--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ফ্ৰান্সৰ পৰাই তেওঁ গুৱাহাটীত বিপদত পৰা ব্যক্তিক মানসিকভাৱে সবল কৰিবলৈ চেষ্টা কৰে। অচিনাকি হ'লেও কাৰোবাৰ দুখজনক সত্য জানিব পাৰিলে বিভিন্নধৰণে সহায় কৰে।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ ছেইন্ট মেৰিজ কনভেণ্টৰ স্কুলীয়া দিনৰ পৰাই ডাঃ সুনয়না নেচাৰ বৰুৱা সকলোৰে এনে এগৰাকী বন্ধু হিচাপে পৰিচিত আছিল যাৰ ওচৰত মানুহে নিজৰ গভীৰ চিন্তা-ভাৱনা নির্ভয়ে প্রকাশ কৰিব পাৰিছিল।


তেওঁ ভগ্ন বন্ধুত্বৰ সম্পর্ক হৃদয়স্পর্শী চিঠিৰ জৰিয়তে জোৰা লগাইছিল। মানসিকভাৱে দুৰ্বল হৃদয়ৰ মানুহৰ সৈতে নির্ভীকভাৱে কথা কৈ সাহস দিছিল। সহপাঠী বিপদত পৰিলেও তেওঁলোকৰ কাষত থিয় দিছিল। মানুহক সহায় কৰি ভাল পোৱা সুনয়নাই এটা সময়ত লেখিকা হৈ মানুহক সুপৰামৰ্শৰে সুখী কৰাৰ সপোন দেখিছিল। কিন্তু সময়ৰ গতিত বহু কথাই পৰিৱৰ্তন হৈছে।


মন কৰিবলগীয়া যে একাদশ শ্রেণীলৈ তেওঁ মনোবিজ্ঞানৰ সৈতে পৰিচিত হোৱা নাছিল। পাছত তেওঁ নতুন দিল্লীত লেডী শ্ৰীৰাম কলেজৰ পৰা মনোবিজ্ঞানত স্নাতক, ফ্রান্সত ডাঃ সুনয়না নেচাৰ বৰুৱা (সন্মান) ডিগ্রী লাভ কৰাৰ পাছত ক্লিনিকেল মনোবিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে আৰু হস্পিটেল, সম্প্রদায় কেন্দ্ৰ আৰু পুনর্বাসন প্রতিষ্ঠানত কাম কৰে। অধিক গভীৰ জ্ঞানৰ বাবে তেওঁ ট্রিনিটি কলেজ ডাবলিনত দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্ৰী মনোবিশ্লেষণ অধ্যয়নত আৰু তেওঁৰ চূড়ান্ত শৈক্ষিক মাইলৰ খুঁটি কাউন্সেলিং মনোবিজ্ঞানত প্রফেশ্যনেল ডক্টৰেট লাভ কৰে। বছৰ বছৰ ধৰি তেওঁ উদ্বেগ-বিষণ্ণতা, আঘাত, মানসিক বিকাৰগ্ৰস্ত, বৈবাহিক সমস্যা আৰু এ ডি এইচ ডি (ADHD)ৰ দৰে সমস্যাত ভুগি থকা ব্যক্তি, দম্পতী, শিশু আৰু পৰিয়ালক সহায় কৰি আহিছে।


গুৱাহাটী মেডিকেল কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বর্তমান গুৱাহাটীত চিকিৎসক হিচাপে কাম কৰি থকা ডাঃ প্রদীপ কুমাৰ বৰুৱা আৰু ডাঃ উর্মিলা দাস বৰুৱাৰ জীয়াৰী হিচাপে তেওঁ তেওঁলোকৰ নিঃস্বার্থ সমাজসেৱাৰ পৰা প্ৰেৰণা লাভ কৰি ডাঙৰ হৈছে। বর্তমান তেওঁ ফ্ৰান্সৰ বৰ্ডোত নিজৰ ব্যক্তিগত প্রেক্টিচৰ জৰিয়তে অসংখ্য মানুহক উল্লিখিত বিষয়বোৰ সন্দৰ্ভত সহায় কৰি আছে। ফ্রান্সত এই দিশত বৰুৱাই সুনামো অৰ্জন কৰিছে।


ফ্রান্সত কাম কৰি থাকিলেও তেওঁ গুৱাহাটীৰ মানুহৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ আছে। ফ্ৰান্সৰ পৰাই তেওঁ গুৱাহাটীত বিপদত পৰা ব্যক্তিক মানসিকভাৱে সবল কৰিবলৈ চেষ্টা কৰে। অচিনাকি হ'লেও কাৰোবাৰ দুখজনক সত্য জানিব পাৰিলে বিভিন্নধৰণে সহায় কৰে। লক্ষণীয় যে মানসিক স্বাস্থ্যৰ যত্ন যে অতি গুৰুত্বপূৰ্ণ তেওঁৰ পৰামৰ্শ লোৱা ফ্ৰান্সৰ বহু লোকে প্ৰচাৰ কৰি সেই দেশত বৰুৱাৰ সুনাম বৃদ্ধি কৰিছে। আগন্তুক সময়ত তেওঁ গুৱাহাটীত এটা কেন্দ্ৰ স্থাপন কৰাৰ কথা ভাবিছে। য'ত সামগ্রিক, বিশ্বমানৰ মানসিক স্বাস্থ্যৰ যত্নৰ পৰামৰ্শ দিয়া হ'ব। এই দৃষ্টিভংগীৰে ২০২৬ চনত গুৱাহাটীৰ উলুবাৰীত আৰম্ভ হ'বলগীয়া অম ছুপাৰ স্পিচিয়েলিটি হস্পিটেলত তেওঁৰ ইচ্ছাই বাস্তৱ ৰূপ ল'ব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
Advertisement