--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এটা বিবৃতিত ভাৰতৰ বিদেশ মন্ত্র্যালয়ে কয় যে শেহতীয়াকৈ বাংলাদেশত সংঘটিত কিছু ঘটনাৰ বাবে উগ্রপন্থী শক্তিয়ে প্ৰচাৰ কৰা মিছা কথা ভাৰতে সম্পূৰ্ণভাৱে নাকচ কৰে।

ডিজিটেল ডেস্ক : ছাত্ৰৰ নেতৃত্বাধীন প্রবল আন্দোলনৰ বাবে যোৱা বছৰ বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী ক্ষমতাচয়াত হোৱাৰ পাছৰ পৰাই ভাৰতৰ সৈতে দেশখনৰ সম্পৰ্কৰ অৱনতি ঘটিল। কিন্তু শেহতীয়া সময়বোৰত দেশখনত মৌলবাদী শক্তিৰ উত্থান তথা আধিপত্য বৃদ্ধিৰ লগে লগে দুয়োখন দেশৰ সম্পৰ্কৰ অধিক অৱনতি ঘটি বর্তমান এক উদ্বেগজনক অৱস্থাত আছে। 



ইয়াৰ মাজতে নির্দিষ্ট কিছু উগ্রপন্থী উপাদানে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ চৌপাশে নিৰাপত্তাজনিত পৰিস্থিতিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰৰ কথা ঘোষণা কৰাৰ পাছতে বুধবাৰে ভাৰতে দিল্লীত থকা বাংলাদেশৰ উচ্চাযুক্ত ৰিয়াজ হামিদুল্লাক তলব কৰে। 


এটা বিবৃতিত ভাৰতৰ বিদেশ মন্ত্র্যালয়ে কয় যে শেহতীয়াকৈ বাংলাদেশত সংঘটিত কিছু ঘটনাৰ বাবে উগ্রপন্থী শক্তিয়ে প্ৰচাৰ কৰা মিছা কথা ভাৰতে সম্পূৰ্ণভাৱে নাকচ কৰে। উল্লেখযোগ্য যে সোমবাৰে ঢাকাৰ কেন্দ্ৰীয় শ্বহীদ মিনাৰত ইনকিলাব মঞ্চই আহ্বান জনোৱা এক সর্বদলীয় প্রতিবাদী সমাৱেশত অংশ গ্রহণ কৰি নেশ্যনেল চিটিজেন পার্টি (এন চি পি)-ৰ নেতা হাচানাত আব্দুল্লাই দাবী কৰিছিল যে দেশখনৰ নিৰ্বাচন প্ৰক্ৰিয়াত কূটাঘাতৰ চেষ্টা কৰা আৰু শেহতীয়াকৈ সোঁপন্থী কর্মী ওচমান হাদীৰ আক্ৰমণত জড়িত থকা 'বিশৃংখলা সৃষ্টিকাৰীসকল'-এ ভাৰতৰ পৰা সাহায্য লাভ কৰিছে। 


সীমান্ত পাৰ হৈ বাংলাদেশী নাগৰিকক হত্যা কৰাত ভাৰত চৰকাৰ জড়িত বুলিও তেওঁ অভিযোগ কৰিছিল। ইফালে হামিদুল্লাক তলব কৰাৰ কিছু সময়ৰ পাছতে বিদেশ মন্ত্রালয়ে কয়, 'এয়া দুর্ভাগ্যজনক যে অন্তবর্তী চৰকাৰে পুংখানুপুংখ তদন্তও কৰা নাই নাইবা ভাৰতক অর্থপূর্ণ সাক্ষ্য-প্রমাণৰ বিষয়েও জনোৱা নাই।' 


বিবৃতিটোত মন্ত্রালয়ে আৰু জনায় যে বাংলাদেশৰ উচ্চায়ুক্তক কিছু বিষয়ত দৃষ্টি আকর্ষণ কৰোৱা হয়। বিশেষকৈ ঢাকাত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ চৌপাশে নিৰাপত্তাজনিত পৰিস্থিতিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰৰ কথা ঘোষণা কৰা কিছু উগ্রপন্থী কার্যকলাপ বিষয়ত। 


মন কৰিবলগীয়া যে বাংলাদেশত এখন প্রতিবাদী সভাত ৰাজনৈতিক নেতাই 'সাতভনী' ৰূপে খ্যাত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়াৰ এদিনৰ পাছতে ভাৰতে দেশখনৰ উচ্চায়ুক্তক তলব কৰে। ১৬ ডিচেম্বৰত ভাৰতে বাংলাদেশ সৃষ্টি কৰা, পাকিস্তানৰ বিৰুদ্ধে ১৯৭১ চনৰ মুক্তি যুদ্ধৰ বিজয়ৰ বাৰ্ষিকী উদযাপন কৰাৰ পাছতেই এই কূটনৈতিক কাৰ্যব্যৱস্থা ভাৰতে গ্ৰহণ কৰে। 


বাংলাদেশৰ আগন্তুক নিৰ্বাচনৰ আগত দেশখনত ভাৰত-বিৰোধী কথা-বতৰা, মন্তব্য-বক্তব্য বৃদ্ধিৰ মাজতে এই তলবে দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনাকে প্রতিফলিত কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ