--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মার্কিন চৰকাৰক ভাৰতৰে অস্ত্র-শস্ত্ৰ বিক্ৰী আৰু ব্যৱসায়ৰ বিষয়টো ধর্মীয় অধিকাৰৰ সৈতে সংযোগ কৰাৰ বাবেও আহ্বান জনায়।

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক (আৰ এছ এছ) আমেৰিকাত নিষিদ্ধ কৰাৰ পৰামৰ্শ জনাইছে দেশখনৰ এখন উচ্চস্তৰীয় আয়োগে।


'ইউ এছ কমিছন অন ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্রীডম' (ইউ এছ চি আই আৰ এফ) নামৰ মার্কিন আয়োগখনে আৰ এছ এছে নাগৰিকৰ ধৰ্মীয় অধিকাৰ খৰ্ব কৰিছে বুলি প্ৰকাশ কৰি আমেৰিকাত হিন্দুত্ববাদী সংগঠনটো নিষিদ্ধ কৰাত পৰামৰ্শ জনায়। আয়োগে ইয়াৰ বার্ষিক প্রতিবেদনত উল্লেখ কৰে যে ভাৰত এক নির্দিষ্ট বিষয়তহে চিন্তা কৰা দেশ। 


লগতে মার্কিন চৰকাৰক ভাৰতৰে অস্ত্র-শস্ত্ৰ বিক্ৰী আৰু ব্যৱসায়ৰ বিষয়টো ধর্মীয় অধিকাৰৰ সৈতে সংযোগ কৰাৰ বাবেও আহ্বান জনায়। আয়োগে লগতে ভাৰতৰ চোৰাংচোৱা সংস্থা 'ৰ' (ৰিছাৰ্চ এণ্ড এনালাইছিছ উইং)কো দেশখনত নিষিদ্ধ কৰাত পৰামৰ্শ জনায়। মার্কিন আয়োগখনক উভতি ধৰিছে কেন্দ্ৰীয় বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে। 


মুখপাত্রজনে কয় যে বস্তুনিষ্ঠ তথ্যৰ বিপৰীতে কিছুমান সন্দেহজনক উৎস আৰু আদৰ্শক বিকৃত কৰি চলোৱা অপপ্ৰচাৰৰ ভিত্তিত আয়োগে আৰ এছ এছ আৰু 'ৰ'ৰ বিৰুদ্ধে এনে পৰামৰ্শ জনাইছে। পক্ষপাতগ্রস্ত আৰু ভুৱা তথ্যৰ ভিত্তিত ভাৰতৰ এখন বিকৃত প্রতিচ্ছবি দাঙি ধৰা হৈছে বুলি জয়ছোৱালে অভিযোগ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ