--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰত্যক্ষদৰ্শীৰ মতে, চৰণপ্ৰীত সিঙে ছেক্টৰ ৯ত থকা এটা জিমত ব্যায়াম কৰি ওলাই অহাৰ সময়তে এই আক্ৰমণৰ বলি হয়।

ডিজিটেল ডেস্ক: চণ্ডীগড়ৰ ব্যস্ততাপূৰ্ণ ৯ নং ছেক্টৰত আজি এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। দিনদুপৰতে এদল দুৰ্বৃত্তই এজন প্ৰপাৰ্টী ডিলাৰক অতি ওচৰৰ পৰা গুলীয়াই দিয়ে। মৃত যুৱকজনক চৰণপ্ৰীত সিং বুলি চিনাক্ত কৰা হৈছে।



প্ৰত্যক্ষদৰ্শীৰ মতে, চৰণপ্ৰীত সিঙে ছেক্টৰ ৯ত থকা এটা জিমত ব্যায়াম কৰি ওলাই অহাৰ সময়তে এই আক্ৰমণৰ বলি হয়। তেওঁ বাহিৰলৈ ওলাই অহাৰ লগে লগে মটৰ চাইকেলত অহা অচিনাক্ত দুৰ্বৃত্তই তেওঁক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰে। জানিব পৰা মতে, আক্ৰমণকাৰীয়ে প্ৰায় ১০ ৰ পৰা ১২ জাঁই গুলী চলাইছিল।


গুলীবিদ্ধ হোৱাৰ লগে লগে চৰণপ্ৰীতক সংকটজনক অৱস্থাত চণ্ডীগড়ৰ পিজিআই (PGI) হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।


আৰক্ষীৰ প্ৰাথমিক তদন্ত:


মৃত চৰণপ্ৰীত বৃত্তিগতভাৱে এজন প্ৰপাৰ্টী ডিলাৰ আছিল।ঘটনাৰ আঁৰত কোনো অপৰাধী চক্ৰ বা গেঙৰ হাত থকাৰ সন্দেহ কৰা হৈছে। জানিব পৰা মতে, ইয়াৰ পূৰ্বেও তেওঁলৈ এটা গেঙৰ পৰা মৃত্যুৰ ভাবুকি আহিছিল।


বৰ্তমান আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছে আৰু চিচিটিভি (CCTV) ফুটেজৰ সহায়ত অভিযুক্তক কৰায়ত্ত কৰিবলৈ তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু