--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীনে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ'ব বুলি সতর্ক কৰি দিয়ে। ইফালে দুয়োখন দেশৰ মাজত আৰম্ভ হোৱা শুল্ক যুদ্ধই সমগ্র বিশ্বতে প্রভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে চীনৰ সামগ্রীত ইতিমধ্যে ৩০% শুল্ক আৰোপ কৰা আছিল। ট্রাম্পৰ শেহতীয়া ঘোষণাৰ পাছত এতিয়া অহা ১ নৱেম্বৰৰ পৰা চীনৰ পৰা অহা সামগ্ৰীত আমেৰিকাই ১৩০% শুল্ক আৰোপ কৰিব।

ডিজিটেল ডেস্কঃ চীন আৰু আমেৰিকাৰ মাজত পুনৰ শুল্ক যুদ্ধ আৰম্ভ হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে চীনৰ বিৰুদ্ধে অতিৰিক্ত ১০০% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে দুয়োখন দেশৰ মাজত শুল্ক যুদ্ধ আৰম্ভ হয়। 


চীনে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ'ব বুলি সতর্ক কৰি দিয়ে। ইফালে দুয়োখন দেশৰ মাজত আৰম্ভ হোৱা শুল্ক যুদ্ধই সমগ্র বিশ্বতে প্রভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে চীনৰ সামগ্রীত ইতিমধ্যে ৩০% শুল্ক আৰোপ কৰা আছিল। ট্রাম্পৰ শেহতীয়া ঘোষণাৰ পাছত এতিয়া অহা ১ নৱেম্বৰৰ পৰা চীনৰ পৰা অহা সামগ্ৰীত আমেৰিকাই ১৩০% শুল্ক আৰোপ কৰিব। 


চীনে ইয়াত তীব্র প্রতিক্রিয়া প্রকাশ কৰি ইয়াক আমেৰিকাৰ দুমুখীয়া নীতি বুলি কয়। ইয়াৰ লগতে চীনে ইয়াৰ অতি কঠোৰ প্ৰত্যুত্তৰ দিব বুলিও সতৰ্ক কৰি দিয়ে। চীনৰ বাণিজ্য মন্ত্ৰ্যালয়ে কঠোৰ ভাষাৰে কয় যে আমেৰিকাৰ এই পদক্ষেপ চীনৰ স্বাৰ্থৰ পৰিপন্থী। ই দেশখনৰ স্বাৰ্থক গুৰুতৰভাৱে ক্ষতি কৰিব বুলি মন্ত্ৰ্যালয়টোৱে উল্লেখ কৰি কয় যে ইয়াৰ ফলত দ্বিপাক্ষিক বাণিজ্য আলোচনাৰ পৰিৱেশ নষ্ট হ'ল। 


মন্ত্ৰ্যালয়ে লগতে কয়, 'চীনে যুঁজিবলৈ নিবিচাৰে, যুঁজিবলৈ ভয়ো নকৰে। যদি প্রয়োজন হয় প্রত্যুত্তৰমূলক ব্যৱস্থা গ্রহণ কৰিব।' বিদেশ মন্ত্র্যালয়ে কয় যে প্রতিটো ক্ষেত্ৰতে উচ্চ হাৰত শুল্ক আৰোপৰ ভাবুকি দিয়াটো চীনৰ সৈতে আলোচনা কৰাৰ সঠিক প্ৰক্ৰিয়া নহয়। আমেৰিকাৰ ভুল পৰম্পৰা তথা প্রথা বন্ধ কৰিবলৈ চীনে আমেৰিকাৰ প্ৰতি আহ্বান জনায়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ