--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অলপতে কেন্দ্রীয় শিক্ষা মন্ত্ৰ্যালয়ে প্রকাশ কৰা প্ৰতিবেদনত শিক্ষাৰ ক্ষেত্ৰত অসমৰ মান তলৰ ফালৰপৰা দ্বিতীয় স্থানত থকাৰ তথ্যই শৈক্ষিক ক্ষেত্ৰত অসমৰ বাস্তৱ অৱস্থা কি, সেই কথা উন্মোচিত কৰিছে।

ডিজিটেল ডেস্ক : দেশৰ ৫খন উন্নত ৰাজ্যৰ ভিতৰত অসমক স্থান দিবলৈ অবিৰাম প্রচেষ্টা চলি থকাৰ সময়তে শিক্ষা খণ্ডই অসমৰ নামত কালিমাহে সানিছে।



মাধ্যমিক স্তৰত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা কমক চাৰি বৃদ্ধি পাই যোৱাত উদ্বিগ্ন হৈছে ৰাজ্য চৰকাৰ। কি কাৰণত শিক্ষার্থীসকলে বিদ্যালয় আধাতে এৰি যায় তাৰ কাৰণ চিহ্নিত কৰি উপায় উলিয়াবলৈ বিদ্যালয় শিক্ষা বিভাগে উচ্চস্তৰীয় কমিটী গঠন কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে অলপতে কেন্দ্রীয় শিক্ষা মন্ত্ৰ্যালয়ে প্রকাশ কৰা প্ৰতিবেদনত শিক্ষাৰ ক্ষেত্ৰত অসমৰ মান তলৰ ফালৰপৰা দ্বিতীয় স্থানত থকাৰ তথ্যই শৈক্ষিক ক্ষেত্ৰত অসমৰ বাস্তৱ অৱস্থা কি, সেই কথা উন্মোচিত কৰিছে।


চৰকাৰী খণ্ডত শিক্ষাৰ্থীৰ সংখ্যা দ্রুতহাৰত হ্রাস পোৱাৰ ফলত ইতিমধ্যে ৭ হাজাৰৰো অধিক শিক্ষানুষ্ঠান বন্ধ কৰি আন চৰকাৰী বিদ্যালয়ৰ লগত চামিল কৰিবলগীয়া হৈছে। মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফর্ম যোগান ধৰাৰ লগতে, আনন্দৰাম বৰুৱা বঁটা, বাণীকান্ত কাকতি মেধা বঁটা প্রদান, চাইকেল বিতৰণ কৰাৰ পাছতো চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীক ধৰি ৰাখিব নোৱৰাত উদ্বিগ্ন ৰাজ্য চৰকাৰে উপায়ান্তৰ নোপোৱা হৈ উচ্চস্তৰীয় কমিটী গঠন কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে ২০২৪-২৫ বর্ষত অসমত ৬৮,৮৪৩ গৰাকী শিক্ষার্থীয়ে বিদ্যালয় আধাতে এৰি গৈছে। ইউডাইছৰ শেহতীয়া স্তৰত অসমৰ মাধ্যমিক স্তৰত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ২০.২৫ শতাংশ। এই হাৰ সৰ্বভাৰতীয় ১২.৬১ শতাংশতকৈ বহু বেছি।


দেশৰ ৫খন অগ্রণী ৰাজ্যৰ ভিতৰত অসমক ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰা ৰাজ্য চৰকাৰে শিক্ষার্থীয়ে বিদ্যালয় আধাতে এৰাৰ কাৰণসমূহ বিশ্লেষণ কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় কমিটী গঠন কৰিছে। কমিটীত আহ্বায়ক সদস্য হিচাপে থাকিব সমগ্র শিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়া খনীন্দ্র দাস, প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ উপ-সচিব দীপিকা চৌধুৰী, এছ চি ই আৰ টিৰ উপ-সঞ্চালক প্রিয়ানু বৰুৱা, ইউনিচেফৰ প্ৰতিনিধি অপৰাজিতা চৌধুৰী, ষ্টেট লেভেল চেন্টেল স্কোৱেৰ ফাউণ্ডেশ্যন ইন্দ্রনাথ চেটার্জী এই উচ্চস্তৰীয় কমিটীৰ সদস্য হ'ব। বিদ্যালয় শিক্ষা বিভাগৰ সচিব শ্বাহনাৱাজ চৌধুৰীয়ে জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে যে অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আধাতে বিদ্যালয় এৰি যোৱাৰ হাৰ উদ্বেগৰ বিষয়।


চৰকাৰে মাধ্যমিক শিক্ষাত শিক্ষার্থীক স্থায়ীভাৱে ধৰি ৰখাত গুৰুত্ব আৰোপ কৰিছে। বিদ্যালয় বন্ধ কৰা, ভৌগোলিক কাৰকসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি, নিযুত মইনা আঁচনিৰ দৰে একে ধৰণৰ উদ্‌গণিমূলক আঁচনি গ্রহণ কৰা আদি দিশবিলাক এই উচ্চস্তৰীয় কমিটীয়ে অন্বেষণ কৰিব। আধাতে বিদ্যালয় এৰাৰ বহু কাৰণ আছে। উচ্চস্তৰীয় কমিটীযে লিংগভিত্তিক কাৰণ, ভৌগোলিক পৰিৱেশ আৰু আর্থ-সামাজিক অৱস্থা অনুসৰি তথ্য সংগ্ৰহ কৰি আধাতে বিদ্যালয় এৰাৰ কাৰকসমূহ চিহ্নিত কৰিবলৈ বিশদ অধ্যয়ন চলাব। এই অধ্যয়নে বিদ্যালয় এৰাৰ আঁৰৰ মূল কাৰণসমূহ যেনে- আগতীয়াকৈ বিবাহপাশত আবদ্ধ হোৱা, ঘৰুৱা দায়িত্ব, দৰিদ্ৰতা আদিও মূল্যায়ন কৰিব। এই অধ্যয়নৰ ভিত্তিত দলটোৱে ১৫-০৮-২০২৫ৰ ভিতৰত পৰামৰ্শসহ প্রতিবেদন অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এক বিস্তৃত মূল্যায়ন প্রতিবেদন দাখিল কৰিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু