--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ভাৰতীয় দলে দীর্ঘদিনৰ বিৰতিৰ পাছত খেল পথাৰত নমা সত্ত্বেও ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামৰ দৰ্শকৰ আসন খালী আছিল। প্রথমবাৰৰ বাবে ডুবাইত ভাৰতে খেলা মেচৰ প্রতি ক্রিকেটপ্রেমীয়ে অনীহা প্রকাশ কৰিলে।

ডিজিটেল ডেস্ক : এছিয়া কাপৰ প্রথমখন মেচত ভাৰতে সংযুক্ত আৰব আমিৰাটৰ বিৰুদ্ধে আক্রমণাত্মক খেল প্রদর্শন কৰি মাত্র ২৭টা বলতে জয়ৰ লক্ষ্যত উপনীত হয়। মেচখনত ভাৰতৰ দুর্দান্ত প্রদর্শন সত্ত্বেও ডুবাইৰ ষ্টেডিয়ামত দর্শক প্রায় নাছিল বুলি ক'ব পাৰি। 


ভাৰতীয় দলে দীর্ঘদিনৰ বিৰতিৰ পাছত খেল পথাৰত নমা সত্ত্বেও ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামৰ দৰ্শকৰ আসন খালী আছিল। প্রথমবাৰৰ বাবে ডুবাইত ভাৰতে খেলা মেচৰ প্রতি ক্রিকেটপ্রেমীয়ে অনীহা প্রকাশ কৰিলে। মন কৰিবলগীয়া কথাটো হ'ল বিশ্ব কাপেই হওক বা টি-২০ বিশ্ব কাপেই হওক, বহুদলীয় আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত ভাৰত-পাকিস্তানৰ মেচৰ আকর্ষণ সদায় আন সকলো মেচতকৈ অধিক হয়। 


ভাৰত- পাকিস্তানৰ মেচৰ টিকট বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰ কিছু সময়ৰ পাছতে শেষ হৈ যায়। কিন্তু এছিয়া কাপত ১৪ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মেচৰ টিকটৰ এইবাৰ চাহিদা একেবাৰে কম বুলি জনা গৈছে। মেচখনলৈ মাজত এটা দিন থকা অৱস্থাত এতিয়ালৈকে প্রায় আধা সংখ্যক অর্থাৎ ৫০% টিকট বিক্রী নোহোৱাকৈ পৰি আছে। 


ইফালে ডুবাইৰ ডেনিউব গ্ৰুপৰ উপাধ্যক্ষ আনিছ সাজনে প্রকাশ কৰা মতে তেওঁ এছিয়া কাপৰ প্ৰায় সাতশ টিকট ক্রয় কৰি তেওঁৰ গ্ৰুপৰ কৰ্মচাৰীক বিনামূলীয়াকৈ বিতৰণ কৰে। ইয়াৰে প্রায় ১০০ টিকট ভাৰত আৰু পাকিস্তানৰ মেচৰ। 


মন কৰিবলগীয়া যে এছিয়া কাপৰ এতিয়ালৈকে অনুষ্ঠিত হোৱা তিনিখন মেচতে ষ্টেডিয়ামৰ দৰ্শকৰ আসন প্রায় উকা হৈ থকাটোরে প্রতিযোগিতাৰ আয়োজক বি চি চি আই তথা এছিয়ান ক্রিকেট পৰিষদ উদ্বিগ্ন হৈ পৰাটো নিশ্চিত। এনে অৱস্থাত এ চি চি আৰু বি চি চি আইৰ প্ৰধান ভৰসা হ'ল ভাৰত-পাকিস্তানৰ মেচখন, কিন্তু এই মেচখনৰ আধাখিনি টিকট বিক্রী নোহোৱাত এ চি চি আৰু ব'ৰ্ড উভয়ৰে চিন্তা দুগুণে বৃদ্ধি পাইছে। 


একাংশ বিশেষজ্ঞই প্ৰকাশ কৰা মতে ১৪ ছেপ্টেম্বৰৰ মেচৰ টিকট বিক্রী নোহোৱাৰ এটা প্ৰধান কাৰণ হ'ল পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনা। পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে সকলো ধৰণৰ সম্পর্ক ছেদ কৰে। এনে অৱস্থাত এই মেচখনক লৈ দেশত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে আৰু সামাজিক মাধ্যমত এছিয়া কাপ বিশেষকৈ ভাৰত-পাকিস্তানৰ মেচ বৰ্জনৰ বাবে অভিযান চলাই থকা হৈছে। ইয়াৰ প্ৰভাৱ মেচৰ টিকট বিক্রীত পৰিছে। 


আনহাতে প্রাক্তন ক্রিকেটাৰ তথা ধাৰাভাষ্যকাৰ আকাশ চোপ্রাই প্রকাশ কৰা মতে এছিয়া কাপত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অনুপস্থিতিয়ে মেচৰ আকৰ্ষণ হ্রাস কৰিছে। ইয়াৰ লগতে টিকটৰ অত্যধিক দাম আৰু স্থানীয়ভাৱে প্ৰচাৰৰ অভাৱো ইয়াৰ কাৰণ হ'ব পাৰে বুলি তেওঁ কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ