--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমত কেইবালাখ হিন্দু বাঙালী ভোটাৰ থকা সত্ত্বেও সেই অনুপাতে ৰাজনৈতিক ক্ষেত্ৰখনত হিন্দু বাঙালীৰ উপস্থিতি প্ৰায় শূন্য বুলি তীব্ৰ আক্ষেপ প্ৰকাশ কৰে৷

ডিজিটেল ডেস্ক: সমাগত বিধানসভা নিৰ্বাচনত অতি কমেও দহটা বিধানসভা সমষ্টিত হিন্দু বঙালীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাইছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনে৷ অন্যথা নিজাববীয়া প্ৰাৰ্থী থিয় কৰাৰ হুংকাৰ ফেডাৰেছনৰ৷


কোকৰাঝাৰত আয়োজিত এখন সংবাদ মেলত সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি সম্ৰাট ভাৱাল আৰু সাধাৰণ সম্পাদক বাবলু সৰকাৰে শাসকীয় বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিত হিন্দু বাঙালী সমাজ এক গভীৰ জাতীয় সংকটত পৰিছে ৷


অসমত কেইবালাখ হিন্দু বাঙালী ভোটাৰ থকা সত্ত্বেও সেই অনুপাতে ৰাজনৈতিক ক্ষেত্ৰখনত হিন্দু বাঙালীৰ উপস্থিতি প্ৰায় শূন্য বুলি তীব্ৰ আক্ষেপ প্ৰকাশ কৰে৷


বহু বছৰ ধৰি অসমৰ ৰাজনৈতিক, প্ৰশাসনিক আৰু উন্নয়নৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিছে। মাথোঁ ন্যায্য অধিকাৰ আৰু সমান ৰাজনৈতিক প্ৰতিনিধিত্ব বিচাৰোঁ ৷ এয়া এখন গণতান্ত্ৰিক দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ ৷ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত এজনো হিন্দু বাঙালী মন্ত্ৰী নিযুক্ত নোহোৱাটো কেৱল দুৰ্ভাগ্যজনকেই নহয় ৷ ই বৈষম্যৰ স্পষ্ট প্ৰতিফলন বুলিও অভিহিত কৰিছে ছাত্ৰ নেতাদ্বয়ে৷


সংবাদ মেলখনত ছাত্ৰ নেতাদ্বয়ে আৰু কয় যে অসমৰ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে ব্ৰহ্মপুত্ৰ উপত্যকাত পাঁচ গৰাকী হিন্দু বাঙালী প্ৰাৰ্থীক টিকট প্ৰদান কৰিব বুলি শুনিবলৈ পাইছোঁ ৷ তেনেক্ষেত্ৰত বিজেপি দলে কিমানজন হিন্দু বাঙালী প্ৰাৰ্থীক সুযোগ প্ৰদান কৰিব বুলি প্ৰশ্নৰ অৱতাৰণা কৰি সমাগত অসম বিধানসভাৰ নিৰ্বাচনত অতি কমেও ৰাজ্যৰ দহটা বিধানসভা সমষ্টিত হিন্দু বাঙালী প্ৰাৰ্থীক টিকট প্ৰদান কৰিব লাগিব বুলি দাবী জনাইছে ৷


যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত শাসকীয় বিজেপি চৰকাৰে স্থিতি স্পষ্ট নকৰে তেন্তে সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ উদ্যোগত বাঙালী অধ্যুষিত অঞ্চলত নিজস্ব প্ৰাৰ্থী মনোনীত কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বাধ্য হ’ব বুলিও সকিয়াই দিছে বাঙালী যুৱ ফেডাৰেছনৰ নেতাদ্বয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ