ সৰাগুৰি চাপৰিত বিপজ্জনক ৰূপত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়া। দৈনিক চকুৰ পচাৰতে বিঘাৰ হিচাপত মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। 


বাম খেতিৰ লগতে বাৰীৰ বিভিন্ন গছ হেৰাই গৈছে বৰনৈত। আনকি বিগত বর্ষত গাঁওখনৰ ৰাইজে এই সমস্যাৰপৰা পৰিত্ৰাণ বিচাৰি দুদিনীয়া কাৰ্যসূচীৰে নদীৰ পাৰত ভাওনা সবাহৰো আয়োজন কৰিছিল। গাঁওখনৰ আইসকলে সম্পূর্ণ ধৰ্মীয় পৰম্পৰাৰে মহাবাহুৰ বুকুত ভোগ-শৰাই অর্পণ কৰি তুতি-মিনতি কৰিছিল। 


এশগছি বন্তি প্রজ্বলন কৰি ব্ৰহ্মপুত্ৰক খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্রার্থনা কৰিছিল। সম্প্রতি বানৰ তাণ্ডৱৰ পাছত এইবাৰ বিধ্বংসী ৰূপ লৈছে খহনীয়াই। এনেদৰে সৰাগুৰি চাপৰিত খহনীয়া অব্যাহত থাকিলে অতি কমদিনৰ ভিতৰতে ঐতিহাসিক আজানপীৰ দৰগাহৰ প্ৰতি চৰম ভাবুকি আহিব। আজানপীৰ অসমৰ হিন্দু-মুছলমানৰ যুগমীয়া সম্প্রীতিৰ প্রতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰ স্মৃতিত নিৰ্মাণ কৰা এক মছজিদ। প্ৰায় ২২ কিঃমিঃ নিলগত অৱস্থিত দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে অৱস্থিত দৰগাহৰ লগতে কাষৰীয়া দেওঘৰীয়া গাঁৱত আছে শতাব্দী প্রাচীন শ্ৰীশ্ৰী ৰামখাঁপীঠ দেৱালয়। 


জনশ্রুতি মতে, কালিকা পুৰাণ, দেৱী পুৰাণ আদিত উল্লেখ কৰা সতীৰ শৱদেহ খণ্ড-খণ্ড কৰাৰ ফলত এই শৱদেহৰ ৫১টা খণ্ড ভাৰতৰ ৫১খন ঠাইত পৰি যিসমূহ শক্তিপীঠৰ সৃষ্টি হৈছিল, তাৰে এখন হ'ল ৰামখাঁপীঠ। এই দুই ঐতিহাসিক স্থানৰ লগতে গোৱাল গাঁও, আলিমূৰ বৰগাঁও আদিলৈও ভাবুকি কঢ়িয়াই আনিছে। সময় থাকোঁতে চৰকাৰ তথা সংশ্লিষ্ট বিভাগক খহনীয়া প্ৰতিৰোধৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰিবলৈও স্থানীয় ৰাইজে দাবী জনাইছে। 


শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেইমাহমানৰ পূৰ্বে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল যদিও সময় যোৱাৰ লগে লগে সকলো পাহৰি যোৱা বুলি অভিযোগ কৰিছে ঐতিহাসিক চাপৰিটোৰ জনসাধাৰণে। 


আনহাতে, খহনীয়া প্ৰতিৰোধৰ বাবে উজনিৰ অফলা, চৰাইপৰাৰ পৰা সৰাগুৰি, আলিমূৰ হৈ ৰূপহীমুখলৈ এক অভিলাষী আঁচনি ৰূপায়ণৰ কথা সভাই-সমিতিয়ে বিধায়কগৰাকীয়ে সদৰী কৰিলেও কিন্তু কার্যক্ষেত্রত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আৰু মাত্ৰ তিনিটা মাহৰ পাছতেই পুনৰ আৰম্ভ হ'ব বাৰিষা। বাৰিষা অহাৰ লগে লগে খহনীয়া প্ৰতিৰোধৰ কাম কৰাটো পৰ্বতত কাছ কণী বিচৰাসদৃশ কথা। সেয়ে শীঘ্রে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্রহণ নকৰিলে উল্লিখিত ঐতিহাসিক স্থানৰ লগতে কেইবাখনো গাঁও যে হেৰাই যাব, সেয়া নিশ্চিত হৈ পৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু