--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আঘাতৰ বাবে প্ৰথম দিনা ৩৭ ৰানত অৱসৰ লোৱা পন্টে বৃহস্পতিবাৰে দ্বিতীয় দিনা মুঠ ৭৫টা বলত ৫৪ ৰান কৰি আউট হয়।

ডিজিটেল ডেস্ক : সোঁ ভৰিৰ আঙুলি ভঙা সত্ত্বেও বেটিং কৰিবলৈ অহা ঋষভ পণ্টৰ সাহসী অর্ধ-শতৰানৰ সহায়ত ভাৰতে বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থখন টেষ্টত ৩৫৮ ৰানত প্রথম ইনিংছ সামৰে।



আঘাতৰ বাবে প্ৰথম দিনা ৩৭ ৰানত অৱসৰ লোৱা পন্টে বৃহস্পতিবাৰে দ্বিতীয় দিনা মুঠ ৭৫টা বলত ৫৪ ৰান কৰি আউট হয়। দলীয় স্ক'ৰ ৬ উইকেটত ৩১৪ ৰানত ছাৰ্দুল ঠাকুৰ (৪১) পেভিলিয়নলৈ উভতি যোৱাৰ সময়তে বেট ধৰিবলৈ অহা পন্টে তিনিটা চাৰি আৰু দুটা ছয়েৰে নিজৰ অর্ধ-শতৰানৰ ইনিংছটো সজায়।


তাৰ আগেয়ে ভাৰতে আগদিনাৰ স্ক'ৰ ৪ উইকেটত ২৬৪ ৰানৰ পৰা খেল আৰম্ভ কৰি প্ৰথমেই হেৰুৱাই ৰবীন্দ্ৰ জাদেজাৰ উইকেট। প্রথম দিনা ১৯ ৰানত বেট ধৰি থকা জাদেজাই কালি মাথোঁ ১ ৰান যোগ দি জুফ্রা আৰ্চাৰৰ বলত আউট হয়। ইয়াৰ পাছত ছাৰ্দুল ঠাকুৰ (৪১) আৰু ৱাশ্বিংটন সুন্দৰে ষষ্ঠ উইকেটত ৪৮ ৰানৰ যুটি বান্ধে। ৱাশ্বিংটনে ২৭ৰান কৰি বিদায় লয়। টেষ্টত অভিষেক ঘটোৱা অনছুল কমবুজে কোনো ৰান নকৰাকৈ আউট হোৱাৰ পাছত পণ্টে দলীয় স্ক'ৰ ৩৪৯ ৰানত ক্রিজ এৰে।


যশপ্রীত বুমৰাহে ৪ ৰানত আউট হোৱাত মহম্মদ ছিৰাজে ৫ ৰানত আউট নোহোৱাকৈ থাকে। ইংলেণ্ডৰ হৈ বেন ষ্টোকছে সর্বাধিক ৫টা আৰু আর্চাৰে তিনিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে জাক ক্রলী (৮৪) আৰু বেন ডাকেটৰ (৯৪) বেটিং বিক্ৰমেৰে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছে দুই উইকেটত ২২৫ ৰান। দ্বিতীয় দিনৰ সামৰণিত অলি পপে ২০ আৰু জু ৰোটে ১১ ৰানত বেট ধৰি থাকে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু