--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অঞ্চলটোৰ বিভিন্ন প্রান্তত দেখা দিয়া এক অচিন ৰোগৰ প্ৰাদুৰ্ভাৱত চকুৰ সন্মুখতে পচি নষ্ট হৈছে শ শ বিঘা পকা আলু খেতি।

ডিজিটেল ডেস্ক : নামনি অসমৰ কৃষি অর্থনীতিত বিশেষ স্থান দখল কৰি অহা বৰপেটা জিলাৰ বাঘবৰ অঞ্চলত সম্প্রতি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ আলু খেতিৰ বাবে বিখ্যাত বৰপেটাৰ নৱগঠিত মন্দিয়া সমষ্টিৰ বিস্তীর্ণ পথাৰত এতিয়া কেৱল হতাশাৰ ছাঁ।


অঞ্চলটোৰ বিভিন্ন প্রান্তত দেখা দিয়া এক অচিন ৰোগৰ প্ৰাদুৰ্ভাৱত চকুৰ সন্মুখতে পচি নষ্ট হৈছে শ শ বিঘা পকা আলু খেতি। প্রাপ্ত অনুসৰি, মন্দিয়া পাথাৰ, মান্দিয়া বৰদলনি, সত্ৰকণৰা, শিলোচী পথাৰ, ৰাজীৱ নগৰ, মিলিজুলি আৰু সাতভিটা আদি অঞ্চলত এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। 


সেউজীয়া হৈ থকা পথাৰবোৰত হঠাৎ আলু গছবোৰ পচিবলৈ আৰম্ভ কৰিছে। বাঘবৰৰ অধিকাংশ কৃষকেই দৰিদ্ৰ আৰু খেতিৰ ওপৰতে নিৰ্ভৰশীল। ঋণ-ধাৰ লৈ কৰা খেতিত আশাত চেঁচাপানী পৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, প্রতিবিঘা মাটিত প্রায় ৩৫ হাজাৰ টকা খৰচ কৰি কৃষকে এই খেতি কৰিছিল। ইয়াৰ বাবে বহু কৃষকে মহাজনৰ পৰা সুতত টকা ধাৰলৈ লৈছে অথবা বেংকৰ পৰা ঋণ লৈছে। আশা আছিল, ভাল ফচল পালে ধাৰ মাৰি পৰিয়ালটো পোহপাল দিব। কিন্তু প্ৰকৃতিৰ ৰোষত পৰি এতিয়া মূৰে-কপালে হাত দিছে এইসকল কৃষকে। 


ভুক্তভোগী কৃষক এজনৰ ভাষ্য মতে, 'আমি ধাৰ-ঋণ কৰি তেজক পানী কৰি খেতি কৰিছিলোঁ। কিন্তু এতিয়া পথাৰলৈ গ'লে কান্দোন আহে। অইন বছৰতকৈ এইবাৰ এই বেমাৰ বৰ ভয়ানক ৰূপত দেখা দিছে।' পৰিস্থিতি চম্ভালিবলৈ খেতিয়কসকলে সাধ্যানুসাৰে চেষ্টা চলাইছে। বজাৰৰ পৰা বহু দামী পচন নিবাৰক দৰৱ আৰু কীটনাশক আনি পথাৰত প্ৰয়োগ কৰিছে যদিও কোনো সুফল পোৱা নাই। কৃষি বিভাগৰ পৰা উপযুক্ত পৰামৰ্শৰ অভাৱত কৃষকে নিজেই ঔষধ ক্রয় কৰিও ফচল বচাব পৰা নাই বুলি অভিযোগ উঠিছে। এই সংকটৰ সময়ত দিশহাৰা হৈ পৰা কৃষকসকলে চৰকাৰ আৰু কৃষি বিভাগৰ হস্তক্ষেপ কামনা কৰিছে। 


বৰপেটা জিলা কৃষি বিভাগৰ বিষয়ববীয়াক অতিশীঘ্ৰে ক্ষতিগ্রস্ত অঞ্চলসমূহ বিশেষকৈ মন্দিয়াৰ বৰদলনি আৰু শিলোচী পথাৰ, সাতভিটা, সত্ৰকণৰা অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'বলৈ আহ্বান জনাইছে। লগতে এই অচিন ৰোগ চিনাক্ত কৰি ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিবলৈ আৰু ক্ষতিগ্রস্ত কৃষকক উপযুক্ত সাহায্য প্রদান কৰিবলৈ দাবী জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু