--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ট্রাম্পে ভাৰতীয় সামগ্রীত ইতিমধ্যে ২৫% শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবে ২৫% জৰিমনা আৰোপ কৰে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে বৃহৎ হাৰত শুল্ক আৰোপৰ পুনৰ ভাবুকি দিয়ে। ট্রাম্পে তেওঁৰ বিমান এয়াৰ ফ'ৰ্চ ৱানত সাংবাদিকৰ আগত কয় যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰক। যদিহে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ নকৰে তেতিয়া ভাৰতীয় সামগ্ৰীত বৃহৎ হাৰত শুল্ক আৰোপ কৰা হ'ব।


ট্রাম্পে লগতে এইবুলিও দাবী কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰিব বুলি তেওঁক প্রতিশ্রুতি দিছে। অৱশ্যে ট্রাম্পৰ এই দাবী ভাৰতে ইতিমধ্যে অগ্রাহ্য কৰিছে। ট্রাম্পে যোৱা সপ্তাহত কৰা দাবী দোহাৰি কয়, 'মই ভাৰতৰ প্রধানমন্ত্রী মোদীৰ সৈতে কথা পাতিছিলোঁ আৰু তেওঁ মোক কৈছিল যে ৰাছিয়াৰ খাৰুৱা তেলৰ বিষয়টোত তেওঁ বিবেচনা কৰিব। যদিহে দেশখনে সেইটো কৰি থাকে তেতিয়া তেওঁলোকে বৃহৎ হাৰত শুল্ক ভৰিব লাগিব।'


প্রধানমন্ত্রী মোদীয়ে তেওঁৰ সৈতে এনেধৰণৰ কোনো আলোচনা কৰাৰ বিষয়ে জ্ঞাত নহয় বুলি ভাৰত চৰকাৰে কোৱাৰ বিষয়ে উল্লেখ কৰি ট্রাম্পক প্রশ্ন সোধাত তেওঁ কয়, 'যদি তেওঁলোকে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰি থাকিবলৈ বিচাৰে তেতিয়া বৃহৎ হাৰত শুল্ক ভৰিব লাগিব, অৱশ্যে তেওঁ সেইটো কৰিবলৈ নিবিচাৰে।' উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে অলপতে এইবুলি দাবী কৰিছিল যে প্রধানমন্ত্রী মোদীয়ে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰে বুলি তেওঁক প্রতিশ্রুতি দিছে। ইয়াৰ প্ৰত্যুত্তৰ দি ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র বন্ধীৰ জয়ছোৱালে কৈছিল যে ৰাষ্ট্ৰপতি ট্রাম্প আৰু মোদীৰ মাজত কোনোধৰণৰ টেলিফ 'নিক বার্তালাপ হোৱা নাছিল।


উল্লেখযোগ্য যে ট্রাম্পে ভাৰতীয় সামগ্রীত ইতিমধ্যে ২৫% শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবে ২৫% জৰিমনা আৰোপ কৰে। আন কথাত ভাৰতীয় সামগ্ৰীত ৫০% শুল্ক আৰোপ কৰা হৈছে। ট্রাম্পে বাৰম্বাৰ দোহাৰে যে যদি ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি বন্ধ নকৰে তেতিয়া ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০% শুল্ক অব্যাহত থাকিবই আৰু ইয়াৰ অধিক বৃদ্ধি কৰা হ'ব পাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পানীত তিয়াই থোৱা কিচমিচৰ আছে অনেক চমৎকাৰী গুণ! আপুনি বাৰু এনেকৈ খায়নে?
লিভাৰৰ বাবে মহৌষধ হালধি! আচাৰ্য বালকৃষ্ণই জনালে কেনেদৰে কৰিব লাগে ব্যৱহাৰ
১০ মাহত ৮৯৯ কৃষকৰ আত্মহত্যা মহাৰাষ্ট্ৰত, ৮ জিলাত বৃষ্টিপাত-বানৰ বাবে শস্য নষ্ট
দেশত প্রতি আঠ মিনিটত এটিকে শিশু নিখোঁজ, ৯ ডিচেম্বৰৰ ভিতৰত আৱশ্যকীয় কাৰ্যপন্থা ল'বলৈ কেন্দ্রক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা; আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক
ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন
দিল্লী বিস্ফোৰণৰ আঁৰত পাকিস্তানী ঔৰংজেৱ
বিহাৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে জানো আহক
ক্ষুদ্র চাহ খেতিয়কক কেঁচা পাতৰ ন্যায্য মূল্য দিবলৈ দাবী
২০২৬ত বিজেপিৰ লক্ষ্য পশ্চিম বংগ
কনিষ্ঠতম বিধায়িকাৰ স্বীকৃতি পালে মৈথিলী ঠাকুৰে, লোকসংগীতৰ শিল্পীৰ পৰা ৰাজনীতিক হোৱাৰ যাত্ৰা
বালাজান আৰক্ষীৰ সফলতা; বৃহৎপৰিমাণৰ গাঁজাসহ আটক সৰবৰাহকাৰী কুতুবউদ্দিন আলী