--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিজেপিয়ে ৰাজ্যখনত পাঁচটা মণ্ডলত বিভক্ত কৰি ৰাজ্যখনৰ ছজন আৰু বাহিৰৰ ছজন নেতাক প্রতিটো মণ্ডলৰ দায়িত্বত নিয়োজিত কৰিছে।

ডিজিটেল ডেস্ক : বিহাৰ বিধানসভাৰ নিৰ্বাচনত বিপুল জয়ৰ পাছত এতিয়া বিজেপিৰ প্ৰধান লক্ষ্য হৈছে পশ্চিম বংগ জয় কৰা। ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচনলৈ পাঁচ মাহ থকা অৱস্থাত এতিয়া পশ্চিম বংগ জয়ৰ বাবে বিজেপিয়ে কঁকালত টঙালি বান্ধিছে।


বিজেপিয়ে ৰাজ্যখনত পাঁচটা মণ্ডলত বিভক্ত কৰি ৰাজ্যখনৰ ছজন আৰু বাহিৰৰ ছজন নেতাক প্রতিটো মণ্ডলৰ দায়িত্বত নিয়োজিত কৰিছে। এই নেতাসকলে অহা পাঁচ মাহত ৰাজ্যখনত শিবিৰ পাতি থাকি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিব আৰু নির্বাচনী কৌশলক আগুৱাই নিব। 


বিহাৰৰ পাছত এতিয়া দলটোৱে পশ্চিম বংগত সম্পূর্ণৰূপে মনোনিৱেশ কৰিছে। আন ৰাজ্যৰ পৰা নিযুক্ত কৰা নেতাসকলৰ নিৰ্বাচনী কৌশলত দক্ষতা থকা বুলি কোৱা হৈছে। এই পাঁচটা মণ্ডল হ'ল ক্রমে ৰাগবন্ধা, হাওৰা-হুবলী-মেদিনীপুৰ, কলকাতা মহানগৰ আৰু ছৌবিছ পৰগনা, নবদ্বীপ আৰু উত্তৰ ছৌবিছ পৰগনা আৰু উত্তৰ বংগ (মালদা-শিলিগুৰি)। উত্তৰ বংগত বিজেপিৰ স্থিতি শক্তিশালী যদিও দলটোৱে কোনোধৰণৰ সুৰুঙা ৰাখিবলৈ বিচৰা নাই আৰু সেয়েহে কৈলাশ চৌধুৰীক ইয়াত নিযুক্ত কৰা হৈছে। তেওঁৰ লগতে থাকিব অৰুণাচল প্রদেশৰ অনন্ত নাৰায়ণ মিশ্ৰ আৰু কৰ্ণাটকৰ অৰুণ বিন্নাডী। ৰাগবন্ধাত ছত্তিশগড়ৰ সাংগঠনিক সম্পাদক পৱন সাই আৰু উত্তৰাখণ্ডৰ কেবিনেট মন্ত্রী ধন সিং ৰাৱতক দায়িত্ব দিয়া হৈছে। হাওৰা-হুগলী-মেদিনীপুৰত দলৰ সংগঠনৰ দায়িত্বত নিযুক্ত কৰা হৈছে দিল্লীৰ সাংগঠনিক সম্পাদক পৱন ৰাণা, হাৰিয়ানাৰ সঞ্জয় বাটিয়া আৰু উত্তৰ প্ৰদেশৰ মন্ত্ৰী জি পি এছ ৰাথোৰক। 


কলকাতা আৰু দক্ষিণ ছৌবিছ পৰগনাৰ দায়িত্বত দিয়া হৈছে ক্রমে হিমাচল প্রদেশৰ এন সিদ্ধার্থন আৰু চি টি ৰবিক। নৱদ্বীপ আৰু উত্তৰ পৰগনাৰ দায়িত্বত নিয়োজিত কৰা হৈছে অন্ধ্র প্রদেশৰ এন মাধুকাৰ আৰু উত্তৰ প্ৰদেশৰ মন্ত্ৰী সুৰেশ ৰাণাক। ইয়াৰ জৰিয়তে বিজেপিয়ে ৰাজ্যখনত বুথ পর্যায়ত দলীয় সংগঠন অধিক শক্তিশালী কৰিবলৈ বিচাৰিছে। ৰাজ্যখনত শাসনত থকা মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ পৰম্পৰাগত দুর্গসমূহত দলক শক্তিশালী কৰা।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু