--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তিব্বত পলিচি ইনষ্টিটিউট ষ্টাডিং ইনফ্রাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ইন দ্য হিমালয়ান'ৰ এজন গৱেষক ছেৱাং দৰ্জীয়ে। মন কৰিবলগীয়া যে চীন পূর্বতে অৰুণাচল সীমান্তত অধিক সক্রিয় আছিল।

ডিজিটেল ডেস্ক : অপাৰেশ্যন সিন্দূৰৰ পাছত চীনে প্রকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতৰ বিৰুদ্ধে গভীৰ কু-চক্রান্তমূলক কাম-কাজ কৰি আছে। এই সতর্কবাণী শুনাইছে তিব্বতৰ এজন বিশেষজ্ঞই। 


তিব্বত পলিচি ইনষ্টিটিউট ষ্টাডিং ইনফ্রাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ইন দ্য হিমালয়ান'ৰ এজন গৱেষক ছেৱাং দৰ্জীয়ে। মন কৰিবলগীয়া যে চীন পূর্বতে অৰুণাচল সীমান্তত অধিক সক্রিয় আছিল। এতিয়া প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ পশ্চিম খণ্ডতো অধিক সক্রিয় হৈ পৰিছে। চীনে প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল অ' চি) পশ্চিম খণ্ডত ৰে'ল লাইন বহুওৱাৰ কাম আৰম্ভ কৰিছে। চীনৰ এই কাৰ্যক কৌশলগত দিশৰ পৰা যথেষ্ট স্পৰ্শকাতৰ বুলি কোৱা হৈছে। চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে তিব্বতৰ ৰাজধানী লাছালৈ ৰে'ল লাইন স্থাপন কৰি মহানগৰখনত ৰে'লৱে মানচিত্ৰত স্থান দিয়াৰ কথা উল্লেখ কৰে, কিন্তু ইয়াৰ প্ৰভাৱ ভাৰতৰ সামৰিক আৰু সুৰক্ষাত পৰাৰ আশংকা কৰা হৈছে। 


চীনে লাছালৈ নির্মাণ কৰি থকা ৰে'ল লাইন ভাৰতৰ সীমান্তৰ কাষেৰে পাৰ হৈছে। ইয়াৰ ফলত ভাৰতৰ সীমামূৰীয়া অঞ্চললৈ চীনৰ সৈনিকৰ অহা-যোৱা আৰু অস্ত্র-শস্ত্ৰকে ধৰি সামৰিক সামগ্ৰী পৰিবহণ কৰাৰ ক্ষমতা অপ্রত্যাশিতভাৱে বৃদ্ধি পাব। বাতৰি প্ৰতিষ্ঠান এ এন আয়ে বিশেষজ্ঞৰ উদ্ধৃতি দি প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে চীনে যিটো গতিত ৰে'ল লাইন বহুওৱাৰ কাম আৰম্ভ কৰিছে তালৈ চাই পাঁচ বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। চীনে অহা দহ বছৰত তিব্বত মালভূমিত প্রায় পাঁচ হাজাৰ কিল'মিটাৰ ৰে'ল লাইন বহুৱাব। তিব্বতৰ বিশেষজ্ঞজনে প্রকাশ কৰা মতে, ভাৰতৰ সীমান্তৰ কাষত চীনে ৰে'লপথ নির্মাণ আৰু পথ নির্মাণ দেশখনৰ সামৰিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে। দর্জীয়ে কয়, 'পূব খণ্ডত অৰুণাচল প্ৰদেশৰ কাষত চীনে আগতেই দক্ষিণ এছিয়াৰ দেশকেইখনৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ কাৰণে জলসম্পদ নিয়ন্ত্ৰণ কৰিছে। এতিয়া পশ্চিম খণ্ডত লাডাখ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ সীমান্তৰ কাষত নতুন ৰে'লপথ বহুওৱাৰ কাম আৰম্ভ কৰিছে। অপাৰেশ্যন সেন্দূৰৰ পাছত চীন অধিক সতর্ক হৈ পৰিছে।' তেওঁৰ মতে, চীনৰ পীপ লিবাৰেশ্যন আৰ্মিৰ (পি এল এ) অহা-যোৱা কৰাত সুগম হোৱাকৈ চীনে নাগচু আৰু এন্‌গাৰীৰ মাজত ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। দৰ্জীৰ মতে, ভাৰত আৰু চীনৰ মাজত যুদ্ধ লাগিলে এই আন্তঃগাঁথনি প্রকল্পই পি এল এক যথেষ্ট সহায় কৰিব। কেৱল সিমানেই নহয় চীনে তিব্বতৰ পৰা ইউৰেনিয়াম আৰু লিথিয়ামৰ দৰে প্ৰাকৃতিক সম্পদ উলিয়াই নিয়াটো এই আন্তঃগাঁথনি প্রকল্পই সহায় কৰিব। তিব্বতৰ আন এজন সমাজকর্মী তেনজিন ছুন্দুৱে চীনে নির্মাণ কৰি থকা ৰে'লপথ পশ্চিম তিব্বতৰ পৰা কৈলাস পর্বত আৰু এন্‌গাৰীৰ কাষেৰে মধ্য তিব্বতৰ শ্বিগাৎসেলৈকে যাব। 


তেওঁ বিশেষভাৱে উল্লেখ কৰে যে প্ৰস্তাৱিত ৰে'লপথ লাডাখৰ ডেমচকৰ পৰা মাত্র ২০-৩০ কিল'মিটাৰ আঁতৰেৰে যাব। যুদ্ধ সদৃশ তৎপৰতাৰে এই কাম কৰি থকা হৈছে। এই ৰে'লপথে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুতৰ উদ্বেগৰ সৃষ্টি কৰিছে। এই অঞ্চলটোত ভাৰতে এতিয়াও ৰে'লপথ নির্মাণ কৰা নাই। তেওঁৰ মতে, চীনে এই প্ৰকল্পৰ জৰিয়তে তিব্বতৰ পৰা মূল্যৱান প্রাকৃতিক সম্পদ উলিয়াই নিয়াৰ লগতে দেশখনৰ আগ্রাসন নীতিৰ অধীনত হিমালয়ৰ ভাৰতৰ অংশতো চীনে নিজৰ নিয়ন্ত্ৰণ স্থাপনৰ লক্ষ্য লোৱাৰ ইংগিত পোৱা গৈছে। দুয়োজন বিশেষজ্ঞৰ মতৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে চীনে চক্রান্তমূলকভাৱে তিব্বতলৈ ৰে'লপথ নির্মাণ আৰু ঘাইপথ নিৰ্মাণৰ কাম কৰি আছে আৰু ই হিমালয় অঞ্চলক বৃহৎ ভূ-ৰাজনৈতিক প্ৰভাৱ পেলাব পাৰে।



উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু