--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শুকুৰবাৰে জি-৭দেশৰ বিত্ত মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল, য'ত ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহৰ বিৰুদ্ধে আৰোপ কৰিবলগা শুল্ক আৰু ৰাছিয়াৰ বিৰুদ্ধে প্রতিবন্ধকতা আৰোপ কৰাৰ বিষয়টোৰ ওপৰত গভীৰভাৱে চর্চা কৰা হয়।

ডিজিটেল ডেস্কঃ ভাৰতীয় সামগ্রীত ৫০ শতাংশ শুল্ক আৰোপৰ পাছতো ক্ষান্ত হোৱা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্প বাহিনী। আমেৰিকাই এতিয়া জি-৭ৰ দেশসমূহক ভাৰতৰ বিৰুদ্ধে শুল্ক আৰোপ কৰিবলৈ আহ্বান জনাইছে। 


শুকুৰবাৰে জি-৭দেশৰ বিত্ত মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল, য'ত ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহৰ বিৰুদ্ধে আৰোপ কৰিবলগা শুল্ক আৰু ৰাছিয়াৰ বিৰুদ্ধে প্রতিবন্ধকতা আৰোপ কৰাৰ বিষয়টোৰ ওপৰত গভীৰভাৱে চর্চা কৰা হয়।


এই বৈঠকখনতে আমেৰিকাই ইয়াৰ মিত্ৰ দেশসমূহক ৰুছ তেল ক্ৰয় কৰা দেশসমূহৰ বিৰুদ্ধে শুল্ক আৰোপৰ বাবে হেঁচা প্রয়োগ কৰে। বর্তমান জি-৭দেশসমূহৰ অধ্যক্ষ হৈ থকা কানাডাই এই তথ্য সদৰী কৰে। কানাডাৰ বিত্ত মন্ত্ৰী ফাঁছৱা-ফিলিপ ছেম্পেনে এই বৈঠকত অধ্যক্ষতা কৰে। ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰাৰ বাবে ৰাছিয়াৰ ওপৰত হেঁচা বঢ়োৱাৰ বিষয়তো বৈঠকত আলোচনা কৰা হয়। বৈঠকত উপস্থিত থকা আমেৰিকাৰ বিত্ত মন্ত্ৰী স্কট বেছান্ত আৰু বাণিজ্য প্রতিনিধি জেমিছন গ্ৰীৰে কয় যে ৰাছিয়াৰ তেল ক্ৰয় কৰি থকা ভাৰত আৰু চীনৰ বিৰুদ্ধে জি-৭ৰ দেশসমূহে শুল্ক আৰোপ কৰিব লাগে আৰু আমেৰিকাই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা শুল্কৰ বিষয়ত একমত হ'ব লাগে।


বেছান্তে কয় যে ভাৰত-চীনৰ দৰে দেশে ৰাছিয়াৰ তেল ক্রয় কৰাৰ বাবেই ৰাষ্ট্ৰপতি পুটিনে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ চলাই যাব পাৰিছে। আনহাতে, ইউৰোপীয়ান ইউনিয়নকো ভাৰত আৰু চীনৰ সামগ্ৰীত শুল্ক আৰোপ কৰিবলৈ আহ্বান জনাইছিল আমেৰিকাই।


উৎসঃ দৈনিক জনমভূমি  





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ