--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আঘাতৰ বাবে প্ৰথম দিনা ৩৭ ৰানত অৱসৰ লোৱা পন্টে বৃহস্পতিবাৰে দ্বিতীয় দিনা মুঠ ৭৫টা বলত ৫৪ ৰান কৰি আউট হয়।

ডিজিটেল ডেস্ক : সোঁ ভৰিৰ আঙুলি ভঙা সত্ত্বেও বেটিং কৰিবলৈ অহা ঋষভ পণ্টৰ সাহসী অর্ধ-শতৰানৰ সহায়ত ভাৰতে বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থখন টেষ্টত ৩৫৮ ৰানত প্রথম ইনিংছ সামৰে।



আঘাতৰ বাবে প্ৰথম দিনা ৩৭ ৰানত অৱসৰ লোৱা পন্টে বৃহস্পতিবাৰে দ্বিতীয় দিনা মুঠ ৭৫টা বলত ৫৪ ৰান কৰি আউট হয়। দলীয় স্ক'ৰ ৬ উইকেটত ৩১৪ ৰানত ছাৰ্দুল ঠাকুৰ (৪১) পেভিলিয়নলৈ উভতি যোৱাৰ সময়তে বেট ধৰিবলৈ অহা পন্টে তিনিটা চাৰি আৰু দুটা ছয়েৰে নিজৰ অর্ধ-শতৰানৰ ইনিংছটো সজায়।


তাৰ আগেয়ে ভাৰতে আগদিনাৰ স্ক'ৰ ৪ উইকেটত ২৬৪ ৰানৰ পৰা খেল আৰম্ভ কৰি প্ৰথমেই হেৰুৱাই ৰবীন্দ্ৰ জাদেজাৰ উইকেট। প্রথম দিনা ১৯ ৰানত বেট ধৰি থকা জাদেজাই কালি মাথোঁ ১ ৰান যোগ দি জুফ্রা আৰ্চাৰৰ বলত আউট হয়। ইয়াৰ পাছত ছাৰ্দুল ঠাকুৰ (৪১) আৰু ৱাশ্বিংটন সুন্দৰে ষষ্ঠ উইকেটত ৪৮ ৰানৰ যুটি বান্ধে। ৱাশ্বিংটনে ২৭ৰান কৰি বিদায় লয়। টেষ্টত অভিষেক ঘটোৱা অনছুল কমবুজে কোনো ৰান নকৰাকৈ আউট হোৱাৰ পাছত পণ্টে দলীয় স্ক'ৰ ৩৪৯ ৰানত ক্রিজ এৰে।


যশপ্রীত বুমৰাহে ৪ ৰানত আউট হোৱাত মহম্মদ ছিৰাজে ৫ ৰানত আউট নোহোৱাকৈ থাকে। ইংলেণ্ডৰ হৈ বেন ষ্টোকছে সর্বাধিক ৫টা আৰু আর্চাৰে তিনিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে জাক ক্রলী (৮৪) আৰু বেন ডাকেটৰ (৯৪) বেটিং বিক্ৰমেৰে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছে দুই উইকেটত ২২৫ ৰান। দ্বিতীয় দিনৰ সামৰণিত অলি পপে ২০ আৰু জু ৰোটে ১১ ৰানত বেট ধৰি থাকে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ