--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ট্রাম্পে ভাৰতীয় সামগ্রীত ইতিমধ্যে ২৫% শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবে ২৫% জৰিমনা আৰোপ কৰে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে বৃহৎ হাৰত শুল্ক আৰোপৰ পুনৰ ভাবুকি দিয়ে। ট্রাম্পে তেওঁৰ বিমান এয়াৰ ফ'ৰ্চ ৱানত সাংবাদিকৰ আগত কয় যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰক। যদিহে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ নকৰে তেতিয়া ভাৰতীয় সামগ্ৰীত বৃহৎ হাৰত শুল্ক আৰোপ কৰা হ'ব।


ট্রাম্পে লগতে এইবুলিও দাবী কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰিব বুলি তেওঁক প্রতিশ্রুতি দিছে। অৱশ্যে ট্রাম্পৰ এই দাবী ভাৰতে ইতিমধ্যে অগ্রাহ্য কৰিছে। ট্রাম্পে যোৱা সপ্তাহত কৰা দাবী দোহাৰি কয়, 'মই ভাৰতৰ প্রধানমন্ত্রী মোদীৰ সৈতে কথা পাতিছিলোঁ আৰু তেওঁ মোক কৈছিল যে ৰাছিয়াৰ খাৰুৱা তেলৰ বিষয়টোত তেওঁ বিবেচনা কৰিব। যদিহে দেশখনে সেইটো কৰি থাকে তেতিয়া তেওঁলোকে বৃহৎ হাৰত শুল্ক ভৰিব লাগিব।'


প্রধানমন্ত্রী মোদীয়ে তেওঁৰ সৈতে এনেধৰণৰ কোনো আলোচনা কৰাৰ বিষয়ে জ্ঞাত নহয় বুলি ভাৰত চৰকাৰে কোৱাৰ বিষয়ে উল্লেখ কৰি ট্রাম্পক প্রশ্ন সোধাত তেওঁ কয়, 'যদি তেওঁলোকে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰি থাকিবলৈ বিচাৰে তেতিয়া বৃহৎ হাৰত শুল্ক ভৰিব লাগিব, অৱশ্যে তেওঁ সেইটো কৰিবলৈ নিবিচাৰে।' উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে অলপতে এইবুলি দাবী কৰিছিল যে প্রধানমন্ত্রী মোদীয়ে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰে বুলি তেওঁক প্রতিশ্রুতি দিছে। ইয়াৰ প্ৰত্যুত্তৰ দি ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র বন্ধীৰ জয়ছোৱালে কৈছিল যে ৰাষ্ট্ৰপতি ট্রাম্প আৰু মোদীৰ মাজত কোনোধৰণৰ টেলিফ 'নিক বার্তালাপ হোৱা নাছিল।


উল্লেখযোগ্য যে ট্রাম্পে ভাৰতীয় সামগ্রীত ইতিমধ্যে ২৫% শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবে ২৫% জৰিমনা আৰোপ কৰে। আন কথাত ভাৰতীয় সামগ্ৰীত ৫০% শুল্ক আৰোপ কৰা হৈছে। ট্রাম্পে বাৰম্বাৰ দোহাৰে যে যদি ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি বন্ধ নকৰে তেতিয়া ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০% শুল্ক অব্যাহত থাকিবই আৰু ইয়াৰ অধিক বৃদ্ধি কৰা হ'ব পাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ