--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সন্দৰ্ভত সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলমিনৰ নেতা ছাদাব চৌহানে প্ৰশ্ন উত্থাপন কৰিছে।

ডিজিটেল ডেস্কঃ ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ মাজত এছিয়া কাপ ২০২৫ৰ মেগা মেচৰ পূর্বে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে৷ 


পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ খেলখনক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। এই সন্দৰ্ভত সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলমিনৰ নেতা ছাদাব চৌহানে প্ৰশ্ন উত্থাপন কৰিছে।


এছিয়া কাপত ভাৰত-পাকিস্তানৰ খেলখন সন্দৰ্ভত এআইএমআইএমৰ মুখপাত্ৰ ছাদাব চৌহানে কয় যে, ‘পাহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে আমাৰ নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰি ভাৰতত ধৰ্মীয় যুদ্ধ চলাবলৈ ষড়যন্ত্ৰ কৰিছিল, যিটো ভাৰতীয় সেনা আৰু জনসাধাৰণে সম্পূৰ্ণৰূপে বিফল কৰি পেলায়।


'সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে?'


এআইএমআইএমৰ নেতাগৰাকীয়ে আৰু কয়, "ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাই স্পষ্ট কৰি দিছে যে অপাৰেচন সিন্দুৰ চলি আছে। যদি অপাৰেচন সিন্দুৰ চলি আছে আৰু আমি যুদ্ধৰ অৱস্থাত আছো, তেন্তে ক্ৰিকেট মেচ কেনেকৈ হ'ব পাৰে।


তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে, "ক্ৰিকেট দেশতকৈ ডাঙৰ নেকি ? বিচিচিআই দেশতকৈ ডাঙৰ হৈছে নেকি? এইটোও ঘোষণা কৰা হৈছে যে আজি আমি কিথোৰত এখন ডাঙৰ ৰাজহুৱা সভাৰ জৰিয়তে ঘোষণা কৰিবলৈ ওলাইছো যে আমি সকলোৱে এই মেচ বৰ্জন কৰিছো।" তেওঁ আৰু কয় যে, পাকিস্তানে সন্ত্ৰাসবাদ ত্যাগ নকৰালৈকে আমি এনে মেচ চাব নোৱাৰো।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু