--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এতিয়াৰে পৰা কেৱল নগদ জৰিমনা ভৰিয়েই ৰেহাই পোৱা নাযাব; ট্ৰাফিক নিয়ম উলংঘা কৰিলে আপোনাৰ ড্ৰাইভিং লাইচেন্সখনো চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হ’ব পাৰে।

ডিজিটেল ডেস্কঃ পথ সুৰক্ষা অধিক কঠোৰ কৰিবলৈ আৰু বৰ্ধিত পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ ভাৰত চৰকাৰে পৰিবহন নিয়মত এক আমূল পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। 


শেহতীয়া তথ্য অনুসৰি, এতিয়াৰে পৰা কেৱল নগদ জৰিমনা ভৰিয়েই ৰেহাই পোৱা নাযাব; ট্ৰাফিক নিয়ম উলংঘা কৰিলে আপোনাৰ ড্ৰাইভিং লাইচেন্সখনো চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হ’ব পাৰে। ইয়াৰ বাবে চৰকাৰে এক নতুন 'পইণ্ট চিষ্টেম' (Negative Points System) বলবৎ কৰাৰ পৰিকল্পনা কৰিছে।


পইণ্ট চিষ্টেম কি আৰু ই কেনেকৈ কাম কৰিব?



নতুন নিয়ম অনুসৰি, প্ৰতিজন চালকৰ ড্ৰাইভিং লাইচেন্সত এটা নিৰ্দিষ্ট পৰিমাণৰ পইণ্ট ডিজিটেলী যোগ কৰা হ’ব। যেতিয়াই এজন চালকে কোনো ট্ৰাফিক নিয়ম উলংঘা কৰিব, তেতিয়াই তেওঁৰ একাউণ্টৰ পৰা পইণ্ট কৰ্তন কৰা হ’ব।


সৰু ভুল: ৰেড চিগনেল অমান্য কৰা, হেলমেট নিপিন্ধা বা চিট বেল্ট ব্যৱহাৰ নকৰা আদিৰ দৰে ভুলৰ বাবে কম পইণ্ট কটা যাব।


গুৰুতৰ অপৰাধ: সুৰাপান কৰি গাড়ী চলোৱা, অত্যাধিক বেগত গাড়ী চলোৱা বা বিপজ্জজনকভাৱে অভাৰটেকিং কৰাৰ দৰে অপৰাধৰ বাবে অধিক পইণ্ট কটা যাব।


লাইচেন্স বাতিলৰ চৰ্ত


যদি এজন চালকৰ লাইচেন্সৰ পৰা পইণ্টবোৰ কমি গৈ এটা নিৰ্দিষ্ট সীমা পাৰ হয়, তেন্তে তেওঁৰ লাইচেন্সখন সাময়িকভাৱে নিলম্বন কৰা হ’ব। বাৰে বাৰে একেই ভুল কৰিলে বা পইণ্ট সম্পূৰ্ণ শেষ হ’লে লাইচেন্সখন স্থায়ীভাৱে বাতিল কৰাৰো ব্যৱস্থা থাকিব। এনে পৰিস্থিতিত চালকজনে পুনৰ ড্ৰাইভিং টেষ্ট দি নতুনকৈ লাইচেন্স ল’বলগীয়া হ’ব পাৰে।



উন্নত দেশসমূহৰ আৰ্হিত ভাৰততো এই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ মূল উদ্দেশ্য হ’ল চালকসকলক অধিক দায়িত্বশীল কৰি তোলা। ডিজিটেল ট্ৰেকিং ব্যৱস্থাৰ জৰিয়তে বাৰে বাৰে নিয়ম ভঙা ‘অভ্যাসগত অপৰাধী’সকলক চিনাক্ত কৰি তেওঁলোকক ৰাজপথৰ পৰা আঁতৰাই ৰখাই হৈছে ইয়াৰ অন্যতম লক্ষ্য।


নতুন নিয়মৰ কোবৰ পৰা বাচিবলৈ আৰু নিজৰ ড্ৰাইভিং লাইচেন্স সুৰক্ষিত কৰি ৰাখিবলৈ এতিয়াৰে পৰা প্ৰতিজন নাগৰিকে ট্ৰাফিক নিয়মবোৰ কঠোৰভাৱে পালন কৰাটো বাধ্যতামূলক হৈ পৰিব। কেৱল জৰিমনাৰ ভয়তে নহয়, সুৰক্ষিত যাত্ৰাৰ বাবেও এই সজাগতা অত্যন্ত প্ৰয়োজনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ