--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ফ্ৰান্সৰ পৰাই তেওঁ গুৱাহাটীত বিপদত পৰা ব্যক্তিক মানসিকভাৱে সবল কৰিবলৈ চেষ্টা কৰে। অচিনাকি হ'লেও কাৰোবাৰ দুখজনক সত্য জানিব পাৰিলে বিভিন্নধৰণে সহায় কৰে।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ ছেইন্ট মেৰিজ কনভেণ্টৰ স্কুলীয়া দিনৰ পৰাই ডাঃ সুনয়না নেচাৰ বৰুৱা সকলোৰে এনে এগৰাকী বন্ধু হিচাপে পৰিচিত আছিল যাৰ ওচৰত মানুহে নিজৰ গভীৰ চিন্তা-ভাৱনা নির্ভয়ে প্রকাশ কৰিব পাৰিছিল।


তেওঁ ভগ্ন বন্ধুত্বৰ সম্পর্ক হৃদয়স্পর্শী চিঠিৰ জৰিয়তে জোৰা লগাইছিল। মানসিকভাৱে দুৰ্বল হৃদয়ৰ মানুহৰ সৈতে নির্ভীকভাৱে কথা কৈ সাহস দিছিল। সহপাঠী বিপদত পৰিলেও তেওঁলোকৰ কাষত থিয় দিছিল। মানুহক সহায় কৰি ভাল পোৱা সুনয়নাই এটা সময়ত লেখিকা হৈ মানুহক সুপৰামৰ্শৰে সুখী কৰাৰ সপোন দেখিছিল। কিন্তু সময়ৰ গতিত বহু কথাই পৰিৱৰ্তন হৈছে।


মন কৰিবলগীয়া যে একাদশ শ্রেণীলৈ তেওঁ মনোবিজ্ঞানৰ সৈতে পৰিচিত হোৱা নাছিল। পাছত তেওঁ নতুন দিল্লীত লেডী শ্ৰীৰাম কলেজৰ পৰা মনোবিজ্ঞানত স্নাতক, ফ্রান্সত ডাঃ সুনয়না নেচাৰ বৰুৱা (সন্মান) ডিগ্রী লাভ কৰাৰ পাছত ক্লিনিকেল মনোবিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে আৰু হস্পিটেল, সম্প্রদায় কেন্দ্ৰ আৰু পুনর্বাসন প্রতিষ্ঠানত কাম কৰে। অধিক গভীৰ জ্ঞানৰ বাবে তেওঁ ট্রিনিটি কলেজ ডাবলিনত দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্ৰী মনোবিশ্লেষণ অধ্যয়নত আৰু তেওঁৰ চূড়ান্ত শৈক্ষিক মাইলৰ খুঁটি কাউন্সেলিং মনোবিজ্ঞানত প্রফেশ্যনেল ডক্টৰেট লাভ কৰে। বছৰ বছৰ ধৰি তেওঁ উদ্বেগ-বিষণ্ণতা, আঘাত, মানসিক বিকাৰগ্ৰস্ত, বৈবাহিক সমস্যা আৰু এ ডি এইচ ডি (ADHD)ৰ দৰে সমস্যাত ভুগি থকা ব্যক্তি, দম্পতী, শিশু আৰু পৰিয়ালক সহায় কৰি আহিছে।


গুৱাহাটী মেডিকেল কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বর্তমান গুৱাহাটীত চিকিৎসক হিচাপে কাম কৰি থকা ডাঃ প্রদীপ কুমাৰ বৰুৱা আৰু ডাঃ উর্মিলা দাস বৰুৱাৰ জীয়াৰী হিচাপে তেওঁ তেওঁলোকৰ নিঃস্বার্থ সমাজসেৱাৰ পৰা প্ৰেৰণা লাভ কৰি ডাঙৰ হৈছে। বর্তমান তেওঁ ফ্ৰান্সৰ বৰ্ডোত নিজৰ ব্যক্তিগত প্রেক্টিচৰ জৰিয়তে অসংখ্য মানুহক উল্লিখিত বিষয়বোৰ সন্দৰ্ভত সহায় কৰি আছে। ফ্রান্সত এই দিশত বৰুৱাই সুনামো অৰ্জন কৰিছে।


ফ্রান্সত কাম কৰি থাকিলেও তেওঁ গুৱাহাটীৰ মানুহৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ আছে। ফ্ৰান্সৰ পৰাই তেওঁ গুৱাহাটীত বিপদত পৰা ব্যক্তিক মানসিকভাৱে সবল কৰিবলৈ চেষ্টা কৰে। অচিনাকি হ'লেও কাৰোবাৰ দুখজনক সত্য জানিব পাৰিলে বিভিন্নধৰণে সহায় কৰে। লক্ষণীয় যে মানসিক স্বাস্থ্যৰ যত্ন যে অতি গুৰুত্বপূৰ্ণ তেওঁৰ পৰামৰ্শ লোৱা ফ্ৰান্সৰ বহু লোকে প্ৰচাৰ কৰি সেই দেশত বৰুৱাৰ সুনাম বৃদ্ধি কৰিছে। আগন্তুক সময়ত তেওঁ গুৱাহাটীত এটা কেন্দ্ৰ স্থাপন কৰাৰ কথা ভাবিছে। য'ত সামগ্রিক, বিশ্বমানৰ মানসিক স্বাস্থ্যৰ যত্নৰ পৰামৰ্শ দিয়া হ'ব। এই দৃষ্টিভংগীৰে ২০২৬ চনত গুৱাহাটীৰ উলুবাৰীত আৰম্ভ হ'বলগীয়া অম ছুপাৰ স্পিচিয়েলিটি হস্পিটেলত তেওঁৰ ইচ্ছাই বাস্তৱ ৰূপ ল'ব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু