--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৱাহাটী নৱগ্ৰহ শ্মশানত আজি শেষকৃত্য সম্পন্ন কৰা হয় ভাস্বতীৰ। কণমানি সন্তানক বুকুত সাৱতি চকুলো ঢাকি সমীৰণে বিদায় দিলে ভাস্বতীক।

ডিজিটেল ডেস্কঃ দিন ৰাতি একাকাৰ কৰি অপৰাধীৰ পিছত দৌৰা মৰিগাঁৱৰ এজন আৰক্ষী বিষয়া যেন আজি মৌন, বাকৰুদ্ধ। মৰিগাঁও জিলাৰ অপৰাধীৰ বাবে আতংকৰ অন্য নাম যেন সমীৰণ বৈশ্য।


দুৰন্ত মানুহজন যেন আজি ক্লান্ত, ভাগৰুৱা, শোকস্তব্ধ । সমীৰণ বৈশ্যৰ পত্নী ভাস্বতী হাজৰিকা। এটি প্ৰায় তিনি বছৰীয়া সন্তানৰ মাতৃ ভাস্বতী। হয়তো সমীৰণ বৈশ্যৰ জীৱনৰ অনন্য প্ৰেৰণা আছিল ভাস্বতী হাজৰিকা। কণমানি সন্তান আৰু পত্নী ভাস্বতীৰ সৈতে সমীৰণ বৈশ্যৰ সুখৰ সংসাৰত দুখৰ অশ্ৰু নাছিল। 


কিন্তু হঠাৎ যেন ধুমুহাই ডেউকা ভাঙিলে মানুহ জনৰ। বুধবাৰে পুৱতি নিশা হৃদ ৰোগত আক্ৰান্ত হৈ হঠাৎ অসুষ্ঠ হৈ পৰে ভাস্বতী হাজৰিকা। চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও স্বামী আৰু কণমানী সন্তানটিক অকলসৰীয়া কৰি কাকো নোকোৱাকৈ অজান দেশলৈ গুছি গ'ল ভাস্বতী হাজৰিকা। 


গুৱাহাটী নৱগ্ৰহ শ্মশানত আজি শেষকৃত্য সম্পন্ন কৰা হয় ভাস্বতীৰ। কণমানি সন্তানক বুকুত সাৱতি চকুলো ঢাকি সমীৰণে বিদায় দিলে ভাস্বতীক।


দক্ষ আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ দুখৰ সমভাগী হৈ বিভিন্ন গুনমুগ্ধৰ সমবেদনা। ভাস্বতী যতেই আছে সুখত থাকক। সংকট কাল অতিক্ৰম কৰিবলৈ নেদেখা জনে শক্তি দিয়ক সমীৰণ বৈশ্যক। ভাবিবলৈ সাহস দিয়ক, জীৱন এনেকুৱাই।


এই কঠিন ক্ষণত সহকৰ্মীক সাহস দিবলৈ উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান । মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ আকস্মিক বিয়োগৰ খবৰ লাভ কৰা লগে লগে বিষয়া গৰাকীৰ গৃহত উপস্থিত ডিজিপি হৰ্মিত সিং ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু