--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এতিয়া আপুনি এটা সময়ত ৫ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব। ১৫ ছেপ্টেম্বৰৰ পৰা এই পৰিৱৰ্তন কাৰ্যকৰী হ’ব আৰু সকলো বেংক আৰু পেমেণ্ট এপেও ইয়াক অনুসৰণ কৰিব লাগিব।

ডিজিটেল ডেস্কঃ যদি আপুনিও ইউ পি আইৰ জৰিয়তে বৃহৎ পৰিমানৰ ধন লেনদেন কৰে, তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে বহু শিতানত ইউপিআই পেমেণ্টৰ সীমা বৃদ্ধি কৰিছে। 


এতিয়া আপুনি এটা সময়ত ৫ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব। ১৫ ছেপ্টেম্বৰৰ পৰা এই পৰিৱৰ্তন কাৰ্যকৰী হ’ব আৰু সকলো বেংক আৰু পেমেণ্ট এপেও ইয়াক অনুসৰণ কৰিব লাগিব।


কোনবোৰ শ্ৰেণীত সীমা বৃদ্ধি কৰা হৈছে?


ইয়াৰ পূৰ্বে মূলধনী বজাৰ, বীমা আৰু ভ্ৰমণৰ দৰে শিতানত মাত্ৰ ২ লাখ টকা পৰ্যন্তহে লেনদেন কৰিব পৰা গৈছিল। কিন্তু এতিয়া এই শিতানসমূহৰ সীমা ৫ লাখলৈ বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয়, এই খণ্ডসমূহত আপুনি ২৪ ঘন্টাত মুঠ ১০ লাখ টকা পৰ্যন্ত ধন পৰিশোধ কৰিব পাৰিব।


ক্ৰেডিট কাৰ্ড আৰু সংগ্ৰহৰ ওপৰত প্ৰভাৱ


ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধৰ সীমাও এতিয়া বৃদ্ধি পাইছে। ইয়াত এটা লেনদেনত ৫ লাখ টকা পৰ্যন্ত পৰিশোধ কৰিব পৰা যায়, আনহাতে গোটেই দিনটোৰ মুঠ সীমা ৬ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। একেদৰে সংগ্ৰহৰ শ্ৰেণীতো এদিনতে মুঠ ১০ লাখ টকা পৰ্যন্ত ধন পৰিশোধ কৰিব পাৰি।


গহনা আৰু ডিজিটেল একাউণ্ট 


গহনা ক্ৰয়ৰ বাবে এটা লেনদেনৰ সীমা নিৰ্ধাৰণ কৰা হৈছে ২ লাখ টকা আৰু গোটেই দিনটোৰ সীমা ৬ লাখ টকা। একে সময়তে ডিজিটেল একাউণ্ট খোলাৰ বাবে ৫ লাখ টকা পৰ্যন্ত ধন পৰিশোধ কৰিব পাৰিব। কিন্তু যদি এইটোৱেই একাউণ্ট খোলাৰ প্ৰাৰম্ভিক পুঁজি হয়, তেন্তে সীমা হ’ব মাত্ৰ ২ লাখ টকা।


এফএক্স খুচুৰা আৰু ব্যৱসায়িক পেমেণ্ট


এফ এক্স ৰিটেইল ইউজ কেছ অৰ্থাৎ মুদ্ৰা বিনিময় বা বিদেশী ৰেমিটেন্সৰ দৰে সেৱাৰ বাবে এতিয়া ৫ লাখ টকা পৰ্যন্ত পৰিশোধ কৰিব পাৰিব। ব্যৱসায়িক আৰু ব্যৱসায়ীসকলৰ ধন পৰিশোধৰ সীমাও ৫ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।


কোন কোন ব্যৱহাৰকাৰীয়ে লাভ কৰিব?


এনপিচিআইয়ে স্পষ্ট কৰি দিছে যে এই বৃদ্ধি কৰা সীমা কেৱল পৰীক্ষিত ব্যৱসায়ী একাউণ্টৰ বাবেহে। সাধাৰণ ব্যৱহাৰকাৰীৰ পৰা ব্যৱহাৰকাৰীলৈ (পি টু পি) লেনদেনৰ ক্ষেত্ৰত প্ৰতিদিনে ১ লাখ টকাৰ একে সীমা প্ৰযোজ্য হ’ব। বেংক আৰু পেমেণ্ট এপসমূহেও নিজৰ আভ্যন্তৰীণ নীতি অনুসৰি বিভিন্ন সীমা ৰাখিব পাৰে, কিন্তু ই এন পি চি আইয়ে নিৰ্ধাৰণ কৰা নতুন সীমা অতিক্ৰম নকৰে।


এন পি চি আইয়ে কিয় এই সিদ্ধান্ত ল’লে?


UPI এতিয়া দেশৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয় পেমেণ্ট মোডত পৰিণত হৈছে। বৃহৎ সংখ্যক লোকে বীমা প্ৰিমিয়াম, মূলধনী বজাৰ বিনিয়োগ আৰু ভ্ৰমণৰ দৰে উচ্চ মূল্যৰ শিতানত ডিজিটেল পেমেণ্ট কৰিব বিচাৰে। এই প্ৰয়োজনীয়তাসমূহ মনত ৰাখি এন পি চি আইয়ে সীমা বৃদ্ধি কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু