--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কলিতা দম্পতিৰ দুজনী ছোৱালীৰ বিয়াৰ বাবে যোগাৰ কৰি থোৱা প্ৰায় ১৬ তোলা সোণৰ অলংকাৰ লুটি লৈ যায় ডকাইতৰ দলে৷

ডিজিটেল ডেস্কঃ গোৱালপাৰা জিলাৰ টিপলাইৰ বনগাঁও কলিতাপাৰাত সংঘটিত হয় লোমহৰ্ষক ডকাইতি কাণ্ড৷ নিশা সুশীল কলিতাৰ ঘৰত লুটপাত চলায় পাঁচজনীয়া অস্ত্ৰধাৰী ডকাইত দলে৷ নিশা ২.২০ ৰ পৰা ২.৩০ বজাৰ ভিতৰত ঘৰৰ দুৱাৰ ভাঙি প্ৰবেশ কৰে ডকাইতৰ দলটোৱে ৷


ঘৰৰ ভিতৰত প্ৰবেশ কৰিয়ে পত্নী নমিতা কলিতাক হাতুৰীৰে মূৰত মাৰি আহত কৰি বান্ধি থয় ৷ তাৰ পিছতে সুশীল কলিতাক মাৰধৰ কৰি বান্ধি থয় আৰু দুটাকৈ পিষ্টল আৰু দুখন চোকা অস্ত্ৰৰে হত্যাৰ ভাবুকি দিয়ে সুশীল কলিতাক।


সুশীল কলিতাৰ লগত থকা প্ৰায় ১৬ হাজাৰ টকা আৰু পত্নীৰ সাঁচতীয়া প্ৰায় ডেৰ লাখ টকা লুট কৰে ডকাইতৰ দলটোৱে ৷ তদুপৰি কলিতা দম্পতিৰ দুজনী ছোৱালীৰ বিয়াৰ বাবে যোগাৰ কৰি থোৱা প্ৰায় ১৬ তোলা সোণৰ অলংকাৰ লুটি লৈ যায় ডকাইতৰ দলে ৷ 


ঘটনাৰ খবৰ পোৱাৰ পিছতে ধূপধৰা আৰক্ষী আৰু দুধনৈ সম জিলা আৰক্ষী অধীক্ষক কলিতাৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ঘটনা সংক্ৰান্তত সোধ-পোচ কৰাৰ বাবে ধূপধৰা আৰক্ষীয়ে কেইবাজনো ব্যক্তিক আটক কৰা বুলি জানিব পৰা গৈছে ৷


 উল্লেখযোগ্য যে সুশীল কলিতা ৰংজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী ৷ তেওঁ ৰংজুলি ৰাজহ চক্ৰৰ লাট মণ্ডল হিচাপে কৰ্মৰত হৈ আছে ৷ 


আজি সুশীল কলিতা আৰু নমিতা কলিতাক চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ