--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বাম খেতিৰ লগতে বাৰীৰ বিভিন্ন গছ হেৰাই গৈছে বৰনৈত। আনকি বিগত বর্ষত গাঁওখনৰ ৰাইজে এই সমস্যাৰপৰা পৰিত্ৰাণ বিচাৰি দুদিনীয়া কাৰ্যসূচীৰে নদীৰ পাৰত ভাওনা সবাহৰো আয়োজন কৰিছিল।

ডিজিটেল ডেস্ক : শিৱসাগৰ জিলাৰ সৰাগুৰি চাপৰিত বিপজ্জনক ৰূপত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়া। দৈনিক চকুৰ পচাৰতে বিঘাৰ হিচাপত মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। 


বাম খেতিৰ লগতে বাৰীৰ বিভিন্ন গছ হেৰাই গৈছে বৰনৈত। আনকি বিগত বর্ষত গাঁওখনৰ ৰাইজে এই সমস্যাৰপৰা পৰিত্ৰাণ বিচাৰি দুদিনীয়া কাৰ্যসূচীৰে নদীৰ পাৰত ভাওনা সবাহৰো আয়োজন কৰিছিল। গাঁওখনৰ আইসকলে সম্পূর্ণ ধৰ্মীয় পৰম্পৰাৰে মহাবাহুৰ বুকুত ভোগ-শৰাই অর্পণ কৰি তুতি-মিনতি কৰিছিল। 


এশগছি বন্তি প্রজ্বলন কৰি ব্ৰহ্মপুত্ৰক খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্রার্থনা কৰিছিল। সম্প্রতি বানৰ তাণ্ডৱৰ পাছত এইবাৰ বিধ্বংসী ৰূপ লৈছে খহনীয়াই। এনেদৰে সৰাগুৰি চাপৰিত খহনীয়া অব্যাহত থাকিলে অতি কমদিনৰ ভিতৰতে ঐতিহাসিক আজানপীৰ দৰগাহৰ প্ৰতি চৰম ভাবুকি আহিব। আজানপীৰ অসমৰ হিন্দু-মুছলমানৰ যুগমীয়া সম্প্রীতিৰ প্রতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰ স্মৃতিত নিৰ্মাণ কৰা এক মছজিদ। প্ৰায় ২২ কিঃমিঃ নিলগত অৱস্থিত দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে অৱস্থিত দৰগাহৰ লগতে কাষৰীয়া দেওঘৰীয়া গাঁৱত আছে শতাব্দী প্রাচীন শ্ৰীশ্ৰী ৰামখাঁপীঠ দেৱালয়। 


জনশ্রুতি মতে, কালিকা পুৰাণ, দেৱী পুৰাণ আদিত উল্লেখ কৰা সতীৰ শৱদেহ খণ্ড-খণ্ড কৰাৰ ফলত এই শৱদেহৰ ৫১টা খণ্ড ভাৰতৰ ৫১খন ঠাইত পৰি যিসমূহ শক্তিপীঠৰ সৃষ্টি হৈছিল, তাৰে এখন হ'ল ৰামখাঁপীঠ। এই দুই ঐতিহাসিক স্থানৰ লগতে গোৱাল গাঁও, আলিমূৰ বৰগাঁও আদিলৈও ভাবুকি কঢ়িয়াই আনিছে। সময় থাকোঁতে চৰকাৰ তথা সংশ্লিষ্ট বিভাগক খহনীয়া প্ৰতিৰোধৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰিবলৈও স্থানীয় ৰাইজে দাবী জনাইছে। 


শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেইমাহমানৰ পূৰ্বে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল যদিও সময় যোৱাৰ লগে লগে সকলো পাহৰি যোৱা বুলি অভিযোগ কৰিছে ঐতিহাসিক চাপৰিটোৰ জনসাধাৰণে। 


আনহাতে, খহনীয়া প্ৰতিৰোধৰ বাবে উজনিৰ অফলা, চৰাইপৰাৰ পৰা সৰাগুৰি, আলিমূৰ হৈ ৰূপহীমুখলৈ এক অভিলাষী আঁচনি ৰূপায়ণৰ কথা সভাই-সমিতিয়ে বিধায়কগৰাকীয়ে সদৰী কৰিলেও কিন্তু কার্যক্ষেত্রত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আৰু মাত্ৰ তিনিটা মাহৰ পাছতেই পুনৰ আৰম্ভ হ'ব বাৰিষা। বাৰিষা অহাৰ লগে লগে খহনীয়া প্ৰতিৰোধৰ কাম কৰাটো পৰ্বতত কাছ কণী বিচৰাসদৃশ কথা। সেয়ে শীঘ্রে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্রহণ নকৰিলে উল্লিখিত ঐতিহাসিক স্থানৰ লগতে কেইবাখনো গাঁও যে হেৰাই যাব, সেয়া নিশ্চিত হৈ পৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ