--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অঞ্চলটোৰ বিভিন্ন প্রান্তত দেখা দিয়া এক অচিন ৰোগৰ প্ৰাদুৰ্ভাৱত চকুৰ সন্মুখতে পচি নষ্ট হৈছে শ শ বিঘা পকা আলু খেতি।

ডিজিটেল ডেস্ক : নামনি অসমৰ কৃষি অর্থনীতিত বিশেষ স্থান দখল কৰি অহা বৰপেটা জিলাৰ বাঘবৰ অঞ্চলত সম্প্রতি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ আলু খেতিৰ বাবে বিখ্যাত বৰপেটাৰ নৱগঠিত মন্দিয়া সমষ্টিৰ বিস্তীর্ণ পথাৰত এতিয়া কেৱল হতাশাৰ ছাঁ।


অঞ্চলটোৰ বিভিন্ন প্রান্তত দেখা দিয়া এক অচিন ৰোগৰ প্ৰাদুৰ্ভাৱত চকুৰ সন্মুখতে পচি নষ্ট হৈছে শ শ বিঘা পকা আলু খেতি। প্রাপ্ত অনুসৰি, মন্দিয়া পাথাৰ, মান্দিয়া বৰদলনি, সত্ৰকণৰা, শিলোচী পথাৰ, ৰাজীৱ নগৰ, মিলিজুলি আৰু সাতভিটা আদি অঞ্চলত এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। 


সেউজীয়া হৈ থকা পথাৰবোৰত হঠাৎ আলু গছবোৰ পচিবলৈ আৰম্ভ কৰিছে। বাঘবৰৰ অধিকাংশ কৃষকেই দৰিদ্ৰ আৰু খেতিৰ ওপৰতে নিৰ্ভৰশীল। ঋণ-ধাৰ লৈ কৰা খেতিত আশাত চেঁচাপানী পৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, প্রতিবিঘা মাটিত প্রায় ৩৫ হাজাৰ টকা খৰচ কৰি কৃষকে এই খেতি কৰিছিল। ইয়াৰ বাবে বহু কৃষকে মহাজনৰ পৰা সুতত টকা ধাৰলৈ লৈছে অথবা বেংকৰ পৰা ঋণ লৈছে। আশা আছিল, ভাল ফচল পালে ধাৰ মাৰি পৰিয়ালটো পোহপাল দিব। কিন্তু প্ৰকৃতিৰ ৰোষত পৰি এতিয়া মূৰে-কপালে হাত দিছে এইসকল কৃষকে। 


ভুক্তভোগী কৃষক এজনৰ ভাষ্য মতে, 'আমি ধাৰ-ঋণ কৰি তেজক পানী কৰি খেতি কৰিছিলোঁ। কিন্তু এতিয়া পথাৰলৈ গ'লে কান্দোন আহে। অইন বছৰতকৈ এইবাৰ এই বেমাৰ বৰ ভয়ানক ৰূপত দেখা দিছে।' পৰিস্থিতি চম্ভালিবলৈ খেতিয়কসকলে সাধ্যানুসাৰে চেষ্টা চলাইছে। বজাৰৰ পৰা বহু দামী পচন নিবাৰক দৰৱ আৰু কীটনাশক আনি পথাৰত প্ৰয়োগ কৰিছে যদিও কোনো সুফল পোৱা নাই। কৃষি বিভাগৰ পৰা উপযুক্ত পৰামৰ্শৰ অভাৱত কৃষকে নিজেই ঔষধ ক্রয় কৰিও ফচল বচাব পৰা নাই বুলি অভিযোগ উঠিছে। এই সংকটৰ সময়ত দিশহাৰা হৈ পৰা কৃষকসকলে চৰকাৰ আৰু কৃষি বিভাগৰ হস্তক্ষেপ কামনা কৰিছে। 


বৰপেটা জিলা কৃষি বিভাগৰ বিষয়ববীয়াক অতিশীঘ্ৰে ক্ষতিগ্রস্ত অঞ্চলসমূহ বিশেষকৈ মন্দিয়াৰ বৰদলনি আৰু শিলোচী পথাৰ, সাতভিটা, সত্ৰকণৰা অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'বলৈ আহ্বান জনাইছে। লগতে এই অচিন ৰোগ চিনাক্ত কৰি ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিবলৈ আৰু ক্ষতিগ্রস্ত কৃষকক উপযুক্ত সাহায্য প্রদান কৰিবলৈ দাবী জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ