--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মার্কিন চৰকাৰক ভাৰতৰে অস্ত্র-শস্ত্ৰ বিক্ৰী আৰু ব্যৱসায়ৰ বিষয়টো ধর্মীয় অধিকাৰৰ সৈতে সংযোগ কৰাৰ বাবেও আহ্বান জনায়।

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক (আৰ এছ এছ) আমেৰিকাত নিষিদ্ধ কৰাৰ পৰামৰ্শ জনাইছে দেশখনৰ এখন উচ্চস্তৰীয় আয়োগে।


'ইউ এছ কমিছন অন ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্রীডম' (ইউ এছ চি আই আৰ এফ) নামৰ মার্কিন আয়োগখনে আৰ এছ এছে নাগৰিকৰ ধৰ্মীয় অধিকাৰ খৰ্ব কৰিছে বুলি প্ৰকাশ কৰি আমেৰিকাত হিন্দুত্ববাদী সংগঠনটো নিষিদ্ধ কৰাত পৰামৰ্শ জনায়। আয়োগে ইয়াৰ বার্ষিক প্রতিবেদনত উল্লেখ কৰে যে ভাৰত এক নির্দিষ্ট বিষয়তহে চিন্তা কৰা দেশ। 


লগতে মার্কিন চৰকাৰক ভাৰতৰে অস্ত্র-শস্ত্ৰ বিক্ৰী আৰু ব্যৱসায়ৰ বিষয়টো ধর্মীয় অধিকাৰৰ সৈতে সংযোগ কৰাৰ বাবেও আহ্বান জনায়। আয়োগে লগতে ভাৰতৰ চোৰাংচোৱা সংস্থা 'ৰ' (ৰিছাৰ্চ এণ্ড এনালাইছিছ উইং)কো দেশখনত নিষিদ্ধ কৰাত পৰামৰ্শ জনায়। মার্কিন আয়োগখনক উভতি ধৰিছে কেন্দ্ৰীয় বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে। 


মুখপাত্রজনে কয় যে বস্তুনিষ্ঠ তথ্যৰ বিপৰীতে কিছুমান সন্দেহজনক উৎস আৰু আদৰ্শক বিকৃত কৰি চলোৱা অপপ্ৰচাৰৰ ভিত্তিত আয়োগে আৰ এছ এছ আৰু 'ৰ'ৰ বিৰুদ্ধে এনে পৰামৰ্শ জনাইছে। পক্ষপাতগ্রস্ত আৰু ভুৱা তথ্যৰ ভিত্তিত ভাৰতৰ এখন বিকৃত প্রতিচ্ছবি দাঙি ধৰা হৈছে বুলি জয়ছোৱালে অভিযোগ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু