--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতৰ বাবে উদ্বেগৰ বিষয়টো হৈছে এইবাবেই যে এই ভ্ৰমণৰ সময়ছোৱাত পাকিস্তানৰ উপ-প্রধানমন্ত্রী ইশ্বাক ডাৰে বাংলাদেশৰ কট্টৰপন্থী ইছলামিক মৌলবাদী গোট জামাত-ই-ইছলামী বাংলাদেশৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব

ডিজিটেল ডেস্ক : ভাৰতৰ নিৰাপত্তাৰ প্ৰতি শংকা সৃষ্টি কৰি ভাৰত-বিৰোধী ৰণ-কৌশল প্রস্তুত কৰিবলৈ পাকিস্তানৰ বিদেশ মন্ত্রী তথা উপ-প্রধানমন্ত্রী মহম্মদ ইশ্বাক ডাৰ দুদিনীয়া ভ্রমণসূচীৰে শনিবাৰে বাংলাদেশৰ ঢাকাত উপস্থিত হয়।


ভাৰতৰ বাবে উদ্বেগৰ বিষয়টো হৈছে এইবাবেই যে এই ভ্ৰমণৰ সময়ছোৱাত পাকিস্তানৰ উপ-প্রধানমন্ত্রী ইশ্বাক ডাৰে বাংলাদেশৰ কট্টৰপন্থী ইছলামিক মৌলবাদী গোট জামাত-ই-ইছলামী বাংলাদেশৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব।


এই বৈঠকতেই পাকিস্তানী নেতাজনে ইছমালিক মৌলবাদী গোটটোৰ সৈতে ভাৰত-বিৰোধী মন্ত্ৰণা কৰিব বুলি আশংকা কৰিছে ভাৰতে। ভাৰত চৰকাৰে দুই চুবুৰীয়া দেশৰ এই শেহতীয়া কার্যকলাপ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি বৈদেশিক মন্ত্ৰ্যালয়ৰ সূত্ৰই সদৰী কৰিছে। ইশ্বাক ডাৰৰ এই বাংলাদেশ ভ্রমণ যোৱা মে' মাহতেই কৰাৰ কথা আছিল যদিও ভাৰতৰ সৈতে পহলগাম-কাণ্ডৰ পাছত হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এই ভ্রমণ পাকিস্তান চৰকাৰে পিছুৱাই দিছিল।


শনিবাৰে ঢাকাৰ হজৰত শাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বাংলাদেশৰ বিদেশ সচিব আছাদ আলম ছিয়ামে ইশ্বাক ডাৰক আদৰণি জনায়। এই ভ্ৰমণকালত ইশ্বাক ডাৰে বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ, বিদেশ উপদেষ্টা তৌহিদ হুছেইন আৰু বাণিজ্য উপদেষ্টা এছ কে বছিৰ উদ্দিনৰ সৈতে আলোচনাত মিলিত হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ