--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • যোৱা পাঁচ বছৰত দেশৰ বিদ্যালয় শিক্ষাত গুৰুতৰ প্ৰভাৱ পৰে ২৩,৫২৯খন চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ বাবে। ২০১৯-২০ চনৰ দেশৰ মুঠ ১০
  • ৩২ লাখখন চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্রাস হৈ ২০২৩-২৪ চনত দেশত মুঠ চৰকাৰী বিদ্যালয়ৰ সংখ্যা ১০
  • ১৭ লাখখন হয়।

ডিজিটেল ডেস্কঃ দেশৰ বিদ্যালয় শিক্ষাত যোৱা পাঁচ বছৰত সৃষ্টি হোৱা বিভিন্ন বৈপৰীত্য ছবিৰ বাবে চৰকাৰী শিক্ষা খণ্ডত উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে। 


২০১৯-২০ আৰু ২০২৩-২৪ চনৰ সময়ছোৱাত দেশৰ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যত মুঠ ৮,৬১৯খন চৰকাৰী বিদ্যালয় সংযোজন কৰা হৈছে আৰু আনহাতে, ২৩,৫২৯খন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে অথবা আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হৈছে। 


ৰাষ্ট্ৰৰ মুঠ পৰিসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ বৃদ্ধিৰে বিহাৰত এই সময়ছোৱাত ৫,৫১০খন নতুন চৰকাৰী বিদ্যালয় স্থাপন কৰা হৈছে। আনহাতে, ৰাজস্থানত ২৫৭৩খন নতুন চৰকাৰী বিদ্যালয় সংযোজন কৰা হৈছে এই সময়ছোৱাত। 


ছট্টিশগড়ত ২৫৬খন, তামিলনাডুত ৯৩খন, মণিপুৰত ৫৮খন, মিজোৰামত ৩৫খন, তেলেংগানাত ২১খন আৰু ছিকিমত ১৩খন নতুনকৈ চৰকাৰী বিদ্যালয় এই সময়ছোৱাত স্থাপন কৰা হৈছিল। 


আনহাতে, যোৱা পাঁচ বছৰত দেশৰ বিদ্যালয় শিক্ষাত গুৰুতৰ প্ৰভাৱ পৰে ২৩,৫২৯খন চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ বাবে। ২০১৯-২০ চনৰ দেশৰ মুঠ ১০.৩২ লাখখন চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্রাস হৈ ২০২৩-২৪ চনত দেশত মুঠ চৰকাৰী বিদ্যালয়ৰ সংখ্যা ১০.১৭ লাখখন হয়। দেশৰ চৰকাৰী বিদ্যালয়সমূহ লক্ষণীয়ভাৱে ২০২০-২১ আৰু ২০২১-২২ চনত হ্রাস পায়, যিসময়ত ৯,৬৬৩খন চৰকাৰী বিদ্যালয় বন্ধ কৰা হৈছে অথবা আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হৈছে। 


পৰিসংখ্যা অনুসৰি, এই সময়ছোৱাত মধ্য প্রদেশত ৬৯৭২খন, ওড়িশাত ৪,৫৮৯খন, জম্মু-কাশ্মীৰত ৪,৩৮০খন আৰু অসমত ২,১৪৯খন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছিল। 


উল্লেখযোগ্য যে এই পৰিসংখ্যা বিদ্যালয় শিক্ষা বিভাগে প্রকাশ কৰা তথ্য অনুসৰি প্ৰকাশ কৰা হৈছে। শিশুৰ বাবে মুক্ত আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন, ২০০৯ৰ অধীনত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহে চৰকাৰী বিদ্যালয় স্থাপন, সংলগ্নকৰণ অথবা বন্ধ কৰাৰ সিদ্ধান্ত লয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ অনুসৰি দেশৰ চৰকাৰী শিক্ষা খণ্ডলৈ আমূল পৰিৱৰ্তন অনাৰ চেষ্টা কৰা হৈছে যদিও এনেধৰণৰ চৰকাৰী বিদ্যালয়ৰ সংখ্যা কমি যোৱাৰ ফলত চৰকাৰী শিক্ষা খণ্ডৰ বাবে যে বিপদ-ঘণ্টা নামিব, সেয়া সহজেই অনুমেয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement