--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে মুক্ত বাণিজ্য চুক্তিৰ বিষয়ত যুটীয়া সংবাদমেলত কয়, 'শিক্ষাৰ ক্ষেত্ৰতো আমি একেলগে নতুন অধ্যায় ৰচনা কৰিছোঁ।

ডিজিটেল ডেস্ক : ভাৰত-ব্রিটেইনৰ (ইউ কে) উচ্চ শিক্ষাৰ সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰতত চৌহদ স্থাপন কৰিবলৈ সাজু হৈছে ৫খন মর্যাদাসম্পন্ন ব্রিটিছ বিশ্ববিদ্যালয়।


ছাউথ এম্পটন বিশ্ববিদ্যালয়ে ইতিমধ্যেই যোৱা ১৬ জুলাইত গুৰুগ্ৰামত চৌহদ স্থাপন কৰিলে। উল্লেখযোগ্য যে ভাৰতত চৌহদ স্থাপন কৰা এইখনেই হৈছে প্রথম বিদেশী বিশ্ববিদ্যালয়।


বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে মুক্ত বাণিজ্য চুক্তিৰ বিষয়ত যুটীয়া সংবাদমেলত কয়, 'শিক্ষাৰ ক্ষেত্ৰতো আমি একেলগে নতুন অধ্যায় ৰচনা কৰিছোঁ। ব্রিটেইনৰ ৬খন বিশ্ববিদ্যালয়ে ভাৰতত তেওঁলোকৰ চৌহদ মুকলি কৰিব। যোৱা সপ্তাহত ছাউথ এম্পটন বিশ্ববিদ্যালয়ে গুৰুগ্ৰামত তেওঁলোকৰ প্ৰথমটো চৌহদ মুকলি কৰিলে।'


লণ্ডনৰ ভাৰতৰ উচ্চায়োগ আৰু ইষ্টার্ন আইৰ মতে ছাউথ এম্পটন বিশ্ববিদ্যালয়, লিভাৰপুল বিশ্ববিদ্যালয়, য়র্ক বিশ্ববিদ্যালয়, এবেৰডীন বিশ্ববিদ্যালয় আৰু ব্রিস্টল বিশ্ববিদ্যালয়ৰ সৈতে 'প্রাথমিক সংকল্পৰ নথি'ত (লেটাৰ অব্ ইনটেন্ট) স্বাক্ষৰ কৰা হৈছে। ছাউথ এম্পটন বিশ্ববিদ্যালয়ে গুৰুগ্ৰামত চৌহদ মুকলি কৰাৰ পাছত লিভাৰপুলে বেংগালুৰু তথা য়র্ক, এবেৰডীন আৰু ব্ৰিষ্টলে মুম্বাইত চৌহদ স্থাপন কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ