--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা পাঁচ বছৰত দেশৰ বিদ্যালয় শিক্ষাত গুৰুতৰ প্ৰভাৱ পৰে ২৩,৫২৯খন চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ বাবে। ২০১৯-২০ চনৰ দেশৰ মুঠ ১০
  • ৩২ লাখখন চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্রাস হৈ ২০২৩-২৪ চনত দেশত মুঠ চৰকাৰী বিদ্যালয়ৰ সংখ্যা ১০
  • ১৭ লাখখন হয়।

ডিজিটেল ডেস্কঃ দেশৰ বিদ্যালয় শিক্ষাত যোৱা পাঁচ বছৰত সৃষ্টি হোৱা বিভিন্ন বৈপৰীত্য ছবিৰ বাবে চৰকাৰী শিক্ষা খণ্ডত উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে। 


২০১৯-২০ আৰু ২০২৩-২৪ চনৰ সময়ছোৱাত দেশৰ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যত মুঠ ৮,৬১৯খন চৰকাৰী বিদ্যালয় সংযোজন কৰা হৈছে আৰু আনহাতে, ২৩,৫২৯খন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে অথবা আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হৈছে। 


ৰাষ্ট্ৰৰ মুঠ পৰিসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ বৃদ্ধিৰে বিহাৰত এই সময়ছোৱাত ৫,৫১০খন নতুন চৰকাৰী বিদ্যালয় স্থাপন কৰা হৈছে। আনহাতে, ৰাজস্থানত ২৫৭৩খন নতুন চৰকাৰী বিদ্যালয় সংযোজন কৰা হৈছে এই সময়ছোৱাত। 


ছট্টিশগড়ত ২৫৬খন, তামিলনাডুত ৯৩খন, মণিপুৰত ৫৮খন, মিজোৰামত ৩৫খন, তেলেংগানাত ২১খন আৰু ছিকিমত ১৩খন নতুনকৈ চৰকাৰী বিদ্যালয় এই সময়ছোৱাত স্থাপন কৰা হৈছিল। 


আনহাতে, যোৱা পাঁচ বছৰত দেশৰ বিদ্যালয় শিক্ষাত গুৰুতৰ প্ৰভাৱ পৰে ২৩,৫২৯খন চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ বাবে। ২০১৯-২০ চনৰ দেশৰ মুঠ ১০.৩২ লাখখন চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্রাস হৈ ২০২৩-২৪ চনত দেশত মুঠ চৰকাৰী বিদ্যালয়ৰ সংখ্যা ১০.১৭ লাখখন হয়। দেশৰ চৰকাৰী বিদ্যালয়সমূহ লক্ষণীয়ভাৱে ২০২০-২১ আৰু ২০২১-২২ চনত হ্রাস পায়, যিসময়ত ৯,৬৬৩খন চৰকাৰী বিদ্যালয় বন্ধ কৰা হৈছে অথবা আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হৈছে। 


পৰিসংখ্যা অনুসৰি, এই সময়ছোৱাত মধ্য প্রদেশত ৬৯৭২খন, ওড়িশাত ৪,৫৮৯খন, জম্মু-কাশ্মীৰত ৪,৩৮০খন আৰু অসমত ২,১৪৯খন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছিল। 


উল্লেখযোগ্য যে এই পৰিসংখ্যা বিদ্যালয় শিক্ষা বিভাগে প্রকাশ কৰা তথ্য অনুসৰি প্ৰকাশ কৰা হৈছে। শিশুৰ বাবে মুক্ত আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন, ২০০৯ৰ অধীনত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহে চৰকাৰী বিদ্যালয় স্থাপন, সংলগ্নকৰণ অথবা বন্ধ কৰাৰ সিদ্ধান্ত লয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ অনুসৰি দেশৰ চৰকাৰী শিক্ষা খণ্ডলৈ আমূল পৰিৱৰ্তন অনাৰ চেষ্টা কৰা হৈছে যদিও এনেধৰণৰ চৰকাৰী বিদ্যালয়ৰ সংখ্যা কমি যোৱাৰ ফলত চৰকাৰী শিক্ষা খণ্ডৰ বাবে যে বিপদ-ঘণ্টা নামিব, সেয়া সহজেই অনুমেয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু