--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশৰ হাজাৰ হাজাৰ মানুহৰ টকা আবদ্ধ হৈ আছে চাহাৰা ইণ্ডিয়াত। মানুহে নিজৰ ধন ঘূৰাই পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতে ৰাইজে পুনৰ আশা কৰিছে যে তেওঁলোকৰ ধন অতি সোনকালে ঘূৰাই দিয়া হ’ব

ডিজিটেল ডেস্কঃ যদি আপোনাৰ টকাও চাহাৰা ইণ্ডিয়াত আবদ্ধ হৈ আছে, তেন্তে এই খবৰটো আপোনাৰ বাবে অতি বিশেষ। উচ্চতম ন্যায়ালয়ে ছেবিক চাহাৰাৰ একাউণ্টৰ পৰা অতিৰিক্ত ৫০০০ কোটি টকা মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰিছে। 


এতিয়া সেইসকল লোকে তেওঁলোকৰ ধন ঘূৰাই পাব যাৰ টকা এতিয়াও চাহাৰা আঁচনিত আবদ্ধ হৈ আছে। এই সিদ্ধান্ত ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মালয় বাগচীৰ বিচাৰপীঠে দিছে। এই সিদ্ধান্তৰ পিছত চাহাৰা গ্ৰুপৰ চৰকাৰী সমিতিৰ জমাকাৰীসকলে তেওঁলোকৰ ধন সহজে ঘূৰাই পাব।


অন্তিম সময়সীমা বৃদ্ধি


কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদনত উচ্চতম ন্যায়ালয়ে অনুমোদন জনাইছে, য’ত ছাহাৰা ৰিফাণ্ড একাউণ্টত জমা ধনৰ পৰা জমাকাৰীসকলক ধন পৰিশোধ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। এতিয়া উচ্চতম ন্যায়ালয়ে ২০২৩ চনৰ ডিচেম্বৰ মাহত জাৰি কৰা ৫০০০ কোটি টকাৰ বিতৰণৰ অন্তিম তাৰিখো বৃদ্ধি কৰিছে।



২০১২ চনতেই উচ্চতম ন্যায়ালয়ে চাহাৰা ইণ্ডিয়া ৰিয়েল এষ্টেট কৰ্পৰেশ্যন লিমিটেড আৰু চাহাৰা ইণ্ডিয়া হাউছিং ইণ্ডিয়া কৰ্পৰেশ্যন লিমিটেডে বিনিয়োগকাৰীক অতি সোনকালে ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ বাবে ছেবি চাহাৰা এচক্ৰ’ একাউণ্টৰ ব্যৱস্থা কৰা হৈছিল। এনে একাউণ্টৰ জৰিয়তে জমাকাৰীসকলক তেওঁলোকৰ ধন ঘূৰাই দিয়া হ’ব।


উচচতম ন্যায়ালয়ে ৫০০০ কোটি টকাৰ ধন অতি শীঘ্ৰে সমবায় সমিতিৰ কেন্দ্ৰীয় পঞ্জীয়কলৈ হস্তান্তৰ কৰিব লাগে বুলি উল্লেখ কৰিছে। তদন্তৰ অন্তত পঞ্জীয়কে ৰিফাণ্ডৰ ধন প্ৰকৃত জমাকাৰীসকলক বিতৰণ কৰিব।


দেশৰ হাজাৰ হাজাৰ মানুহৰ টকা আবদ্ধ হৈ আছে চাহাৰা ইণ্ডিয়াত। মানুহে নিজৰ ধন ঘূৰাই পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতে ৰাইজে পুনৰ আশা কৰিছে যে তেওঁলোকৰ ধন অতি সোনকালে ঘূৰাই দিয়া হ’ব।


কোনবোৰ সমবায় সমিতিত বিনিয়োগ কৰা ধন ঘূৰাই দিয়া হ’ব?


-হামাৰা ইণ্ডিয়া ক্ৰেডিট সমবায় সমিতি লিমিটেড


-চাহাৰা ক্ৰেডিট সমবায় সমিতি লিমিটেড


-ছাহাৰিয়ান ইউনিভাৰ্চেল মাল্টিপাৰ্পজ ছ'চাইটি লিমিটেড


-ষ্টাৰছ বহুমুখী সমবায় সমিতি লিমিটেড


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু