--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শুকুৰবাৰে জি-৭দেশৰ বিত্ত মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল, য'ত ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহৰ বিৰুদ্ধে আৰোপ কৰিবলগা শুল্ক আৰু ৰাছিয়াৰ বিৰুদ্ধে প্রতিবন্ধকতা আৰোপ কৰাৰ বিষয়টোৰ ওপৰত গভীৰভাৱে চর্চা কৰা হয়।

ডিজিটেল ডেস্কঃ ভাৰতীয় সামগ্রীত ৫০ শতাংশ শুল্ক আৰোপৰ পাছতো ক্ষান্ত হোৱা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্প বাহিনী। আমেৰিকাই এতিয়া জি-৭ৰ দেশসমূহক ভাৰতৰ বিৰুদ্ধে শুল্ক আৰোপ কৰিবলৈ আহ্বান জনাইছে। 


শুকুৰবাৰে জি-৭দেশৰ বিত্ত মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল, য'ত ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহৰ বিৰুদ্ধে আৰোপ কৰিবলগা শুল্ক আৰু ৰাছিয়াৰ বিৰুদ্ধে প্রতিবন্ধকতা আৰোপ কৰাৰ বিষয়টোৰ ওপৰত গভীৰভাৱে চর্চা কৰা হয়।


এই বৈঠকখনতে আমেৰিকাই ইয়াৰ মিত্ৰ দেশসমূহক ৰুছ তেল ক্ৰয় কৰা দেশসমূহৰ বিৰুদ্ধে শুল্ক আৰোপৰ বাবে হেঁচা প্রয়োগ কৰে। বর্তমান জি-৭দেশসমূহৰ অধ্যক্ষ হৈ থকা কানাডাই এই তথ্য সদৰী কৰে। কানাডাৰ বিত্ত মন্ত্ৰী ফাঁছৱা-ফিলিপ ছেম্পেনে এই বৈঠকত অধ্যক্ষতা কৰে। ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰাৰ বাবে ৰাছিয়াৰ ওপৰত হেঁচা বঢ়োৱাৰ বিষয়তো বৈঠকত আলোচনা কৰা হয়। বৈঠকত উপস্থিত থকা আমেৰিকাৰ বিত্ত মন্ত্ৰী স্কট বেছান্ত আৰু বাণিজ্য প্রতিনিধি জেমিছন গ্ৰীৰে কয় যে ৰাছিয়াৰ তেল ক্ৰয় কৰি থকা ভাৰত আৰু চীনৰ বিৰুদ্ধে জি-৭ৰ দেশসমূহে শুল্ক আৰোপ কৰিব লাগে আৰু আমেৰিকাই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা শুল্কৰ বিষয়ত একমত হ'ব লাগে।


বেছান্তে কয় যে ভাৰত-চীনৰ দৰে দেশে ৰাছিয়াৰ তেল ক্রয় কৰাৰ বাবেই ৰাষ্ট্ৰপতি পুটিনে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ চলাই যাব পাৰিছে। আনহাতে, ইউৰোপীয়ান ইউনিয়নকো ভাৰত আৰু চীনৰ সামগ্ৰীত শুল্ক আৰোপ কৰিবলৈ আহ্বান জনাইছিল আমেৰিকাই।


উৎসঃ দৈনিক জনমভূমি  





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু