--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতৰ বাবে উদ্বেগৰ বিষয়টো হৈছে এইবাবেই যে এই ভ্ৰমণৰ সময়ছোৱাত পাকিস্তানৰ উপ-প্রধানমন্ত্রী ইশ্বাক ডাৰে বাংলাদেশৰ কট্টৰপন্থী ইছলামিক মৌলবাদী গোট জামাত-ই-ইছলামী বাংলাদেশৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব

ডিজিটেল ডেস্ক : ভাৰতৰ নিৰাপত্তাৰ প্ৰতি শংকা সৃষ্টি কৰি ভাৰত-বিৰোধী ৰণ-কৌশল প্রস্তুত কৰিবলৈ পাকিস্তানৰ বিদেশ মন্ত্রী তথা উপ-প্রধানমন্ত্রী মহম্মদ ইশ্বাক ডাৰ দুদিনীয়া ভ্রমণসূচীৰে শনিবাৰে বাংলাদেশৰ ঢাকাত উপস্থিত হয়।


ভাৰতৰ বাবে উদ্বেগৰ বিষয়টো হৈছে এইবাবেই যে এই ভ্ৰমণৰ সময়ছোৱাত পাকিস্তানৰ উপ-প্রধানমন্ত্রী ইশ্বাক ডাৰে বাংলাদেশৰ কট্টৰপন্থী ইছলামিক মৌলবাদী গোট জামাত-ই-ইছলামী বাংলাদেশৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব।


এই বৈঠকতেই পাকিস্তানী নেতাজনে ইছমালিক মৌলবাদী গোটটোৰ সৈতে ভাৰত-বিৰোধী মন্ত্ৰণা কৰিব বুলি আশংকা কৰিছে ভাৰতে। ভাৰত চৰকাৰে দুই চুবুৰীয়া দেশৰ এই শেহতীয়া কার্যকলাপ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি বৈদেশিক মন্ত্ৰ্যালয়ৰ সূত্ৰই সদৰী কৰিছে। ইশ্বাক ডাৰৰ এই বাংলাদেশ ভ্রমণ যোৱা মে' মাহতেই কৰাৰ কথা আছিল যদিও ভাৰতৰ সৈতে পহলগাম-কাণ্ডৰ পাছত হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এই ভ্রমণ পাকিস্তান চৰকাৰে পিছুৱাই দিছিল।


শনিবাৰে ঢাকাৰ হজৰত শাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বাংলাদেশৰ বিদেশ সচিব আছাদ আলম ছিয়ামে ইশ্বাক ডাৰক আদৰণি জনায়। এই ভ্ৰমণকালত ইশ্বাক ডাৰে বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ, বিদেশ উপদেষ্টা তৌহিদ হুছেইন আৰু বাণিজ্য উপদেষ্টা এছ কে বছিৰ উদ্দিনৰ সৈতে আলোচনাত মিলিত হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু