--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ৰাছিয়াৰ কাষৰ সাগৰত দুখন পাৰমাণৱিক ছাবমেৰিন মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে

ডিজিটেল ডেস্ক : ইউক্রেইনৰ যুদ্ধক লৈ ৰাছিয়া আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ৰাছিয়াৰ কাষৰ সাগৰত দুখন পাৰমাণৱিক ছাবমেৰিন মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে।


ইয়াৰ লগতে, ৰাছিয়াই গুৰুতৰ পৰিণাম ভোগ কৰিব লাগিব বুলিও ট্রাম্পে হুমকি দিয়ে। অৱশ্যে এই ছাবমেৰিন দুখন ক'ত মোতায়েন কৰা হ'ব সেই বিষয়ে ট্রাম্পে উল্লেখ কৰা নাই। সামাজিক মাধ্যমত দিয়া এটা প'ষ্টৰ জৰিয়তে ট্রাম্পে এই কথা প্রকাশ কৰে। মার্কিন ৰাষ্ট্ৰপতিজনে এই সিদ্ধান্ত ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উপাধ্যক্ষ ডিমিত্রি মেদভেদেভৰ প্ৰৰোচনামূলক মন্তব্যৰ বাবে গ্ৰহণ কৰা বুলি প্রকাশ কৰিছে।


ট্রাম্পে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু নিৰাপত্তা পৰিষদৰ উপাধ্যক্ষ ডিমিত্রি মেদভেদেভে দিয়া প্ৰৰোচনামূলক মন্তব্যৰ বাবে মই ৰাছিয়াৰ কাষত দুখন পাৰমাণৱিক ছাবমেৰিন মোতায়েন কৰাৰ নিৰ্দেশ দিছোঁ যাতে প্ৰৰোচনামূলক মন্তব্য কেবল মন্তব্যতে সীমিত হৈ থাকে। শব্দৰ যথেষ্ট মূল্য আছে আৰু ইয়াৰ বাবে অজানিতে গুৰুতৰ পৰিণাম ভোগ কৰিবলগীয়া হ'ব পাৰে। এনে ঘটনা নঘটিব বুলি মই আশা কৰিছোঁ।' উল্লেখযোগ্য যে যোৱা ৩০ জুলাইত ট্রাম্পে ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতি মৃত বুলি কৈছিল।


ট্রাম্পে কৈছিল, 'ভাৰত আৰু ৰাছিয়াই নিজৰ মৃত অর্থনীতিক আৰু তললৈ লৈ যাওক, মই কোনো পৰোৱা নকৰোঁ।' ইয়াৰ উত্তৰ দি মেদভেদেভে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি মানসিক চাপৰ সন্মুখীন হৈছে। মেদভেদেভে ট্রাম্পক প্রত্যুত্তৰ দি কয়, 'এতিয়া সক্রিয় হৈ নাথাকিলেও 'মৃত হাত' (ডেড হেণ্ড) ৰ বিপজ্জনক শক্তিৰ কথা মনত ৰখা উচিত। যদিহে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কেইটামান শব্দত আমেৰিকাৰ শক্তিশালী ৰাষ্ট্ৰপতিজন ইমান শংকিত হৈ পৰে তেতিয়াহ'লে ৰাছিয়া একেবাৰে সঠিক পথত আছে।'


উল্লেখযোগ্য যে 'ডেড হেণ্ড' ৰাছিয়াৰ শীতল যুদ্ধৰ সময়ত পাৰমাণৱিক অস্ত্র নিয়ন্ত্ৰণ প্ৰণালী আছিল। সেই সময়ত কোনো দেশে ৰাছিয়াত আক্ৰমণ কৰিলে এই প্রণালী স্বয়ংক্রিয়ভাৱে পাৰমাণৱিক বোমাৰে ইয়াৰ প্ৰত্যুত্তৰ দিব পৰাকৈ সক্ষম আছিল। ইফালে ট্রাম্পে দুখন পাৰমাণৱিক ছাবমেৰিন ৰাছিয়াৰ কাষত মোতায়েনৰ নিৰ্দেশ দিয়াৰ পাছত ৰাছিয়াৰ সংসদৰ এজন সদস্য ভিক্তৰ ভড'লাৎস্কীয়ে কয় যে আমেৰিকাৰ পাৰমাণৱিক ছাবমেৰিনক প্ৰত্যুত্তৰ দিব পৰাকৈ ৰাছিয়াৰো সমুদ্ৰত পৰ্যাপ্ত পাৰমাণৱিক ছাবমেৰিন আছে।


সাংসদজনে কয়, 'বিশ্বৰ মহাসাগৰসমূহত ৰাছিয়াৰ ছাবমেৰিনৰ সংখ্যা আমেৰিকাতকৈ অধিক আৰু যি ছাবমেৰিন আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰেৰণৰ নির্দেশ দিছে সেয়া দীর্ঘদিন তেওঁলোকৰ নিৰীক্ষণত আছে, সেয়েহে ছাবমেৰিনক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দিয়া মন্তব্যত ৰাছিয়াৰ তৰফৰ পৰা কোনো প্রতিক্রিয়া প্রকাশ কৰাৰ প্ৰয়োজন নাই। ৰাছিয়ান সাংসদজনে লগতে কয়, 'আমেৰিকাৰ দুয়োখন ছাবমেৰিন ৰাওনা হ'বলৈ দিয়ক, এই ছাবমেৰিন দীর্ঘদিন ৰাছিয়াৰ লক্ষ্য হৈ আছে।' তেওঁ কয় যে ৰাছিয়া-আমেৰিকাৰ মাজত এখন মৌলিক চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰয়োজন যাতে সমগ্র বিশ্ব শান্ত হৈ পৰে আৰু তৃতীয় বিশ্ব যুদ্ধৰ আৰম্ভণিৰ বিষয়ে কোৱাটো বন্ধ হয়।



উৎসঃ দৈনিক জনমভূমি









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ