--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ৰাছিয়াৰ কাষৰ সাগৰত দুখন পাৰমাণৱিক ছাবমেৰিন মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে

ডিজিটেল ডেস্ক : ইউক্রেইনৰ যুদ্ধক লৈ ৰাছিয়া আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ৰাছিয়াৰ কাষৰ সাগৰত দুখন পাৰমাণৱিক ছাবমেৰিন মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে।


ইয়াৰ লগতে, ৰাছিয়াই গুৰুতৰ পৰিণাম ভোগ কৰিব লাগিব বুলিও ট্রাম্পে হুমকি দিয়ে। অৱশ্যে এই ছাবমেৰিন দুখন ক'ত মোতায়েন কৰা হ'ব সেই বিষয়ে ট্রাম্পে উল্লেখ কৰা নাই। সামাজিক মাধ্যমত দিয়া এটা প'ষ্টৰ জৰিয়তে ট্রাম্পে এই কথা প্রকাশ কৰে। মার্কিন ৰাষ্ট্ৰপতিজনে এই সিদ্ধান্ত ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উপাধ্যক্ষ ডিমিত্রি মেদভেদেভৰ প্ৰৰোচনামূলক মন্তব্যৰ বাবে গ্ৰহণ কৰা বুলি প্রকাশ কৰিছে।


ট্রাম্পে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু নিৰাপত্তা পৰিষদৰ উপাধ্যক্ষ ডিমিত্রি মেদভেদেভে দিয়া প্ৰৰোচনামূলক মন্তব্যৰ বাবে মই ৰাছিয়াৰ কাষত দুখন পাৰমাণৱিক ছাবমেৰিন মোতায়েন কৰাৰ নিৰ্দেশ দিছোঁ যাতে প্ৰৰোচনামূলক মন্তব্য কেবল মন্তব্যতে সীমিত হৈ থাকে। শব্দৰ যথেষ্ট মূল্য আছে আৰু ইয়াৰ বাবে অজানিতে গুৰুতৰ পৰিণাম ভোগ কৰিবলগীয়া হ'ব পাৰে। এনে ঘটনা নঘটিব বুলি মই আশা কৰিছোঁ।' উল্লেখযোগ্য যে যোৱা ৩০ জুলাইত ট্রাম্পে ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতি মৃত বুলি কৈছিল।


ট্রাম্পে কৈছিল, 'ভাৰত আৰু ৰাছিয়াই নিজৰ মৃত অর্থনীতিক আৰু তললৈ লৈ যাওক, মই কোনো পৰোৱা নকৰোঁ।' ইয়াৰ উত্তৰ দি মেদভেদেভে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি মানসিক চাপৰ সন্মুখীন হৈছে। মেদভেদেভে ট্রাম্পক প্রত্যুত্তৰ দি কয়, 'এতিয়া সক্রিয় হৈ নাথাকিলেও 'মৃত হাত' (ডেড হেণ্ড) ৰ বিপজ্জনক শক্তিৰ কথা মনত ৰখা উচিত। যদিহে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কেইটামান শব্দত আমেৰিকাৰ শক্তিশালী ৰাষ্ট্ৰপতিজন ইমান শংকিত হৈ পৰে তেতিয়াহ'লে ৰাছিয়া একেবাৰে সঠিক পথত আছে।'


উল্লেখযোগ্য যে 'ডেড হেণ্ড' ৰাছিয়াৰ শীতল যুদ্ধৰ সময়ত পাৰমাণৱিক অস্ত্র নিয়ন্ত্ৰণ প্ৰণালী আছিল। সেই সময়ত কোনো দেশে ৰাছিয়াত আক্ৰমণ কৰিলে এই প্রণালী স্বয়ংক্রিয়ভাৱে পাৰমাণৱিক বোমাৰে ইয়াৰ প্ৰত্যুত্তৰ দিব পৰাকৈ সক্ষম আছিল। ইফালে ট্রাম্পে দুখন পাৰমাণৱিক ছাবমেৰিন ৰাছিয়াৰ কাষত মোতায়েনৰ নিৰ্দেশ দিয়াৰ পাছত ৰাছিয়াৰ সংসদৰ এজন সদস্য ভিক্তৰ ভড'লাৎস্কীয়ে কয় যে আমেৰিকাৰ পাৰমাণৱিক ছাবমেৰিনক প্ৰত্যুত্তৰ দিব পৰাকৈ ৰাছিয়াৰো সমুদ্ৰত পৰ্যাপ্ত পাৰমাণৱিক ছাবমেৰিন আছে।


সাংসদজনে কয়, 'বিশ্বৰ মহাসাগৰসমূহত ৰাছিয়াৰ ছাবমেৰিনৰ সংখ্যা আমেৰিকাতকৈ অধিক আৰু যি ছাবমেৰিন আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰেৰণৰ নির্দেশ দিছে সেয়া দীর্ঘদিন তেওঁলোকৰ নিৰীক্ষণত আছে, সেয়েহে ছাবমেৰিনক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দিয়া মন্তব্যত ৰাছিয়াৰ তৰফৰ পৰা কোনো প্রতিক্রিয়া প্রকাশ কৰাৰ প্ৰয়োজন নাই। ৰাছিয়ান সাংসদজনে লগতে কয়, 'আমেৰিকাৰ দুয়োখন ছাবমেৰিন ৰাওনা হ'বলৈ দিয়ক, এই ছাবমেৰিন দীর্ঘদিন ৰাছিয়াৰ লক্ষ্য হৈ আছে।' তেওঁ কয় যে ৰাছিয়া-আমেৰিকাৰ মাজত এখন মৌলিক চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰয়োজন যাতে সমগ্র বিশ্ব শান্ত হৈ পৰে আৰু তৃতীয় বিশ্ব যুদ্ধৰ আৰম্ভণিৰ বিষয়ে কোৱাটো বন্ধ হয়।



উৎসঃ দৈনিক জনমভূমি









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু