--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্য চৰকাৰে প্ৰায় ২০০ কোটি টকা ব্যয়েৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আবির্ভাব ক্ষেত্র নির্মাণ কৰি উলিয়াইছে।

ডিজিটেল ডেস্ক : অসমৰ জাতীয় জীৱনৰ সৈতে সংপৃক্ত বটদ্ৰৱা প্রকল্প আজি উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে। আনহাতে, কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহে আজি গুৱাহাটীত অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰা জ্যোতি-বিষ্ণু প্রেক্ষাগৃহও মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগত বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাব।


তেওঁ শ্বহীদ স্মাৰকত অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। সেই অনুষ্ঠানৰ পাছতে তেওঁ হেলিকপ্টাৰযোগে নগাঁও জিলাৰ বৰদোৱালৈ ৰাওনা হ'ব। তাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। ৰাজ্য চৰকাৰে প্ৰায় ২০০ কোটি টকা ব্যয়েৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আবির্ভাব ক্ষেত্র নির্মাণ কৰি উলিয়াইছে।


কেন্দ্রীয় গৃহ মন্ত্রীজনে আজি দিনৰ ভাগত এই প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। এসময়ত একাংশ লোকে বেদখল কৰি থকা বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰি চৰকাৰে বটদ্ৰৱা প্রকল্প নিৰ্মাণৰ কাম হাতত লৈছিল। বৃহত্তৰ বটদ্ৰৱাৰ ৮০০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পাছত গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ কাষৰ ১০০ বিঘাৰো অধিক ভূমিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কৰা হৈছে। আজি এই প্রকল্পটো ভকত-বৈষ্ণৱ তথা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। লক্ষণীয় যে কেন্দ্রীয় গৃহ মন্ত্রীজনেই এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। এই প্রকল্প মুকলি কৰাৰ লগতে তেওঁ এখন জনসভা সম্বোধন কৰিব। তাৰ পৰা পুনৰ হেলিকপ্টাৰযোগে গুৱাহাটীলৈ উভতি আহি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে বিয়লি গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্তৰ নৱনির্মিত নতুন ভৱন আৰু মহানগৰীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে সংহত কমাণ্ড এণ্ড কন্ট্রল ছিষ্টেম উদ্বোধন কৰিব।


উল্লেখযোগ্য যে এই কার্যালয়টো অত্যাধুনিক প্রযুক্তিৰ সংযোজন হৈছে। সমগ্ৰ গুৱাহাটীৰ যান-বাহন এই কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ কৰা হ'ব। ইয়াৰ লগতে মহানগৰীৰ সকলো চি চি টিভি কেমেৰাও এই কার্যালয়ত থকা নিয়ন্ত্রণ কক্ষৰ পৰা পৰিচালনা কৰা হ'ব। মহানগৰীৰ নিৰাপত্তা আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাক শক্তিশালী কৰিবলৈ ২০০০ৰো অধিক চি চি টিভি এই কক্ষৰ পৰা নিৰীক্ষণ কৰা হ'ব। ভাৰতৰ নতুন তিনিখন আইন ৰূপায়ণত অসমে প্রথম স্থান অধিকাৰ কৰা উপলক্ষে আজি আৰক্ষী আয়ুক্তৰ কার্যালয়ত হ'বলগীয়া এখন প্রদর্শনীও কেন্দ্রীয় গৃহ মন্ত্রীজনে পৰিদৰ্শন কৰিব।


বিয়লি তেওঁ খানাপাৰাত অত্যাধুনিক জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ মুকলি কৰিব। ৫ হাজাৰ আসনযুক্ত এই প্রেক্ষাগৃহ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্রেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্রীজনে এই প্রেক্ষাগৃহটো উদ্বোধন কৰিব। আনহাতে, আজি সন্ধিয়া অমিত শ্বাহে পুনৰ দিল্লীলৈ উৰা মাৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ