--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কনজিউমাৰপ ডিছক্ৰেশ্যনেৰী খণ্ডৰ ৫০টা আৰু হেল্থ কেয়াৰ খণ্ডৰ ২৭টা কোম্পানী দেউলীয়া ঘোষণা কৰা হৈছে।

ডিজিটেল ডেস্কঃ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধই আমেৰিকাৰ অৰ্থনীতিলৈ তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। ট্রাম্পৰ এই নীতিৰ পৰিণতিত যোৱা ছমাহত দেশখনত দেউলীয়া ঘোষণা কৰা কোম্পানীৰ সংখ্যাই বিগত ১৫ বছৰৰ অভিলেখ ভংগ কৰে।


 উল্লেখযোগ্য যে আমেৰিকাৰ ধাৰৰ বোজা প্রায় ৩৭ লাখ কোটি ডলাৰ হৈছে, যিটো দেশখনৰ অৰ্থনীতিৰ বাবে এক নেতিবাচক দিশ বুলি কোৱা হৈছে। সেই সময়তে যোৱা ছমাহত ৩৭১টা আগশাৰীৰ কোম্পানী দেউলীয়া হৈ পৰে। ইয়াৰ আগতে ২০১০ চনৰ প্ৰথম ছমাহত ৪৬৮টা কোম্পানী দেউলীয়া হৈছিল। যোৱা ছমাহত আমেৰিকাত কোম্পানী দেউলীয়া হোৱাৰ ধাৰা অব্যাহত আছে। যোৱা মাহত ৬৩টা আৰু মে' মাহত ৬৪টা কোম্পানী দেউলীয়া হৈ পৰে। এই বছৰ আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হৈছে উদ্যোগ খণ্ড। এই খণ্ডটোৰ ৫৮টা কোম্পানীয়ে নিজকে দেউলীয়া ঘোষণা কৰে।


ইয়াৰ পাছতে কনজিউমাৰপ ডিছক্ৰেশ্যনেৰী খণ্ডৰ ৫০টা আৰু হেল্থ কেয়াৰ খণ্ডৰ ২৭টা কোম্পানী দেউলীয়া ঘোষণা কৰা হৈছে।


উল্লেখযোগ্য যে ১৪ বছৰৰ ভিতৰত সৰ্বাধিকসংখ্যক কোম্পানী দেউলীয়া হোৱাৰ বিষয়ে যোৱা বছৰ ঘোষণা কৰা হৈছিল। ৰাষ্ট্ৰপতি ট্রাম্পে বিদেশী সামগ্রীত সমানুপাতিক শুল্ক আৰোপ তথা 'মেক ইন আমেৰিকা' শ্ল'গানেৰে আমেৰিকাক মহান কৰাৰ কথা ঘোষণা কৰিছে। সেই সময়তে দেশখনৰ বৃহৎসংখ্যক কোম্পানী দেউলীয়া হোৱাটো লক্ষণীয় হৈ পৰিছে।


ট্রাম্পৰ মতে, সমানুপাতিক শুল্কই বিদেশৰ পৰা আমদানি হ্রাস কৰাত সহায় কৰিব আৰু আমেৰিকাৰ কোম্পানীবোৰৰ লাভ হ'ব। ইয়াৰ লগতে শুল্কৰ জৰিয়তে হোৱা আয়ে ঋণ হ্রাস কৰাতো সহায় কৰিব বুলি তেওঁ কয়। কিন্তু সূত্রসমূহে প্ৰকাশ কৰা অনুসৰি ট্রাম্পৰ শুল্ক নীতিৰ ফলত কোম্পানীসমূহৰ উৎপাদন ব্যয়ৰ বোজা অধিক বৃদ্ধি পাইছে। বিদেশৰ পৰা আমদানি কৰা কেঁচা মালত অতিৰিক্ত শুল্ক বহনৰ বোজা কোম্পানীবোৰে বব্ব লগা হৈছে। বিশেষকৈ উদ্যোগ আৰু উপভোক্তা খণ্ডৰ কোম্পানীবোৰ অধিক সমস্যাৰ সন্মুখীন হৈছে। ফলত এই কোম্পানীবোৰ এতিয়া দেউলীয়া হোৱাৰ দিশত আগবাঢ়িছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ