--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিজেপিয়ে ৰাজ্যখনত পাঁচটা মণ্ডলত বিভক্ত কৰি ৰাজ্যখনৰ ছজন আৰু বাহিৰৰ ছজন নেতাক প্রতিটো মণ্ডলৰ দায়িত্বত নিয়োজিত কৰিছে।

ডিজিটেল ডেস্ক : বিহাৰ বিধানসভাৰ নিৰ্বাচনত বিপুল জয়ৰ পাছত এতিয়া বিজেপিৰ প্ৰধান লক্ষ্য হৈছে পশ্চিম বংগ জয় কৰা। ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচনলৈ পাঁচ মাহ থকা অৱস্থাত এতিয়া পশ্চিম বংগ জয়ৰ বাবে বিজেপিয়ে কঁকালত টঙালি বান্ধিছে।


বিজেপিয়ে ৰাজ্যখনত পাঁচটা মণ্ডলত বিভক্ত কৰি ৰাজ্যখনৰ ছজন আৰু বাহিৰৰ ছজন নেতাক প্রতিটো মণ্ডলৰ দায়িত্বত নিয়োজিত কৰিছে। এই নেতাসকলে অহা পাঁচ মাহত ৰাজ্যখনত শিবিৰ পাতি থাকি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিব আৰু নির্বাচনী কৌশলক আগুৱাই নিব। 


বিহাৰৰ পাছত এতিয়া দলটোৱে পশ্চিম বংগত সম্পূর্ণৰূপে মনোনিৱেশ কৰিছে। আন ৰাজ্যৰ পৰা নিযুক্ত কৰা নেতাসকলৰ নিৰ্বাচনী কৌশলত দক্ষতা থকা বুলি কোৱা হৈছে। এই পাঁচটা মণ্ডল হ'ল ক্রমে ৰাগবন্ধা, হাওৰা-হুবলী-মেদিনীপুৰ, কলকাতা মহানগৰ আৰু ছৌবিছ পৰগনা, নবদ্বীপ আৰু উত্তৰ ছৌবিছ পৰগনা আৰু উত্তৰ বংগ (মালদা-শিলিগুৰি)। উত্তৰ বংগত বিজেপিৰ স্থিতি শক্তিশালী যদিও দলটোৱে কোনোধৰণৰ সুৰুঙা ৰাখিবলৈ বিচৰা নাই আৰু সেয়েহে কৈলাশ চৌধুৰীক ইয়াত নিযুক্ত কৰা হৈছে। তেওঁৰ লগতে থাকিব অৰুণাচল প্রদেশৰ অনন্ত নাৰায়ণ মিশ্ৰ আৰু কৰ্ণাটকৰ অৰুণ বিন্নাডী। ৰাগবন্ধাত ছত্তিশগড়ৰ সাংগঠনিক সম্পাদক পৱন সাই আৰু উত্তৰাখণ্ডৰ কেবিনেট মন্ত্রী ধন সিং ৰাৱতক দায়িত্ব দিয়া হৈছে। হাওৰা-হুগলী-মেদিনীপুৰত দলৰ সংগঠনৰ দায়িত্বত নিযুক্ত কৰা হৈছে দিল্লীৰ সাংগঠনিক সম্পাদক পৱন ৰাণা, হাৰিয়ানাৰ সঞ্জয় বাটিয়া আৰু উত্তৰ প্ৰদেশৰ মন্ত্ৰী জি পি এছ ৰাথোৰক। 


কলকাতা আৰু দক্ষিণ ছৌবিছ পৰগনাৰ দায়িত্বত দিয়া হৈছে ক্রমে হিমাচল প্রদেশৰ এন সিদ্ধার্থন আৰু চি টি ৰবিক। নৱদ্বীপ আৰু উত্তৰ পৰগনাৰ দায়িত্বত নিয়োজিত কৰা হৈছে অন্ধ্র প্রদেশৰ এন মাধুকাৰ আৰু উত্তৰ প্ৰদেশৰ মন্ত্ৰী সুৰেশ ৰাণাক। ইয়াৰ জৰিয়তে বিজেপিয়ে ৰাজ্যখনত বুথ পর্যায়ত দলীয় সংগঠন অধিক শক্তিশালী কৰিবলৈ বিচাৰিছে। ৰাজ্যখনত শাসনত থকা মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ পৰম্পৰাগত দুর্গসমূহত দলক শক্তিশালী কৰা।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ