--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মুখ্য ন্যায়াধীশজনে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু এন চি ই আৰ টিক জবাবদিহি কৰে।

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদ, চমুকৈ এন চি ই আৰ টিয়ে নতুনকৈ প্ৰকাশ কৰা অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুঠিত 'ন্যায়পালিকাত দুর্নীতি' শীর্ষক বিষয়বস্তুক লৈ বৃহস্পতিবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত খৰ্গহস্ত হৈ পৰে। 


মুখ্য ন্যায়াধীশজনে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু এন চি ই আৰ টিক জবাবদিহি কৰে। মুখ্য ন্যায়াধীশজনে কয় যে ইয়াৰ বাবে কোন জগৰীয়া আদালতে বিচাৰি উলিয়াব। এই সম্পূর্ণ পাঠ্যপুথিখন নিষিদ্ধ কৰিবলৈ সর্বোচ্চ আদালতে নির্দেশ দিয়ে। 


লক্ষণীয়ভাৱে, আদালত ক্ষুণ্ণ হোৱাক লৈ এই বিষয়ত প্রশ্ন উত্থাপন হৈছে যে ন্যায়পালিকাত কেনেকৈ দুর্নীতি সংঘটিত হৈছে। ন্যায়পালিকাৰ বিৰুদ্ধে উঠা অভিযোগবোৰ প্ৰকৃততে চালি-জাৰি চোৱাৰ বিপৰীতে দেশৰ সর্বোচ্চ আদালতে বিষয়টো এৰাই চলিবহে খুজিছে নেকি। 


উল্লেখযোগ্য যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত লোক সভাত দাখিল কৰা পৰিসংখ্যা অনুসৰি, যোৱা ১০ বছৰত দেশৰ ন্যায়পালিকাৰ বিৰুদ্ধে ৮৬০০টা অভিযোগ উত্থাপিত হৈছে। ২০১৬ চনৰ পৰা ২০২৬ চনৰ এটা দশকত কৰ্মৰত ন্যায়াধীশসকলৰ বিৰুদ্ধে ৮৬০০টা অভিযোগ উত্থাপন হৈছে। যোৱা বৰ্ষত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত লাখ লাখ অর্ধদগ্ধ নগদ ধন উদ্ধাৰ হোৱাৰ পাছত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। আনকি উচ্চতম ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ বাবে তিনিজনীয়া এখন সমিতিও গঠন কৰিছিল। ইয়াৰ মাজতে

ফেব্রুৱাৰীত ন্যায়পালিকাত দুর্নীতিৰ বিষয়ত লোক সভাত তথ্য দাখিল কৰা হয়। 


২০২৪ চনত ন্যায়পালিকাৰ বিৰুদ্ধে সর্বাধিক ১১৭০টা অভিযোগ উত্থাপিত হয়। ২০২৫ চনত ১১০২টা, ২০১৯ চনত ১০৩৭টা, ২০২২ চনত ১,০১২টা অভিযোগ উত্থাপন হয় ন্যায়পালিকাৰ বিৰুদ্ধে। অৱশ্যে, ২০২০ চনত ৫১৮টা অভিযোগ আহে। প্রণিধানযোগ্য যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু যিকোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অনা অভিযোগ ল'বলৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কর্তৃত্ব আছে। আনহাতে, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বিৰুদ্ধে অনা অভিযোগ সেই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৃষ্টিগোচৰ কৰা হয়। সংবিধানৰ অনুচ্ছেদ ৩২৫ অনুসৰি, জিলা আৰু সত্ৰ ন্যায়ালয়ৰ বিৰুদ্ধে ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে অনুশাসনমূলক ব্যৱস্থা ল'ব পাৰে। 


উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এই বিষয়ত উল্লেখ আছে যে যদি এটা অভিযোগ পাই, তেনেহ'লে মুখ্য ন্যায়াধীশে প্রশ্ন উত্থপিত হোৱা ন্যায়াধীশজনৰ পৰা এটা উত্তৰ বিচাৰিব লাগে। যদি উত্তৰটোত মুখ্য ন্যায়াধীশ সন্তুষ্ট নহয়, তেনেহ'লে মুখ্য ন্যায়াধীশে তদন্তৰ বাবে এখন অভ্যন্তৰীণ সমিতি গঠন কৰিব লাগে। যদি তদন্ত সমিতিখনে তদন্তত অভিযোগবোৰ প্ৰমাণ কৰে, তেনেহ'লে ন্যায়াধীশজনক পদত্যাগ কৰিবলৈ নির্দেশ দিব লাগে। 


উল্লেখযোগ্য যে যোৱা এটা দশকত ন্যায়পালিকাত সংঘটিত হোৱা বিভিন্ন দুর্নীতিৰ অভিযোগ এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু