--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ দৰে বিষয়ত এই মডিউলটো যোগ কৰাৰ প্ৰস্তুতি চলাইছে এনচিইআৰটিয়ে।

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নিৰাপত্তা, দেশপ্ৰেম আৰু সেনাবাহিনীৰ অসীম সাহস সম্পৰ্কে সঠিক তথ্য দেশৰ নতুন প্ৰজন্মক দিয়াটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত এনচিইআৰটিয়ে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।


এতিয়া সমগ্ৰ দেশৰ বিদ্যালয়সমূহত বিতংভাৱে অপাৰেচন সিন্দুৰৰ পাঠদান কৰা হ’ব। ৩য় ৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে বিশেষ মডিউল প্ৰস্তুত কৰিব বুলি ঘোষণা কৰিছে এনচিইআৰটিয়ে।ইয়াত অন্তৰ্ভুক্ত হ’ব অপাৰেচন সিন্দুৰ। এই অভিযান সম্প্রতি ভাৰতীয় সেনাৰ বীৰত্বৰ প্রতীক হৈ পৰিছে৷


ভাৰতত প্ৰথমবাৰৰ বাবে সামৰিক অভিযানক স্কুলীয়া শিক্ষাৰ অংশ হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলে কেৱল কিতাপত সীমাবদ্ধ জ্ঞান আহৰণ কৰাই নহয় দেশৰ সুৰক্ষাৰ সৈতে জড়িত বাস্তৱিক পৰিঘটনাসমূহো বুজিব লাগে। পাঠ্যক্ৰমত অপাৰেচন সিন্দুৰ সংযোজন কৰিলে ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয়তাবাদৰ ভাৱ, সেনাৰ প্ৰতি সন্মান আৰু নাগৰিক দায়বদ্ধতা শক্তিশালী হ’ব।


অপাৰেচন সিন্দুৰৰ মডিউলে যুৱক-যুৱতীসকলক সেনাবাহিনীত কেৰিয়াৰ গঢ়িবলৈও অনুপ্ৰাণিত কৰিব। শিক্ষা বিশেষজ্ঞসকলৰ মতে এই পদক্ষেপে নতুন শিক্ষা নীতি (এন ই পি)ৰ উদ্দেশ্যও পূৰণ কৰে, যিয়ে কিতাপৰ দৰে জ্ঞানৰ লগতে বাস্তৱ আৰু ব্যৱহাৰিক শিক্ষণকো গুৰুত্ব দিয়ে।


ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ দৰে বিষয়ত এই মডিউলটো যোগ কৰাৰ প্ৰস্তুতি চলাইছে এনচিইআৰটিয়ে। ইয়াত অপাৰেচন সিন্দুৰৰ পটভূমি, উদ্দেশ্য, কৌশল আৰু ইয়াৰ প্ৰভাৱৰ লগতে জোৱানসকলৰ বীৰত্বপূৰ্ণ কাহিনীও সহজ ভাষাত অন্তৰ্ভুক্ত কৰা হ’ব। এই মডিউলত ভাৰতৰ সামৰিক শক্তি, শেহতীয়া কৃতিত্ব আৰু পাকিস্তানৰ ওপৰত জয়ৰ তথ্য ৮ৰ পৰা ১০ পৃষ্ঠাত দিয়া হ’ব। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক দেশৰ নিৰাপত্তা শক্তি আৰু সামৰিক অভিযানৰ বিষয়ে সজাগ কৰা।


এই মডিউলটো ২টা ভাগত বিভক্ত কৰা হ'ব-


১)প্ৰথম মডিউলটো হ’ব তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে।


২)দ্বিতীয়টো মডিউল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা হ’ব।


শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হ’ব


শিক্ষকসকলক এনচিইআৰটিৰ অপাৰেচন সিন্দুৰৰ মডিউল শিকোৱাৰ বাবেও বিশেষ প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰ লগে লগে তেওঁলোকে ছাত্ৰ-ছাত্ৰীক সঠিক তথ্য দি আলোচনা কৰিব পাৰিব। শীঘ্ৰে এনচিইআৰটিয়ে শিক্ষকসকলৰ বাবে অনলাইন কৰ্মশালা আৰু গাইডলাইন প্ৰকাশ কৰিব।


DIKSHAৰ দৰে ডিজিটেল প্লেটফৰ্মত ভিডিঅ’, কুইজ আৰু ইন্টাৰেক্টিভ কন্টেন্ট উপলব্ধ হ’ব। ছাত্ৰ-ছাত্ৰীসকলে প্ৰকল্প আৰু উপস্থাপনৰ জৰিয়তে অপাৰেচন সিন্দুৰৰ কৌশলসমূহ বিশ্লেষণ কৰাৰ সুযোগ পাব, যিয়ে তেওঁলোকৰ সমালোচনাত্মক চিন্তাধাৰা বৃদ্ধি কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ