--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৱাহাটী নৱগ্ৰহ শ্মশানত আজি শেষকৃত্য সম্পন্ন কৰা হয় ভাস্বতীৰ। কণমানি সন্তানক বুকুত সাৱতি চকুলো ঢাকি সমীৰণে বিদায় দিলে ভাস্বতীক।

ডিজিটেল ডেস্কঃ দিন ৰাতি একাকাৰ কৰি অপৰাধীৰ পিছত দৌৰা মৰিগাঁৱৰ এজন আৰক্ষী বিষয়া যেন আজি মৌন, বাকৰুদ্ধ। মৰিগাঁও জিলাৰ অপৰাধীৰ বাবে আতংকৰ অন্য নাম যেন সমীৰণ বৈশ্য।


দুৰন্ত মানুহজন যেন আজি ক্লান্ত, ভাগৰুৱা, শোকস্তব্ধ । সমীৰণ বৈশ্যৰ পত্নী ভাস্বতী হাজৰিকা। এটি প্ৰায় তিনি বছৰীয়া সন্তানৰ মাতৃ ভাস্বতী। হয়তো সমীৰণ বৈশ্যৰ জীৱনৰ অনন্য প্ৰেৰণা আছিল ভাস্বতী হাজৰিকা। কণমানি সন্তান আৰু পত্নী ভাস্বতীৰ সৈতে সমীৰণ বৈশ্যৰ সুখৰ সংসাৰত দুখৰ অশ্ৰু নাছিল। 


কিন্তু হঠাৎ যেন ধুমুহাই ডেউকা ভাঙিলে মানুহ জনৰ। বুধবাৰে পুৱতি নিশা হৃদ ৰোগত আক্ৰান্ত হৈ হঠাৎ অসুষ্ঠ হৈ পৰে ভাস্বতী হাজৰিকা। চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও স্বামী আৰু কণমানী সন্তানটিক অকলসৰীয়া কৰি কাকো নোকোৱাকৈ অজান দেশলৈ গুছি গ'ল ভাস্বতী হাজৰিকা। 


গুৱাহাটী নৱগ্ৰহ শ্মশানত আজি শেষকৃত্য সম্পন্ন কৰা হয় ভাস্বতীৰ। কণমানি সন্তানক বুকুত সাৱতি চকুলো ঢাকি সমীৰণে বিদায় দিলে ভাস্বতীক।


দক্ষ আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ দুখৰ সমভাগী হৈ বিভিন্ন গুনমুগ্ধৰ সমবেদনা। ভাস্বতী যতেই আছে সুখত থাকক। সংকট কাল অতিক্ৰম কৰিবলৈ নেদেখা জনে শক্তি দিয়ক সমীৰণ বৈশ্যক। ভাবিবলৈ সাহস দিয়ক, জীৱন এনেকুৱাই।


এই কঠিন ক্ষণত সহকৰ্মীক সাহস দিবলৈ উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান । মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ আকস্মিক বিয়োগৰ খবৰ লাভ কৰা লগে লগে বিষয়া গৰাকীৰ গৃহত উপস্থিত ডিজিপি হৰ্মিত সিং ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ