--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্য চৰকাৰে প্ৰায় ২০০ কোটি টকা ব্যয়েৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আবির্ভাব ক্ষেত্র নির্মাণ কৰি উলিয়াইছে।

ডিজিটেল ডেস্ক : অসমৰ জাতীয় জীৱনৰ সৈতে সংপৃক্ত বটদ্ৰৱা প্রকল্প আজি উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে। আনহাতে, কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহে আজি গুৱাহাটীত অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰা জ্যোতি-বিষ্ণু প্রেক্ষাগৃহও মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগত বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাব।


তেওঁ শ্বহীদ স্মাৰকত অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। সেই অনুষ্ঠানৰ পাছতে তেওঁ হেলিকপ্টাৰযোগে নগাঁও জিলাৰ বৰদোৱালৈ ৰাওনা হ'ব। তাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। ৰাজ্য চৰকাৰে প্ৰায় ২০০ কোটি টকা ব্যয়েৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আবির্ভাব ক্ষেত্র নির্মাণ কৰি উলিয়াইছে।


কেন্দ্রীয় গৃহ মন্ত্রীজনে আজি দিনৰ ভাগত এই প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। এসময়ত একাংশ লোকে বেদখল কৰি থকা বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰি চৰকাৰে বটদ্ৰৱা প্রকল্প নিৰ্মাণৰ কাম হাতত লৈছিল। বৃহত্তৰ বটদ্ৰৱাৰ ৮০০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পাছত গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ কাষৰ ১০০ বিঘাৰো অধিক ভূমিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কৰা হৈছে। আজি এই প্রকল্পটো ভকত-বৈষ্ণৱ তথা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। লক্ষণীয় যে কেন্দ্রীয় গৃহ মন্ত্রীজনেই এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। এই প্রকল্প মুকলি কৰাৰ লগতে তেওঁ এখন জনসভা সম্বোধন কৰিব। তাৰ পৰা পুনৰ হেলিকপ্টাৰযোগে গুৱাহাটীলৈ উভতি আহি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে বিয়লি গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্তৰ নৱনির্মিত নতুন ভৱন আৰু মহানগৰীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে সংহত কমাণ্ড এণ্ড কন্ট্রল ছিষ্টেম উদ্বোধন কৰিব।


উল্লেখযোগ্য যে এই কার্যালয়টো অত্যাধুনিক প্রযুক্তিৰ সংযোজন হৈছে। সমগ্ৰ গুৱাহাটীৰ যান-বাহন এই কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ কৰা হ'ব। ইয়াৰ লগতে মহানগৰীৰ সকলো চি চি টিভি কেমেৰাও এই কার্যালয়ত থকা নিয়ন্ত্রণ কক্ষৰ পৰা পৰিচালনা কৰা হ'ব। মহানগৰীৰ নিৰাপত্তা আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাক শক্তিশালী কৰিবলৈ ২০০০ৰো অধিক চি চি টিভি এই কক্ষৰ পৰা নিৰীক্ষণ কৰা হ'ব। ভাৰতৰ নতুন তিনিখন আইন ৰূপায়ণত অসমে প্রথম স্থান অধিকাৰ কৰা উপলক্ষে আজি আৰক্ষী আয়ুক্তৰ কার্যালয়ত হ'বলগীয়া এখন প্রদর্শনীও কেন্দ্রীয় গৃহ মন্ত্রীজনে পৰিদৰ্শন কৰিব।


বিয়লি তেওঁ খানাপাৰাত অত্যাধুনিক জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ মুকলি কৰিব। ৫ হাজাৰ আসনযুক্ত এই প্রেক্ষাগৃহ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্রেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্রীজনে এই প্রেক্ষাগৃহটো উদ্বোধন কৰিব। আনহাতে, আজি সন্ধিয়া অমিত শ্বাহে পুনৰ দিল্লীলৈ উৰা মাৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু