--°C
Loading...
Listen to Article
6 min read
80%

In Short

  • এই বৈঠকত দলটোৰ কেন্দ্ৰীয় নীতি নির্ধাৰক সমিতিৰ সদস্যসকলৰ লগতে ২৮গৰাকী বিজয়ী প্রার্থীয়েও অংশগ্ৰহণ কৰে।

ডিজিটেল ডেস্ক : বি টি চিৰ নিৰ্বাচনত শাসকীয় ইউ পি পি এল-বিজেপি সাব্যস্ত কৰাৰ পাছতে কালি মিত্ৰজোঁটৰ বিৰুদ্ধে বৃহৎ বিজয় কোকৰাঝাৰৰ অতিথিশালাত বি পি এফৰ নীতি নিৰ্ধাৰক সমিতিৰ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। 


এই বৈঠকত দলটোৰ কেন্দ্ৰীয় নীতি নির্ধাৰক সমিতিৰ সদস্যসকলৰ লগতে ২৮গৰাকী বিজয়ী প্রার্থীয়েও অংশগ্ৰহণ কৰে। বি টি চি চৰকাৰ গঠন সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত এই বৈঠকৰ অন্তত বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে এখন সংবাদমেল সম্বোধন কৰে। 


হাগ্রামা মহিলাৰীয়ে বি পি এফৰ ২৮গৰাকীকৈ প্রার্থীয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ বাবে সকলো পক্ষলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ পাছতে হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশত সংবাদমেলত বি পি এফৰ উপ-সভাপতি শুদ্ধ বসুমতাৰীয়ে কালিৰ বৈঠকত সৰ্বসম্মতিক্রমে গৃহীত প্ৰস্তাৱসমূহৰ বিষয়ে অৱগত কৰে। 


বসুমতাৰীয়ে জনোৱা মতে কালিৰ বৈঠকৰ পূৰ্বে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু বড়োলেণ্ড আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত এক মিনিট সময় মৌন প্রার্থনা কৰা হয়। মৌন প্রার্থনাৰ অন্তত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ৩ অক্টোবৰৰ শপত গ্রহণ অনুষ্ঠানৰ পূৰ্বে দোতমাত বডোফা উপেন্দ্রনাথ ব্ৰহ্মক দলৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। কালিৰ বৈঠকত দলে বৃহৎ জয়ৰ বাবে সমগ্র বি টি চিবাসীৰ লগতে বি পি এফৰ সমূহ কর্মীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বৈঠকত হাগ্রামা মহিলাৰী সর্বসম্মতিক্রমে বি টি চি পৰিষদৰ বি পি এফৰ বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হয়। একেদৰে ৰিহন দৈমাৰী উপ-নেতা হিচাপে নির্বাচিত হয়। 


আনহাতে দেৰহাছাৎ বসুমতাৰীক দলৰ চীফ ইলেকশ্যন হুইপ আৰু মহেশ্বৰ বসুমতাৰীক বি পি এফ লেছিছলেটিভ পার্টিৰ সচিব হিচাপে বৈঠকে নির্বাচিত কৰে। সংবাদমেলত সদৰী কৰা অনুযায়ী বি টি চিৰ চৰকাৰ গঠন সম্পর্কে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি পি এফৰ বিজয়ী প্রার্থীসকলে আজি অর্থাৎ ২৮ ছেপ্টেম্বৰত ৰাজ্যপালৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰিব। ৰাজ্যপালক সাক্ষাৎ কৰাৰ অন্তত অহা ৩ অক্টোবৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত কার্যবাহী সদস্যসকলে শপতগ্ৰহণ কৰিব। এই শপতগ্রহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্যই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হ'ব। শপতগ্রহণ অনুষ্ঠানলৈ ত্ৰিপুৰাৰ ৰজা প্রদ্যুৎ বিক্ৰম মাণিক্যক সম্মানীয় অতিথি হিচাপে আমন্ত্রণ জনোৱাৰ লগতে অসমৰ প্ৰতিখন স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী আৰু প্ৰতিটো ৰাজনৈতিক দলৰ মুৰব্বীসকলক আমন্ত্রণ জনোৱাৰ কথাও সদৰী কৰে শুদ্ধ বসুমতাৰীয়ে। আনহতে সংবাদমেলত হাগ্রামা মহিলাৰীয়ে আজি অর্থাৎ ২৮ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বুলিও জানিবলৈ দিয়ে। 


বিজেপি দলে সমর্থন দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা সন্দৰ্ভত সংবাদিকে প্রশ্ন কৰাত হাগ্রামা মহিলাৰীয়ে উক্ত ঘোষণাক আদৰণি জনাইছে বুলি মন্তব্য কৰে। কেৱল বিজেপি দলেই নহয়, নবগঠিত বি টি চি চৰকাৰখনে যাতে সকলোকে সমানভাবে আগুৱাই লৈ যাব পাৰে তাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে সমৰ্থন কৰিলে আদৰণি জনাব বুলিও মন্তব্য কৰে বি পি এফ প্রধানগৰাকীয়ে। তেওঁ আৰু কয় যে ইস্তাহাৰত যিসমূহ ঘোষণা কৰা হৈছিল সেইধৰণে প্রতিশ্রুতিসমূহ পূৰণ কৰিবলৈ বি পি এফ দলে কাম কৰি যাব। ৰাইজে যিদৰে বি পি এফক সন্মান দি বৃহৎ বিজয়ৰ সোৱাদ দিছে ঠিক তেনেকৈ বি পি এফৰ চৰকাৰেও ৰাইজক সকলোখিনি দিবলৈ চেষ্টা চলাই যাব বুলিও কয় হাগ্রামা মহিলাৰীয়ে। 


আনহাতে সাংবাদিকৰ আন এক প্রশ্নোত্তৰত হাগ্রামা মহিলাৰীয়ে কয় যে যদিহে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে অহা তিনি অক্টোবৰত শপত গ্রহণ অনুষ্ঠানত উপস্থিত থকাৰ বাবে নিশ্চয়তা দিয়ে তেনেহ'লে বি টিচি সচিবালয়ত তিনি অক্টোবৰত শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে যদিহে সিদিনাখন উপস্থিতিৰ নিশ্চয়তা প্রদান কৰিব নোৱাৰে তেনেহলে ৰাজ্যপাল আৰু মুখ্যমন্ত্রীয়ে দিয়া সময় অনুসৰি শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ইপিনে সাংবাদিকৰ আন এক প্রশ্নোত্তৰত নৱগঠিত চৰকাৰে প্রথমে ভূমি পট্টা দিয়াৰ বাবে কাম কৰিব বুলি সদৰী কৰি নিৰ্বাচনী ইস্তাহাৰত থকা সকলো প্রতিশ্রুতিয়েই সম্পূৰ্ণৰূপে ৰূপায়ণ কৰা হ'ব বুলি সদৰী কৰিছে হাগ্রামা মহিলাৰীয়ে। উল্লেখযোগ্য যে কালি বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত সহস্রাধিক সমর্থকে অতিথিশালাৰ বাহিৰত ভিৰ কৰে। তদুপৰি সমৰ্থকসকলে হাগ্রামা মহিলাৰীসহ নির্বাচিত ২৮গৰাকী প্রতিনিধিকে সম্বর্ধনা জ্ঞাপন কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পানীত তিয়াই থোৱা কিচমিচৰ আছে অনেক চমৎকাৰী গুণ! আপুনি বাৰু এনেকৈ খায়নে?
লিভাৰৰ বাবে মহৌষধ হালধি! আচাৰ্য বালকৃষ্ণই জনালে কেনেদৰে কৰিব লাগে ব্যৱহাৰ
১০ মাহত ৮৯৯ কৃষকৰ আত্মহত্যা মহাৰাষ্ট্ৰত, ৮ জিলাত বৃষ্টিপাত-বানৰ বাবে শস্য নষ্ট
দেশত প্রতি আঠ মিনিটত এটিকে শিশু নিখোঁজ, ৯ ডিচেম্বৰৰ ভিতৰত আৱশ্যকীয় কাৰ্যপন্থা ল'বলৈ কেন্দ্রক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা; আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক
ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন
দিল্লী বিস্ফোৰণৰ আঁৰত পাকিস্তানী ঔৰংজেৱ
বিহাৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে জানো আহক
ক্ষুদ্র চাহ খেতিয়কক কেঁচা পাতৰ ন্যায্য মূল্য দিবলৈ দাবী
২০২৬ত বিজেপিৰ লক্ষ্য পশ্চিম বংগ
কনিষ্ঠতম বিধায়িকাৰ স্বীকৃতি পালে মৈথিলী ঠাকুৰে, লোকসংগীতৰ শিল্পীৰ পৰা ৰাজনীতিক হোৱাৰ যাত্ৰা
বালাজান আৰক্ষীৰ সফলতা; বৃহৎপৰিমাণৰ গাঁজাসহ আটক সৰবৰাহকাৰী কুতুবউদ্দিন আলী