--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মুখ্য ন্যায়াধীশজনে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু এন চি ই আৰ টিক জবাবদিহি কৰে।

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদ, চমুকৈ এন চি ই আৰ টিয়ে নতুনকৈ প্ৰকাশ কৰা অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুঠিত 'ন্যায়পালিকাত দুর্নীতি' শীর্ষক বিষয়বস্তুক লৈ বৃহস্পতিবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত খৰ্গহস্ত হৈ পৰে। 


মুখ্য ন্যায়াধীশজনে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু এন চি ই আৰ টিক জবাবদিহি কৰে। মুখ্য ন্যায়াধীশজনে কয় যে ইয়াৰ বাবে কোন জগৰীয়া আদালতে বিচাৰি উলিয়াব। এই সম্পূর্ণ পাঠ্যপুথিখন নিষিদ্ধ কৰিবলৈ সর্বোচ্চ আদালতে নির্দেশ দিয়ে। 


লক্ষণীয়ভাৱে, আদালত ক্ষুণ্ণ হোৱাক লৈ এই বিষয়ত প্রশ্ন উত্থাপন হৈছে যে ন্যায়পালিকাত কেনেকৈ দুর্নীতি সংঘটিত হৈছে। ন্যায়পালিকাৰ বিৰুদ্ধে উঠা অভিযোগবোৰ প্ৰকৃততে চালি-জাৰি চোৱাৰ বিপৰীতে দেশৰ সর্বোচ্চ আদালতে বিষয়টো এৰাই চলিবহে খুজিছে নেকি। 


উল্লেখযোগ্য যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত লোক সভাত দাখিল কৰা পৰিসংখ্যা অনুসৰি, যোৱা ১০ বছৰত দেশৰ ন্যায়পালিকাৰ বিৰুদ্ধে ৮৬০০টা অভিযোগ উত্থাপিত হৈছে। ২০১৬ চনৰ পৰা ২০২৬ চনৰ এটা দশকত কৰ্মৰত ন্যায়াধীশসকলৰ বিৰুদ্ধে ৮৬০০টা অভিযোগ উত্থাপন হৈছে। যোৱা বৰ্ষত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত লাখ লাখ অর্ধদগ্ধ নগদ ধন উদ্ধাৰ হোৱাৰ পাছত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। আনকি উচ্চতম ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ বাবে তিনিজনীয়া এখন সমিতিও গঠন কৰিছিল। ইয়াৰ মাজতে

ফেব্রুৱাৰীত ন্যায়পালিকাত দুর্নীতিৰ বিষয়ত লোক সভাত তথ্য দাখিল কৰা হয়। 


২০২৪ চনত ন্যায়পালিকাৰ বিৰুদ্ধে সর্বাধিক ১১৭০টা অভিযোগ উত্থাপিত হয়। ২০২৫ চনত ১১০২টা, ২০১৯ চনত ১০৩৭টা, ২০২২ চনত ১,০১২টা অভিযোগ উত্থাপন হয় ন্যায়পালিকাৰ বিৰুদ্ধে। অৱশ্যে, ২০২০ চনত ৫১৮টা অভিযোগ আহে। প্রণিধানযোগ্য যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু যিকোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অনা অভিযোগ ল'বলৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কর্তৃত্ব আছে। আনহাতে, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বিৰুদ্ধে অনা অভিযোগ সেই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৃষ্টিগোচৰ কৰা হয়। সংবিধানৰ অনুচ্ছেদ ৩২৫ অনুসৰি, জিলা আৰু সত্ৰ ন্যায়ালয়ৰ বিৰুদ্ধে ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে অনুশাসনমূলক ব্যৱস্থা ল'ব পাৰে। 


উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এই বিষয়ত উল্লেখ আছে যে যদি এটা অভিযোগ পাই, তেনেহ'লে মুখ্য ন্যায়াধীশে প্রশ্ন উত্থপিত হোৱা ন্যায়াধীশজনৰ পৰা এটা উত্তৰ বিচাৰিব লাগে। যদি উত্তৰটোত মুখ্য ন্যায়াধীশ সন্তুষ্ট নহয়, তেনেহ'লে মুখ্য ন্যায়াধীশে তদন্তৰ বাবে এখন অভ্যন্তৰীণ সমিতি গঠন কৰিব লাগে। যদি তদন্ত সমিতিখনে তদন্তত অভিযোগবোৰ প্ৰমাণ কৰে, তেনেহ'লে ন্যায়াধীশজনক পদত্যাগ কৰিবলৈ নির্দেশ দিব লাগে। 


উল্লেখযোগ্য যে যোৱা এটা দশকত ন্যায়পালিকাত সংঘটিত হোৱা বিভিন্ন দুর্নীতিৰ অভিযোগ এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ