--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কৃষি প্রধান অঞ্চল গড়লা গাঁৱৰ প্ৰায় ৯০ শতাংশ কৃষিভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে।

ডিজিটেল ডেস্ক: ব্ৰহ্মপুত্ৰ আৰু বেঁকী নদীৰ প্ৰৱল খহনীয়াত সৰ্বস্বান্ত হৈছিল শশ পৰিয়াল। কিন্তু হেৰোৱা মাটিৰ দুখত ভাগি নপৰি বালিচৰত পৰিণত হোৱা ভূমিত পুনৰ সেউজীয়াৰ সপোন ৰচিছে বৰপেটাৰ একাংশ উদ্যমী কৃষকে। বৰপেটা জিলাৰ চেঙা আৰু মন্দিয়া সমষ্টিৰ খহনীয়াগ্রস্ত অঞ্চলত এতিয়া বালিৰ বুকু ফালি লহপহকৈ বাঢ়ি অহা শস্যই কঢ়িয়াই আনিছে আশাৰ বতৰা। 


বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কৃষি প্রধান অঞ্চল গড়লা গাঁৱৰ প্ৰায় ৯০ শতাংশ কৃষিভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। এসময়ৰ উভৈনদী কৃষিভূমি আজি কেৱল বালিচৰ। এই বালিচৰতে জীৱন যুদ্ধত জিকি দেখুৱাবলৈ সাজু হৈছে আনোৱাৰ হুছেইন, সাধন আলী, নূৰ হুছেইন, ৰমজান আলী আৰু নজৰুল ইছলাম নামৰ পাঁচজন উদ্যমী যুৱক। 


পৰিত্যক্ত বালিচৰত এই পাঁচজন যুৱকে অদম্য সাহস আৰু একাগ্ৰতাৰে অঞ্চলটোৰ প্ৰায় ৫০০ বিঘা পৰিত্যক্ত বালিচৰ আৰু কঁহুৱা বন থকা ভূমি কৃষিভূমিলৈ ৰূপান্তৰিত কৰিছে। নিজৰ জেপৰ ধন ব্যয় কৰি বালি আৰু জংঘল চাফা কৰি তেওঁলোকে গঢ়ি তুলিছে এখন বিশাল কৃষি পথাৰ। বৰ্তমান এই পথাৰত জলকীয়া, তিয়হ, ধনিয়া, আলু, ৰঙালাও, মাকৈ আদিৰ খেতিয়ে নদন-বদন হৈ পৰিছে। তেওঁলোকৰ অনুপ্ৰেৰণাত অঞ্চলটোৰ আন বহু কৃষকে প্রায় দুহেজাৰ বিঘা ভূমিত কৃষিকার্য সম্পাদন কৰি আর্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হয়। 


জলসিঞ্চনৰ অভাৱ উদ্যমী কৃষকসকলে বালিচৰত ফচল ফলাবলৈ সক্ষম হ'লেও তেওঁলোকৰ সন্মুখত দেখা দিছে এক বৃহৎ প্রত্যাহ্বান। খৰালিৰ এই সময়ছোৱাত পানীৰ অভাৱত শস্যৰ স্বাভাৱিক বৃদ্ধি ব্যাহত হৈছে। যিহেতু বালিচৰত চৰকাৰীভাৱে বৃহৎ জলসিঞ্চন আঁচনি ৰূপায়ণ কৰা সহজসাধ্য নহয়, সেয়েহে কৃষকসকলে বিকল্প ব্যৱস্থাৰ দাবী জনাইছে। চৰকাৰে যদি এই চৰাঞ্চলৰ ভূমিত জলসিঞ্চনৰ বাবে ছ'লাৰ ছেট প্রদানৰ ব্যৱস্থা কৰে, তেন্তে আমাৰ উৎপাদন দুগুণ বৃদ্ধি পাব আৰু বহুতো নিবনুৱা যুৱক কৃষিৰ প্ৰতি আকৰ্ষিত হ'ব। 


বজাৰ আৰু মধ্যভোগীৰ দপদপনি উৎপাদনত সফলতা অর্জন কৰিলেও বজাৰ ব্যৱস্থাত এতিয়াও সংগ্রাম কৰিবলগীয়া হৈছে কৃষকসকলে। বৰপেটাৰ এই বানখহনীয়া পীড়িত কৃষকসকলে ৰাজ্য চৰকাৰৰ কৃষি বিভাগলৈ কাতৰ আহ্বান জনাইছে। চৰকাৰে জলসিঞ্চনৰ বাবে ছ'লাৰ পাম্পৰ যোগান ধৰক আৰু উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পাবলৈ এখন সুব্যৱস্থিত বজাৰৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে। চৰকাৰী সহযোগিতা পালে বৰপেটাৰ এই বালিচৰতে অনাগত দিনত ৰাজ্যৰ কৃষি অর্থনীতিলৈ এক উল্লেখনীয় অৱদান আগবঢ়াব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু