--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীনে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ'ব বুলি সতর্ক কৰি দিয়ে। ইফালে দুয়োখন দেশৰ মাজত আৰম্ভ হোৱা শুল্ক যুদ্ধই সমগ্র বিশ্বতে প্রভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে চীনৰ সামগ্রীত ইতিমধ্যে ৩০% শুল্ক আৰোপ কৰা আছিল। ট্রাম্পৰ শেহতীয়া ঘোষণাৰ পাছত এতিয়া অহা ১ নৱেম্বৰৰ পৰা চীনৰ পৰা অহা সামগ্ৰীত আমেৰিকাই ১৩০% শুল্ক আৰোপ কৰিব।

ডিজিটেল ডেস্কঃ চীন আৰু আমেৰিকাৰ মাজত পুনৰ শুল্ক যুদ্ধ আৰম্ভ হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে চীনৰ বিৰুদ্ধে অতিৰিক্ত ১০০% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে দুয়োখন দেশৰ মাজত শুল্ক যুদ্ধ আৰম্ভ হয়। 


চীনে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ'ব বুলি সতর্ক কৰি দিয়ে। ইফালে দুয়োখন দেশৰ মাজত আৰম্ভ হোৱা শুল্ক যুদ্ধই সমগ্র বিশ্বতে প্রভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে চীনৰ সামগ্রীত ইতিমধ্যে ৩০% শুল্ক আৰোপ কৰা আছিল। ট্রাম্পৰ শেহতীয়া ঘোষণাৰ পাছত এতিয়া অহা ১ নৱেম্বৰৰ পৰা চীনৰ পৰা অহা সামগ্ৰীত আমেৰিকাই ১৩০% শুল্ক আৰোপ কৰিব। 


চীনে ইয়াত তীব্র প্রতিক্রিয়া প্রকাশ কৰি ইয়াক আমেৰিকাৰ দুমুখীয়া নীতি বুলি কয়। ইয়াৰ লগতে চীনে ইয়াৰ অতি কঠোৰ প্ৰত্যুত্তৰ দিব বুলিও সতৰ্ক কৰি দিয়ে। চীনৰ বাণিজ্য মন্ত্ৰ্যালয়ে কঠোৰ ভাষাৰে কয় যে আমেৰিকাৰ এই পদক্ষেপ চীনৰ স্বাৰ্থৰ পৰিপন্থী। ই দেশখনৰ স্বাৰ্থক গুৰুতৰভাৱে ক্ষতি কৰিব বুলি মন্ত্ৰ্যালয়টোৱে উল্লেখ কৰি কয় যে ইয়াৰ ফলত দ্বিপাক্ষিক বাণিজ্য আলোচনাৰ পৰিৱেশ নষ্ট হ'ল। 


মন্ত্ৰ্যালয়ে লগতে কয়, 'চীনে যুঁজিবলৈ নিবিচাৰে, যুঁজিবলৈ ভয়ো নকৰে। যদি প্রয়োজন হয় প্রত্যুত্তৰমূলক ব্যৱস্থা গ্রহণ কৰিব।' বিদেশ মন্ত্র্যালয়ে কয় যে প্রতিটো ক্ষেত্ৰতে উচ্চ হাৰত শুল্ক আৰোপৰ ভাবুকি দিয়াটো চীনৰ সৈতে আলোচনা কৰাৰ সঠিক প্ৰক্ৰিয়া নহয়। আমেৰিকাৰ ভুল পৰম্পৰা তথা প্রথা বন্ধ কৰিবলৈ চীনে আমেৰিকাৰ প্ৰতি আহ্বান জনায়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু