--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কলিতা দম্পতিৰ দুজনী ছোৱালীৰ বিয়াৰ বাবে যোগাৰ কৰি থোৱা প্ৰায় ১৬ তোলা সোণৰ অলংকাৰ লুটি লৈ যায় ডকাইতৰ দলে৷

ডিজিটেল ডেস্কঃ গোৱালপাৰা জিলাৰ টিপলাইৰ বনগাঁও কলিতাপাৰাত সংঘটিত হয় লোমহৰ্ষক ডকাইতি কাণ্ড৷ নিশা সুশীল কলিতাৰ ঘৰত লুটপাত চলায় পাঁচজনীয়া অস্ত্ৰধাৰী ডকাইত দলে৷ নিশা ২.২০ ৰ পৰা ২.৩০ বজাৰ ভিতৰত ঘৰৰ দুৱাৰ ভাঙি প্ৰবেশ কৰে ডকাইতৰ দলটোৱে ৷


ঘৰৰ ভিতৰত প্ৰবেশ কৰিয়ে পত্নী নমিতা কলিতাক হাতুৰীৰে মূৰত মাৰি আহত কৰি বান্ধি থয় ৷ তাৰ পিছতে সুশীল কলিতাক মাৰধৰ কৰি বান্ধি থয় আৰু দুটাকৈ পিষ্টল আৰু দুখন চোকা অস্ত্ৰৰে হত্যাৰ ভাবুকি দিয়ে সুশীল কলিতাক।


সুশীল কলিতাৰ লগত থকা প্ৰায় ১৬ হাজাৰ টকা আৰু পত্নীৰ সাঁচতীয়া প্ৰায় ডেৰ লাখ টকা লুট কৰে ডকাইতৰ দলটোৱে ৷ তদুপৰি কলিতা দম্পতিৰ দুজনী ছোৱালীৰ বিয়াৰ বাবে যোগাৰ কৰি থোৱা প্ৰায় ১৬ তোলা সোণৰ অলংকাৰ লুটি লৈ যায় ডকাইতৰ দলে ৷ 


ঘটনাৰ খবৰ পোৱাৰ পিছতে ধূপধৰা আৰক্ষী আৰু দুধনৈ সম জিলা আৰক্ষী অধীক্ষক কলিতাৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ঘটনা সংক্ৰান্তত সোধ-পোচ কৰাৰ বাবে ধূপধৰা আৰক্ষীয়ে কেইবাজনো ব্যক্তিক আটক কৰা বুলি জানিব পৰা গৈছে ৷


 উল্লেখযোগ্য যে সুশীল কলিতা ৰংজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী ৷ তেওঁ ৰংজুলি ৰাজহ চক্ৰৰ লাট মণ্ডল হিচাপে কৰ্মৰত হৈ আছে ৷ 


আজি সুশীল কলিতা আৰু নমিতা কলিতাক চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু