--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তিব্বত পলিচি ইনষ্টিটিউট ষ্টাডিং ইনফ্রাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ইন দ্য হিমালয়ান'ৰ এজন গৱেষক ছেৱাং দৰ্জীয়ে। মন কৰিবলগীয়া যে চীন পূর্বতে অৰুণাচল সীমান্তত অধিক সক্রিয় আছিল।

ডিজিটেল ডেস্ক : অপাৰেশ্যন সিন্দূৰৰ পাছত চীনে প্রকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতৰ বিৰুদ্ধে গভীৰ কু-চক্রান্তমূলক কাম-কাজ কৰি আছে। এই সতর্কবাণী শুনাইছে তিব্বতৰ এজন বিশেষজ্ঞই। 


তিব্বত পলিচি ইনষ্টিটিউট ষ্টাডিং ইনফ্রাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ইন দ্য হিমালয়ান'ৰ এজন গৱেষক ছেৱাং দৰ্জীয়ে। মন কৰিবলগীয়া যে চীন পূর্বতে অৰুণাচল সীমান্তত অধিক সক্রিয় আছিল। এতিয়া প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ পশ্চিম খণ্ডতো অধিক সক্রিয় হৈ পৰিছে। চীনে প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল অ' চি) পশ্চিম খণ্ডত ৰে'ল লাইন বহুওৱাৰ কাম আৰম্ভ কৰিছে। চীনৰ এই কাৰ্যক কৌশলগত দিশৰ পৰা যথেষ্ট স্পৰ্শকাতৰ বুলি কোৱা হৈছে। চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে তিব্বতৰ ৰাজধানী লাছালৈ ৰে'ল লাইন স্থাপন কৰি মহানগৰখনত ৰে'লৱে মানচিত্ৰত স্থান দিয়াৰ কথা উল্লেখ কৰে, কিন্তু ইয়াৰ প্ৰভাৱ ভাৰতৰ সামৰিক আৰু সুৰক্ষাত পৰাৰ আশংকা কৰা হৈছে। 


চীনে লাছালৈ নির্মাণ কৰি থকা ৰে'ল লাইন ভাৰতৰ সীমান্তৰ কাষেৰে পাৰ হৈছে। ইয়াৰ ফলত ভাৰতৰ সীমামূৰীয়া অঞ্চললৈ চীনৰ সৈনিকৰ অহা-যোৱা আৰু অস্ত্র-শস্ত্ৰকে ধৰি সামৰিক সামগ্ৰী পৰিবহণ কৰাৰ ক্ষমতা অপ্রত্যাশিতভাৱে বৃদ্ধি পাব। বাতৰি প্ৰতিষ্ঠান এ এন আয়ে বিশেষজ্ঞৰ উদ্ধৃতি দি প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে চীনে যিটো গতিত ৰে'ল লাইন বহুওৱাৰ কাম আৰম্ভ কৰিছে তালৈ চাই পাঁচ বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। চীনে অহা দহ বছৰত তিব্বত মালভূমিত প্রায় পাঁচ হাজাৰ কিল'মিটাৰ ৰে'ল লাইন বহুৱাব। তিব্বতৰ বিশেষজ্ঞজনে প্রকাশ কৰা মতে, ভাৰতৰ সীমান্তৰ কাষত চীনে ৰে'লপথ নির্মাণ আৰু পথ নির্মাণ দেশখনৰ সামৰিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে। দর্জীয়ে কয়, 'পূব খণ্ডত অৰুণাচল প্ৰদেশৰ কাষত চীনে আগতেই দক্ষিণ এছিয়াৰ দেশকেইখনৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ কাৰণে জলসম্পদ নিয়ন্ত্ৰণ কৰিছে। এতিয়া পশ্চিম খণ্ডত লাডাখ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ সীমান্তৰ কাষত নতুন ৰে'লপথ বহুওৱাৰ কাম আৰম্ভ কৰিছে। অপাৰেশ্যন সেন্দূৰৰ পাছত চীন অধিক সতর্ক হৈ পৰিছে।' তেওঁৰ মতে, চীনৰ পীপ লিবাৰেশ্যন আৰ্মিৰ (পি এল এ) অহা-যোৱা কৰাত সুগম হোৱাকৈ চীনে নাগচু আৰু এন্‌গাৰীৰ মাজত ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। দৰ্জীৰ মতে, ভাৰত আৰু চীনৰ মাজত যুদ্ধ লাগিলে এই আন্তঃগাঁথনি প্রকল্পই পি এল এক যথেষ্ট সহায় কৰিব। কেৱল সিমানেই নহয় চীনে তিব্বতৰ পৰা ইউৰেনিয়াম আৰু লিথিয়ামৰ দৰে প্ৰাকৃতিক সম্পদ উলিয়াই নিয়াটো এই আন্তঃগাঁথনি প্রকল্পই সহায় কৰিব। তিব্বতৰ আন এজন সমাজকর্মী তেনজিন ছুন্দুৱে চীনে নির্মাণ কৰি থকা ৰে'লপথ পশ্চিম তিব্বতৰ পৰা কৈলাস পর্বত আৰু এন্‌গাৰীৰ কাষেৰে মধ্য তিব্বতৰ শ্বিগাৎসেলৈকে যাব। 


তেওঁ বিশেষভাৱে উল্লেখ কৰে যে প্ৰস্তাৱিত ৰে'লপথ লাডাখৰ ডেমচকৰ পৰা মাত্র ২০-৩০ কিল'মিটাৰ আঁতৰেৰে যাব। যুদ্ধ সদৃশ তৎপৰতাৰে এই কাম কৰি থকা হৈছে। এই ৰে'লপথে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুতৰ উদ্বেগৰ সৃষ্টি কৰিছে। এই অঞ্চলটোত ভাৰতে এতিয়াও ৰে'লপথ নির্মাণ কৰা নাই। তেওঁৰ মতে, চীনে এই প্ৰকল্পৰ জৰিয়তে তিব্বতৰ পৰা মূল্যৱান প্রাকৃতিক সম্পদ উলিয়াই নিয়াৰ লগতে দেশখনৰ আগ্রাসন নীতিৰ অধীনত হিমালয়ৰ ভাৰতৰ অংশতো চীনে নিজৰ নিয়ন্ত্ৰণ স্থাপনৰ লক্ষ্য লোৱাৰ ইংগিত পোৱা গৈছে। দুয়োজন বিশেষজ্ঞৰ মতৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে চীনে চক্রান্তমূলকভাৱে তিব্বতলৈ ৰে'লপথ নির্মাণ আৰু ঘাইপথ নিৰ্মাণৰ কাম কৰি আছে আৰু ই হিমালয় অঞ্চলক বৃহৎ ভূ-ৰাজনৈতিক প্ৰভাৱ পেলাব পাৰে।



উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ